গিগাবাইট আৰু ইণ্টেলে কমিক কন গুৱাহাটী-২০২৫ত প্ৰদৰ্শন কৰিব পৰৱৰ্তী প্ৰজন্মৰ পিচি উদ্ভাৱন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 20 November 2025

গিগাবাইট আৰু ইণ্টেলে কমিক কন গুৱাহাটী-২০২৫ত প্ৰদৰ্শন কৰিব পৰৱৰ্তী প্ৰজন্মৰ পিচি উদ্ভাৱন

 

W7s news ,,গুৱাহাটী, ২০ নৱেম্বৰ, ২০২৫: ইণ্টেলৰ সহযোগত সৰুসজাই ষ্টেডিয়ামত ২২ৰ পৰা ২৩ নৱেম্বৰলৈ গুৱাহাটীত সৰ্বপ্ৰথমবাৰৰ বাবে অনুষ্ঠিতব্য কমিক কনত মাদাৰব’ৰ্ড, গ্ৰাফিক্স কাৰ্ড আৰু হাই-পাৰফৰ্মেন্স লেপটপৰ দিশত বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান গিগাবাইট টেকন’লজি কোম্পানী লিমিটেডে আত্মপ্ৰকাশ কৰিব৷ এই অনুষ্ঠানত অত্যাধুনিক গেমিং লেপটপ আৰু পিচি প্ৰদৰ্শন কৰা হ’ব৷ যিসমূহ ইণ্টেলৰ দ্বাৰা চালিত।


অহা দুদিনজুৰি গিগাবাইটে শীৰ্ষ গেমিং আৰু প্ৰযুক্তি ক্ৰিয়েটৰৰ লগতে বিভিন্ন ধৰণৰ গেমিং কাৰ্যাৱলীৰ উপৰি দৰ্শকৰ বাবে একচেতিয়া অফাৰৰ বন্দৱস্ত কৰিব। প্ৰথম দিনটোত ইউটিউব গেমিং ক্ৰিয়েটৰ জিমি গেমিঙে সকলো দৰ্শকৰ বাবে লাইভ পিচি-বিল্ডিং অধিৱেশন অনুষ্ঠিত কৰিব আৰু দ্বিতীয়টো দিনত জনপ্ৰিয় ভাৰতীয় প্ৰযুক্তি ইউটিউবাৰ দ্য ইণ্ডিয়ান বাজেট গেমাৰে এ আই সহায়ক ভিডিঅ’ সম্পাদনা, অডিঅ’ ৱৰ্কফ্ল’ আৰু গেমিং পাৰফৰ্মেন্সৰ বিকাশক সামৰি এ আইকেন্দ্ৰিক কৰ্মশালাৰ নেতৃত্ব প্ৰদান কৰিব৷ এই অধিৱেশনসমূহৰ সময়ত দৰ্শকে একচেতিয়া গিগাবাইট ব্যৱসায়িক সামগ্ৰী লাভৰ সুযোগো অৰ্জন কৰিব। ইণ্টেল প্ৰচেছৰৰ দ্বাৰা চালিত উচ্চ কাৰ্যক্ষম গিগাবাইট ডেস্কটপ আৰু গেমিং লেপটপৰ শেহতীয়া সামগ্ৰী প্ৰদৰ্শন কৰা হ’ব৷ য’ত ফ্লেগশ্বিপ অ’ৰাজ মাষ্টাৰ ১৬ আৰু গিগাবাইট জি৬ৰ লগতে গিগাবাইটৰ শেহতীয়া আৰু সৰ্বশ্ৰেষ্ঠ ডেস্কটপ পিচিও ইয়াত থাকিব। অন্যতম মূল আলোকপাত হৈছে অ’ৰাজ কি অ’ ৪৯ ডি কিউ ৪৯ ইঞ্চি আল্ট্ৰা-ৱাইড গেমিং মনিটৰৰ দ্বাৰা চালিত সুসজ্জিত ৰেচিং ছিমুলেটৰ। অনুৰাগীয়ে শেহতীয়া এএএ গেমসমূহ ইয়াত অন্বেষণ কৰিব পাৰে৷ লগতে ২৫ হাজাৰ টকা পুৰস্কাৰসহ দৈনিক গেমিং প্ৰতিযোগিতাত যোগদান কৰিব পাৰে।

গিগাবাইট আৰু ইণ্টেলৰ বুথত চাৰিটা সম্পূৰ্ণ বিন্যাস কৰা উচ্চ-কাৰ্যক্ষম পিচি বিল্ডৰ বৈশিষ্ট্য থাকিব, প্ৰত্যেকেই ব্ৰেণ্ডৰ আটাইতকৈ উন্নত উপাদান আৰু পৰৱৰ্তী প্ৰজন্মৰ অভিযান্ত্ৰিক প্ৰদৰ্শন কৰিব। এই প্ৰণালীসমূহে সমগ্ৰ হাৰ্ডৱেৰত গিগাবাইটৰ নেতৃত্বক উজ্জ্বল কৰি তোলে৷ শক্তিশালী জেড ৮৯০ অ’ৰাজ এক্সট্ৰীম এ আই টপ মাদাৰব’ৰ্ডৰ পৰা আৰম্ভ কৰি শক্তিশালী অ’ৰাজ জিফ’ৰ্চ আৰ টি এক্স ৫০৯০ মাষ্টাৰ ৩২জিৰ সৈতে যোৰ কৰা প্ৰিমিয়াম অ’ৰাজ ৱাটাৰফ’ৰ্চ এক্স ২ ৩৬০ৰ দ্বাৰা শীতলীকৰণ, জিফ’ৰ্চ বৈশিষ্ট্যযুক্ত ক্ৰিয়েটৰ আৰু গেমিং-অনুকূলিত বিন্যাসলৈ সকলো জেড ৮৯০ অ’ৰাজ প্ৰ’ আইচত আৰ টি এক্স ৫০৭০ টি আই এৰ’ অ’চি ১৬জি সজ্জ্বিত৷ বুথটোত বি ৮৯০ এম অ’ৰাজ এলিট ৱাইফাই ৬ইত জিফ’ৰ্চ আৰ টি এক্স ৫০৬০ টি আই গেমিং অ’চি ১৬জিৰ বৈশিষ্ট্যযুক্ত পাৰফৰমেন্স বেলেন্সড বিল্ডসমূহো প্ৰদৰ্শন কৰা হ’ব৷ লগতে জিফ’ৰ্চ আৰ টি এক্স ৫০৮০ মাষ্টাৰ ১৬ জি আৰু গিগাবাইট গেমিং ৩৬০ কুলাৰৰ দ্বাৰা চালিত এটা মূলসুঁতিৰ গেমিং ছেট-আপো ইয়াত প্ৰদৰ্শন কৰা হ’ব। এই পিচিসমূহে একেলগে অত্যাধুনিক অভিযান্ত্ৰিকীকৰণ, তাপ উদ্ভাৱন আৰু শীৰ্ষস্তৰৰ পৰিৱেশন প্ৰদৰ্শন কৰে৷ যি গিগাবাইটৰ শেহতীয়া প্ৰজন্মৰ হাৰ্ডৱেৰক সংজ্ঞায়িত কৰে।

অনুষ্ঠানটোৰ বিষয়ে গিগাবাইট টেকন’লজী ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক সুনীল গ্ৰেৱালে কয়- “কমিক কন গুৱাহাটী হৈছে আমাৰ বাবে অঞ্চলটোৰ আৱেগিক গেমিং আৰু ক্ৰিয়েটৰসকলৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ এক ৰোমাঞ্চকৰ সুযোগ। ইণ্টেলৰ সৈতে আমি পৰৱৰ্তী প্ৰজন্মৰ পিচি পৰিৱেশন, এ আইচালিত ৱৰ্কফ্ল’ আৰু প্ৰতিযোগিতামূলক তথা সৃষ্টিশীল ব্যৱহাৰকাৰী উভয়কে শক্তিশালী কৰিবলৈ নিৰ্মিত নিমজ্জিত গেমিং অভিজ্ঞতা প্ৰদৰ্শন কৰিছোঁ।”

অনুৰাগীসকলে গিগাবাইটৰ শেহতীয়া ফ্লেগশ্বিপ লেপটপসমূহো ব্যৱহাৰৰ চেষ্টা কৰিব পাৰিব, য’ত আছে হাই-এণ্ড গেমিং আৰু উন্নত সৃষ্টিশীল ৱৰ্কলোডৰ বাবে নিৰ্মিত অ’ৰাজ মাষ্টাৰ ১৬৷ লগতে মূলসুঁতিৰ গেমাৰসকলৰ বাবে এটা পৰিৱেশন-চালিত অথচ বাজেট-বন্ধুত্বপূৰ্ণ বিকল্প গিগাবাইট জি৬ আছে৷ হেণ্ডছ-অন অভিজ্ঞতাৰ পৰিপূৰক হিচাপে গিগাবাইটে দুদিনীয়া অনুষ্ঠানত বিশেষ ইভেণ্ট-অনলি ক্ৰয় অফাৰ আৰু আছুতীয়া ডিল প্ৰদান কৰিব৷

অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি https://www.gigabyte.com/in চাওক

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here