W7s news,,গুৱাহাটী: ২৯ অক্টোবৰ,,মেন'পজ কোনো ডাঙৰ ঘোষণা বা বৃহৎ পৰিৱৰ্তনৰ মাজেদি নাহে। ই শান্তভাৱে প্ৰতিফলিত হয় – ৰাতি গৰম অনুভৱ কৰে, কোনো স্পষ্ট কাৰণ নোহোৱাকৈ মেজাজ সলনি হয়, আৰু শক্তিৰ স্তৰ হ্ৰাস পায়। যি কথা বেছিভাগ পৰিয়ালে বুজি নাপায় যে এগৰাকী মহিলাৰ মেন'পজ পৃথকভাৱে নহয়, আৰু সমগ্ৰ পৰিয়ালে এই ঢৌ অনুভৱ কৰে। ৰাতিৰ টোপনিত ব্যাঘাত জন্মা, অস্পষ্ট বিৰক্তিৰ আস্ফালন বা অভাৱনীয় উদ্বেগৰ উত্থান – ই দৈনন্দিন জীৱনৰ ধৰণ সলনি কৰে, এই কথা সহজ ভাষাত বুজাইছে গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটী এণ্ড আইভিএফৰ প্ৰজনন বিশেষজ্ঞা ডাঃ কল্পনা জৈনে।
বেছিভাগ ঘৰতে মেন'পজক ব্যক্তিগত ধুমুহা বা সংকট বুলি গণ্য কৰা হয় – যি মহিলাগৰাকীয়ে নিজেই সহ্য কৰিবলগীয়া হয়। যৌৱন, ঋতুচক্র, গৰ্ভাৱস্থা, আনকি গৰ্ভধাৰণক কেন্দ্ৰ কৰি এতিয়া কিছু পৰিমাণে চৰ্চা আৰম্ভ হৈছে যদিও মেন'পজ প্ৰায়ে মৌন হৈ থাকে বা আলোচনা কৰা নহয়। এই নীৰৱতাই লক্ষণতকৈ অধিক বিচ্ছিন্নতা প্ৰমাণ কৰিব পাৰে।
ভাৰতত মেন'পজ সাধাৰণতকৈ অলপ আগতে আহে – প্ৰায় ৪০ৰ মাজ বয়সত। দহগৰাকীৰ ভিতৰত প্ৰায় নগৰাকীয়ে অন্ততঃ এটা বিঘ্নিতকাৰী লক্ষণ দেখা দিয়ে, হট ফ্লেছ আৰু মেজাজ সালসলনিৰ পৰা আৰম্ভ কৰি গাঁঠিৰ বিষ আৰু ক্লান্তিলৈকে দেখা যায়। কিছুমানৰ বাবে মাহেকীয়া বন্ধ হোৱাৰ প্ৰায় এক দশক আগতেই এই পৰিৱৰ্তন আৰম্ভ হয়। কল্পনা কৰকচোন, ‘মাত্ৰ ভাগৰুৱা’ বা ‘মুডী’ বুলি চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ সময়ত কেনেকুৱা লাগিব!
প্ৰকৃততে চিকিৎসা সেৱা কেৱল আধা সমাধানহে। যি বিষয়টোৱে সঁচাকৈ কাম কৰে, সেইটো হৈছে সহযোগিতা। যিসকল মহিলাই নিজৰ সংগী আৰু পৰিয়ালৰ দ্বাৰা সমৰ্থন অনুভৱ কৰে, সেইসকলে তৎক্ষণাত চিকিৎসা লাভ কৰা, লক্ষণবোৰ নিয়ন্ত্ৰণ কৰা আৰু দীৰ্ঘম্যাদী স্বাস্থ্য সুৰক্ষিত কৰাৰ সম্ভাৱনা অধিক দেখা যায়। একেলগে ৰাতিৰ আহাৰ খোৱাৰ পিছত খোজ কাঢ়িবলৈ যোৱা, মনৰ নিৰ্ভেজাল কথা-বতৰা কোৱা অথবা আনকি বিচাৰ-বিবেচনা নকৰাকৈ মহিলাগৰাকীৰ কথা শুনাটোৱে অকলে সহ্য কৰিব নোৱাৰা অত্যাধিক বোজা কম কৰিব পাৰে।
মেন'পজ স্বাস্থ্যৰ ক্ষেত্ৰত এক পৰিৱর্তনৰ এটা বিন্দু। ইষ্ট্ৰজেনৰ মাত্ৰা হ্ৰাস হোৱাৰ লগে লগে হৃদৰোগ, ডায়েবেটিছ আৰু হাড় ক্ষয় হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এই সময়ছোৱা সাধাৰণতে যত্ন বা দায়িত্ব লোৱাৰ আচল সময় – সন্তান লালন, বৃদ্ধ অভিভাৱকৰ যত্ন, কাম আৰু ঘৰ সামৰিবলগীয়া সময়। সেই কাৰণে পৰিয়ালসমূহো কেৱল সহানুভূতিশীল নহয়, সচেতন হ'ব লাগে। নিয়মিত স্বাস্থ্য পৰীক্ষা, স্বাস্থ্যকৰ আহাৰ আৰু ব্যায়ামৰ দৰে সৰু, দৃঢ় পদক্ষেপে এগৰাকী মহিলাৰ স্বাস্থ্য ৰক্ষাত বৰ সহায় কৰিব পাৰে।

No comments:
Post a Comment