W7s news,,গুৱাহাটী : মেদাণ্ট নামেৰে জনপ্ৰিয় গ্লবেল হেল্থ লিমিটেড সদৰি কৰিছে যে ২০২৫ চনৰ ৩১ অক্টোবৰত গুৱাহাটীৰ সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত আগন্তুক ৪০০খন বিচনাযুক্ত ছুপাৰ স্পেচিয়েলী হাস্পতালৰ বাবে ভূমি পূজন অনুষ্ঠান অনুষ্ঠিত কৰিব। এই শুভ অনুষ্ঠানত ৪০০খন বিচনাযুক্ত এখন অত্যাধুনিক ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ নিৰ্মাণকাৰ্যৰ আৰম্ভণি হ’ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মেদাণ্টৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড° নৰেশ ত্ৰেহান, মেদাণ্টৰ গ্ৰুপ চিইঅ' পংকজ সাহনি, অসম চৰকাৰৰ জ্যেষ্ঠ প্ৰতিনিধি আৰু স্থানীয় জনগোষ্ঠীৰ সদস্য সকলে উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।
গুৱাহাটীৰ হাস্পতালখন বিশ্বমানৰ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ চিকিত্সা যত্ন প্ৰদানৰ বাবে ডিজাইন কৰা হ’ব, যিয়ে সকলো প্ৰধান ছুপাৰ-স্পেচিয়েলিটী আৰু ট্ৰান্সপ্লাণ্ট সুবিধাসমূহৰ এক বিস্তৃত পৰিসৰ সামৰি ল’ব। চিকিৎসালয়খনে লেব, ৰেডিঅ’লজি, নিউক্লিয়াৰ মেডিচিন, প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাকে ধৰি সম্পূৰ্ণ নিদান সেৱাও আগবঢ়াব। আগন্তুক ভুমিপূজন অনুষ্ঠানৰ বিষয়ে সদৰি কৰি মেদাণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেশ ত্ৰেহনে কয় যে, "মেদাণ্টৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাৰ ব্যৱধান দূৰ কৰা আৰু অসম তথা চুবুৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণৰ বাবে উন্নত, উচ্চ মানদণ্ডৰ চিকিৎসা সেৱা অধিক সুলভ কৰি তোলা। "
গুৱাহাটীত এই পদক্ষেপে সমগ্ৰ উত্তৰ-পূবৰ ৰোগীসকলক আকৰ্ষিত কৰি আঞ্চলিক স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপে চহৰখনৰ স্থিতি যথেষ্ট শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ই চিকিৎসা পেছাদাৰীসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব আৰু অঞ্চলটোত নিদান, ফাৰ্মাচিউটিকেলছ আৰু চিকিৎসা সঁজুলি যোগান ধৰোঁতাৰ দৰে সম্পৰ্কিত খণ্ডসমূহক উৎসাহিত কৰিব।
নতুন হাস্পতালখনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৫০ মিলিয়নৰো অধিক লোকক সেৱা আগবঢ়াব, সকলোৰে বাবে সুলভ, সহানুভূতিশীল আৰু উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে মেদাণ্টৰ লক্ষ্যৰ সৈতে সংগতি ৰাখিব।

No comments:
Post a Comment