ধেমাজিৰ কুলাজানত নতুন বাল্ক মিল্ক কুলাৰ স্থাপন কৰি দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক শক্তিশালীকৰণ পূৰবী ডেইৰীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 30 October 2025

ধেমাজিৰ কুলাজানত নতুন বাল্ক মিল্ক কুলাৰ স্থাপন কৰি দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক শক্তিশালীকৰণ পূৰবী ডেইৰীৰ


 


W7s news,,গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৫: পূব অসমত দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবী ডেইৰীয়ে। দুগ্ধ প্ৰতিষ্ঠানখনে শেহতীয়াকৈ ধেমাজি জিলাৰ কুলাজানত স্থান কৰিছে এটা অত্যাধুনিক  নতুন বাল্ক মিল্ক কুলাৰ (বি এম চি)।

দৈনিক ৩ হাজাৰ লিটাৰ গাখীৰ মজুত কৰিব পৰা নৱনির্মিত এই বি এম চিয়ে প্রথম অৱস্থাত চিচিবৰগাঁও আৰু চিলাপথাৰ অঞ্চলৰ ২৫খন গাঁৱৰ প্রায় ৫০০ দুগ্ধ পালকক প্ৰত্যক্ষভাৱে উপকৃত কৰিব৷ মন কৰিবলগীয়া যে, এই প্ৰকল্পটো ৰূপায়ণ কৰিছে পূৰবী ডেইৰী নেটৱৰ্কৰ সহযোগী প্ৰতিষ্ঠান পূব অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ই এ এম ইউ এল)য়ে। পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড (ৱামুল)ৰ সফল সমবায় ভিত্তিক দুগ্ধ উন্নয়ন আৰ্হি সম্প্ৰসাৰণ আৰু শক্তিশালী কৰাৰ উদ্দেশ্যে স্থাপন কৰা হৈছে এই দুগ্ধ সংগ্ৰহৰ নেটৱৰ্ক।

যোৱা ২৪ অক্টোবৰত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগুৱে উদ্বোধন কৰে নৱনিৰ্মিত কুলাজান বি এম চি। অনুষ্ঠানত ধেমাজি জিলাৰ উপায়ুক্ত ৰাহুল সুৰেশ জাবীৰ আৰু আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ লগতে অন্যান্য অতিথিসকল উপস্থিত থাকে।

এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি পূব অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ পৰিচালন সঞ্চালক ড০ প্ৰীতম কিশোৰ শইকীয়াই কয়, “২০২৩ চনৰ পৰা পূব অসম (উজনি অসম)ত দুগ্ধ বিপ্লৱ আৰম্ভ হৈছে। ধেমাজি জিলাৰ বৰদলনি আৰু জামুগুৰি অঞ্চলৰ পৰা চলিত বৰ্ষৰ মাৰ্চ মাহত ই এ এম ইউ এল-য়ে গাখীৰ সংগ্ৰহ আৰম্ভ কৰিছিল। নতুন কুলাজান বি এম চি আৰম্ভ হোৱাৰ লগে লগে আমি এতিয়া  চিচিবৰগাঁৱৰ পৰা চিলাপথাৰলৈকে অঞ্চলটোৰ পৰা গাখীৰ সংগ্ৰহ কৰিবলৈ সক্ষম হ’ম। অহা মাহত গোগামুখত দৈনিক ৩০০০ লিটাৰ ক্ষমতাসম্পন্ন এখন বি এম চি আৰু জোনাইৰ গাতে লাগি থকা লাইমেকুৰীত দৈনিক ২০০০ লিটাৰ ক্ষমতাসম্পন্ন আন এখন বি এম চি স্থাপন কৰা হ’ব। এই ক্ৰমবৰ্ধমান আন্তঃগাঁথনিয়ে দুগ্ধ উৎপাদকসকলৰ বাবে এক নিৰ্ভৰযোগ্য আৰু লাভজনক বজাৰ নিশ্চিত কৰিব।”

তেওঁ লগতে কয় যে গৰু-ম’হৰ বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ বাবে কৃষকসকলে বিভিন্ন সাহায্য লাভ কৰিব৷

এই অনুষ্ঠানত সহকাৰী আয়ুক্ত জলী দাস, জিলা পশু চিকিৎসা বিষয়া ডাঃ গিৰিণ শইকীয়া, আই/চি এ ডি ডি অ' ত্ৰিদিৱ হালৈ, ধেমাজিৰ সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক চয়নিকা হাজৰিকা, পূব অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ গ্ৰুপ হেড (ক্ৰয় আৰু ইনপুট) নাৰায়ণ চন্দ্ৰ ঘোষৰ লগতে বহু বিশিষ্ট অতিথি উপস্থিত থাকে।

অন্যহাতে, কুলাজান বি এম চিৰ উদ্বোধন ধেমাজি জিলাৰ দুগ্ধ সমবায় নেটৱৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। উন্নত আন্তঃগাঁথনি আৰু নিৰ্ভৰযোগ্য দুগ্ধ শীতলীকৰণ সুবিধা প্ৰদান কৰি পূব অসমৰ গাখীৰৰ মান উন্নত কৰা তথা কৃষকৰ আয় বৃদ্ধি কৰাৰ লগতে দুগ্ধ শৃংখলৰ দীৰ্ঘম্যাদী স্থায়িত্ব সুনিশ্চিত কৰাৰ বাবে পূৰবী ডেইৰীয়ে নিজৰ প্ৰতিশ্ৰুতি এই প্ৰকল্পৰ জৰিয়তে পুনৰ এবাৰ সুদৃঢ় কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here