W7s news গুৱাহাটী:: উত্তৰ-পূৰ্বাঞ্চলত শক্তিশালী উপস্থিতি থকা ভাৰতৰ অন্যতম বৃহৎ ব্যক্তিগত বহু বিশেষজ্ঞ তৃতীয় পৰ্যায়ৰ যত্ন প্ৰদানকাৰী প্ৰতিষ্ঠান গ্লবেল হেল্থ লিমিটেড “মেদাণ্টাই গুৱাহাটীত এখন অত্যাধুনিক, ৪০০+ বিচনাযুক্ত চিকিৎসালয়ৰ জৰিয়তে নিজৰ পদাংক আৰু অধিক সম্প্ৰসাৰণ কৰিবলৈ সাজু হৈছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত অৱস্থিত এই হাস্পতালখনে ভাৰতৰ অভাৱগ্ৰস্ত বা দূৰৱৰ্তী অ
ঞ্চলসমূহলৈ বিশ্বমানৰ স্বাস্থ্যসেৱা প্ৰদানৰ মেদাণ্টাৰ অভিযানত এক ডাঙৰ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব। প্ৰায় ৫০০ কোটি টকাৰ বিনিয়োগেৰে এই চিকিৎসালয়খনে ছুপাৰ-স্পেচিয়েলিটিৰ এক বিস্তৃত পৰিসৰত তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ যত্ন-চিকিত্সা প্ৰদান কৰিব।
পদ্ম ভূষণ, পদ্মশ্ৰী, আৰু ডাঃ বি চি ৰয় বঁটাপ্ৰাপক মেদাণ্টাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেশ ট্ৰেহানে মেয়’ ক্লিনিক, জনছ হপকিন্স, হাৰ্ভাৰ্ড মেডিকেল স্কুল, ইম্পেৰিয়েল কলেজৰ দৰে বিশ্ববিখ্যাত প্ৰতিষ্ঠানৰ আৰ্হিত উৎকৃষ্টতাৰ কেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে মেদাণ্টা প্ৰতিষ্ঠানটোৰ কল্পনা কৰিছিল।
আজি মেদাণ্টা ব্ৰেণ্ডৰ অধীনত প্ৰতিষ্ঠানটোৱে গুৰগাঁও, ইন্দোৰ, ৰাঁচী, লক্ষ্ণৌ, পাটনা আৰু নয়ডাসহ পাঁচখন ৰাজ্যত ছখন চিকিৎসালয় পৰিচালনা কৰে — ৫৫ লাখ বৰ্গফুটত বিস্তৃত আৰু ৩,৩০০+ কাৰ্যক্ষম বিচনাসহ প্ৰদান কৰি আহিছে।
গুৱাহাটীৰ হাস্পতালখনৰ লগতে মেদাণ্টাই মুম্বাই (অশিৱাৰা) আৰু দিল্লী (পিতমপুৰা আৰু গ্ৰেটাৰ কৈলাশ)তো পৰিকল্পিতভাৱে ২০০০ খনতকৈও অধিক বিচনাৰ সামৰ্থ্যৰে নিজৰ পদাংক সম্প্ৰসাৰণ কৰি আছে। মেদাণ্টাই ক্লিনিকেল উৎকৃষ্টতা, অত্যাধুনিক প্ৰযুক্তি আৰু দয়ালু যত্নৰ সংমিশ্ৰণ ঘটায়। মেদাণ্টাৰ মূল দৰ্শনৰ দ্বাৰা পৰিচালিত হৈ — “হৰ এক জন আনমোল” (প্ৰতিটো জীৱন অমূল্য) — প্ৰতিষ্ঠানটোৱে উচ্চমানৰ স্বাস্থ্যসেৱা সকলোৰে বাবে সুলভ কৰি তোলাৰ লক্ষ্য লৈছে।
মেদাণ্টৰ আগন্তুক গুৱাহাটী চিকিৎসালয়ত ছুপাৰ-স্পেচিয়েলিটিৰ বিস্তৃত বৰ্ণালীৰ ব্যৱস্থা কৰা হ’ব, য’ত আছে:
• বিস্তৃত সংৰোপন চিকিত্সা (বৃক্ক, যকৃত, হাওঁফাওঁ, হৃদযন্ত্ৰ, হাড়ৰ মজ্জা আৰু ৰবটিক ট্ৰান্সপ্লাণ্ট)
• কাৰ্ডিঅ'লজি আৰু কাৰ্ডিয়াক চাৰ্জাৰী (শিশু কাৰ্ডিঅ'লজিসহ)
• স্নায়ুবিজ্ঞান, স্নায়ুচাৰ্জাৰী আৰু ইণ্টাৰভেনচনেল নিউৰলজী
• অৰ্থপেডিক আৰু জইণ্ট ৰিপ্লেচমেণ্ট(গাঁঠি সংৰোপণ)
• চিকিৎসা, অস্ত্ৰোপচাৰ আৰু ৰেডিয়চন অংক’লজী
• গেষ্ট্ৰ’এণ্টেৰ’লজী আৰু জি আই অস্ত্ৰোপচাৰ
• নেফ্ৰ’লজী আৰু ইউৰ’লজী
• শ্বাস-প্ৰশ্বাসজনিত চিকিৎসা আৰু ইণ্টাৰভেনচনেল পালমনলজী
• ইএনটি আৰু হেড এণ্ড নেক কেন্সাৰ
• প্লাষ্টিক, এস্থেতিক আৰু পুনৰ্গঠনমূলক(ৰিকনষ্ট্ৰাক্টিভ) অস্ত্ৰোপচাৰ
• এণ্ডক্ৰাইন’লজী, ক্ৰিটিকেল কেয়াৰ, ট্ৰমা, অফথালম’লজী, আৰু মেক্সিলোফেচিয়েল চাৰ্জাৰী
আগন্তুক ছুপাৰ-স্পেচিয়েলিটী হাস্পতালখনৰ বিষয়ে উল্লেখ কৰি মেদাণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেশ ত্ৰেহনে কয়, "উত্তৰ-পূব ভাৰত হৈছে এনে এক অঞ্চল, যি দীৰ্ঘদিন ধৰি স্বাস্থ্য সেৱা সেৱাৰ ক্ষেত্ৰত অৱহেলিত হৈ আছে। মেদাণ্ট হাস্পতালে আমি বিশ্বাস কৰোঁ যে গুণগত মানৰ স্বাস্থ্যসেৱা এক অধিকাৰ হোৱা উচিত, বিশেষাধিকাৰ নহয়। এই নতুন হাস্পতালখন উন্নত, সুলভ যত্নৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে বিকশিত কৰা হৈছে যাতে সকলোৰে বাবে অত্যাধুনিক স্বাস্থ্যসেৱা সুলভ কৰাৰ বাবে আমাৰ লক্ষ্যক পুনৰ নিশ্চিত কৰিছে, লাগিলে ব্যক্তিজন যি স্থানতে নাথাকক কিয়। "
অঞ্চলটোত মেদাণ্টাৰ আগমন ৰূপান্তৰশীল হ’ব, গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত নতুন মাপকাঠি নিৰ্ধাৰণ কৰিব, আৰু কেৱল গুৱাহাটীৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাবেও উন্নত ৰবটিক পদ্ধতিৰ দৰে অত্যাধুনিক চিকিৎসা সেৱাৰ সুবিধা নিশ্চিত কৰিব। ইয়াৰ লগতে এই হাস্পতালখনৰ দ্বাৰা উল্লেখযোগ্য নিয়োগৰ সুযোগো সৃষ্টি হ’ব, লগতে স্বাস্থ্যসেৱা, প্ৰশাসন, আৰু সহায়ক সেৱাকে ধৰি বিভিন্ন খণ্ডত ৫,০০০-৭,০০০ প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব, যিয়ে অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগাব।
No comments:
Post a Comment