অসমত শৈক্ষিক ক্ষেত্ৰ বৃদ্ধিৰ পৰিকল্পনাৰ সম্প্ৰসাৰণ
W7s news গুৱাহাটী : দেশৰ আগশাৰীৰ প্ৰিস্কুল শৃংখল ইউৰোকিডছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰজেক্ট জিৰ’ৰ পৰা অনুপ্ৰাণিত আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ৰ সৈতে সংগতি থকা দৃশ্যমান চিন্তাধাৰা পাঠ্যক্ৰমৰ অষ্টম পাঠ্যক্ৰম সংস্কৰণ Heurekaৰ শুভাৰম্ভ কৰিছে।
কৌতুহল আৰু যুক্তিসংগত মানসিকতাৰ চিন্তাধাৰা গঢ়ি তুলিব পৰাকৈ প্ৰস্তুত কৰা এই পাঠ্যক্ৰমত শিশুৱে কেৱল “কি” শিকে তাৰ ওপৰতে নহয়, শিশুসকলে “কেনেকৈ” চিন্তা কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
সম্প্ৰসাৰণ কৌশলৰ অংশ হিচাপে ইউৰোকিডছে অসমত নিজৰ উপস্থিতি ৫৫টা শিক্ষানুষ্ঠানৰ পৰা ৭৫লৈ বৃদ্ধি কৰি পৰৱৰ্তী পাঁচ বছৰত অসমত ২০টা নতুন শিক্ষানুষ্ঠান মুকলি কৰাৰ পৰিকল্পনাৰ কথা সদৰি কৰিছে। ১৮ মাহৰ ভিতৰত বিকশিত হোৱা Heurekaই ২০টা গাঁথনিগত হাৰ্ভাৰ্ড-অনুপ্ৰাণিত ৰুটিনক একত্ৰিত কৰিছে আৰু ইপিআইচিএছ মডেল অনুসৰণ কৰি আহিছে—যিয়ে আৱেগিক, শাৰীৰিক, বৌদ্ধিক, সৃষ্টিশীল আৰু আধ্যাত্মিক বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ইউৰোকিডছৰ চিইঅ’ কেভিএছ চেছাছাইয়ে এই বিষয়ে সদৰি কৰি কয় যে, এই পদক্ষেপে শিশুসকলক আজীৱন শিক্ষণৰ বাবে প্ৰস্তুত কৰাৰ প্ৰতিষ্ঠানটোৰ দৃষ্টিভংগী প্ৰতিফলিত কৰিছে। আনহাতে, পাঠ্যক্ৰম বিকাশৰ মুৰব্বী ডাঃ অনিতা মদনে Heurekaক প্ৰাৰম্ভিক শিক্ষাৰ এক ৰূপান্তৰশীল পদক্ষেপ বুলি অভিহিত কৰে।
উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটীত গাঁথনিগত প্ৰাথমিক শিক্ষণ পাঠ্যক্ৰম আৰু শিক্ষানুষ্ঠানৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি অভিভাৱক আৰু শিক্ষাবিদসকলে এই উন্মোচনক আদৰণি জনাইছে। স্থানীয়ভাৱে বিশ্ব মানদণ্ডৰ শিক্ষা লাভ কৰিব বিচৰা বহু পৰিয়ালে ইউৰোকিডছৰ সম্প্ৰসাৰণে চহৰখনৰ প্ৰাক প্ৰাথমিক বিদ্য়ালয়সমূহৰ মাজত প্ৰতিযোগিতা তীব্ৰতৰ কৰি তুলিব বুলি আশা কৰা হৈছে।
ভাৰতৰ ৫০০ চহৰত ১,৭০০ৰো অধিক প্ৰি-স্কুল নেটৱৰ্কৰ সৈতে ইউৰোকিডছে অভিভাৱকসকলক গৱেষণা সমৰ্থিত, সামগ্ৰিক পাঠ্যক্ৰম প্ৰদান কৰাৰ লগতে প্ৰাক প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত নিজৰ নেতৃত্ব শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে।
No comments:
Post a Comment