'উইথ লাভ ফ্ৰম আছাম' শীর্ষক গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 13 September 2025

'উইথ লাভ ফ্ৰম আছাম' শীর্ষক গ্ৰন্থ উন্মোচন

 



W7s news গুৱাহাটী : তৰুণ প্ৰজন্মৰ জনপ্ৰিয়

লেখিকা তাপশ্ৰী বৰুৱাৰ  তৃতীয়খন ইংৰাজী ভাষাৰ গ্ৰন্থ 'উইথ লাভ ফ্ৰম আছাম''(With Love, From Assam) শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। অসমৰ পৰা বিশ্বলৈ  আগবঢ়োৱা এই সাহিত্যিক প'ষ্টকাৰ্ড খন উন্মোচন কৰি 

উদ্যোগী ৰিণিকি ভূঞা শৰ্মাই

লেখিকাৰ ভূয়সী প্ৰশংসা  কৰাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰে।

উল্লেখ‍্য,  দুবাৰ এমাজনত বেষ্টচেলাৰ হৈ থকা আৰু গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ অধিকাৰী লেখিকা তাপশ্ৰী বৰুৱাই*এই নতুন গ্ৰন্থখনত ৭ টা ভিন্ন বিষয়ক গল্প সংযোজন কৰিছে।এই কিতাপখন বাস্তৱ জীৱনৰ অনুপ্ৰেৰণাদায়ক কাহিনীৰ এক সংকলন, যিয়ে অসমৰ মাটিৰ পৰা ওলাই অহা সাহস, আত্ম-পৰিচয় আৰু মানসিক শক্তিক উদযাপন কৰে। এই অনুষ্ঠানটো তাদেৱশ্ৰী ৱেলফেয়াৰ ফাউণ্ডেশ্যন**ৰ উদ্যোগত, দেৱাংশ্ৰী বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হয়। লেখিকাই কিতাপখনৰ বিক্ৰীৰ ৩০শতাংশ ৰয়েল্টি কন্যা শিশুৰ শিক্ষাৰ** বাবে দান কৰাৰ সংকল্প গ্ৰহণ কৰিছে। লগতে, সঁচা মানুহৰ জীৱনৰ কাহিনী জৰিয়তে বিশ্বজুৰি যুৱ সমাজক উৎসাহিত কৰাৰ উদ্দেশ্য ৰাখিছে। উন্মোচনী অনুষ্ঠানত

বিশেষ অতিথি হিচাপে ড° কুশল কোঁৱৰ শৰ্মা আৰু  উৎপল দত্ত উপস্থিত থাকে। অনুষ্ঠানত লেখিকাই গ্ৰন্থখনৰ আৰৰ কথা কয়।  তেওঁ কয়-এইখন এখন হৃদয়স্পৰ্শী সংকলন, য’ত পদ্মশ্ৰী সন্মান লাভ কৰা ব্যক্তিৰ পৰা আৰম্ভ কৰি এগৰাকী গৃহিণীৰ জীৱন কাহিনীও স্থান পাইছে। এইবোৰ কাহিনীয়ে পাঠকক ধৈৰ্য, সংকল্প, আৰু জীৱন যুদ্ধৰ মাজৰ পৰা ওলাই অহা বিজয়ৰ গল্প শুনায়। পানবজাৰৰ** স্মৃতিমধুৰ দৃশ্যপটৰে শোভিত, কিতাপখন এখন সাহিত্যিক প'ষ্টকাৰ্ডৰ দৰে — অসমৰ অন্তৰ আত্মাৰ এক আন্তৰিক উপস্থাপন। উন্মোচনী অনুষ্ঠানত বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here