শাৰদীয় দুৰ্গোৎসৱত ৩৫% বিশেষ ৰেহাই ক্ৰ’মাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 16 September 2025

শাৰদীয় দুৰ্গোৎসৱত ৩৫% বিশেষ ৰেহাই ক্ৰ’মাৰ


 

~ আৰম্ভ হ’ল ‘সপোনৰ মহোৎসৱ (ফেষ্টিভেল অৱ ড্ৰিমছ)’: সমগ্ৰ অসম, মেঘালয়, পশ্চিমবংগ, ওড়িশা আৰু ঝাৰখণ্ডৰ গ্ৰাহকৰ বাবে বিশেষ অফাৰ


W7s news,,গুৱাহাটী, ১৫ ছেপ্টেম্বৰ, ২০২৫ – শাৰদীয় দুৰ্গোৎসৱৰ আনন্দত এক নতুন মাত্ৰা সংযোজন কৰি দেশৰ আগশাৰীৰ অম্নি-চেনেল ইলেক্ট্ৰনিকছ খুচুৰা বিক্ৰেতা ক্ৰ’মাই লৈ আহিছে বহু প্ৰত্যাশিত ‘ফেষ্টিভেল অৱ ড্ৰিমছ’ অভিযানৰ প্ৰথম অধ্যায়। ইয়াৰ জৰিয়তে ইলেক্ট্ৰনিকছ আৰু ঘৰুৱা সঁজুলিৰ ওপৰত প্ৰদান কৰা হ’ব একাধিক আকৰ্ষণীয় অফাৰ। 


১২ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ গ্ৰাহকসকলক প্ৰদান কৰা হ’ব এই বিশেষ উৎসৱমুখৰ অফাৰ। উল্লেখ্য যে, এই সুযোগ অসম, মেঘালয়, পশ্চিমবংগ, ওড়িশা আৰু ঝাৰখণ্ডৰ সমগ্ৰ ক্ৰ’মা ষ্ট’ৰত উপলব্ধ হ’ব, য’ত গ্ৰাহকে নিজৰ ঘৰ আৰু ডিভাইচ আপগ্ৰেডৰ বাবে সৰ্বোত্তম সময় বিচাৰি পাব। এই বিশেষ অফাৰ অভিযানত সৰ্বাধিক ৩০ হাজাৰ টকা পৰ্যন্ত কেছবেকৰ লগতে বিভিন্ন আকৰ্ষণীয় ফ্লেট ৰেহাই লাভ কৰিব গ্ৰাহকে। টেলিভিছন আৰু এয়াৰ কণ্ডিচনাৰত অতিৰিক্ত ১০% জিএছটি ৰেহাইয়ে এই উৎসৱক আৰু অধিক সুলভ আৰু উপভোগ্য কৰি তুলিছে।


প্ৰধান অফাৰসমূহৰ ভিতৰত আছে টেলিভিছন, এয়াৰ কণ্ডিচনাৰ আৰু সৰু ঘৰুৱা আৰু পাকঘৰৰ সঁজুলিত ফ্লেট ৩৫% ৰেহাই*, স্মাৰ্টফোনত ফ্লেট ১৫% ৰেহাই*, ফ্ৰীজত ফ্লেট ২৫% ৰেহাই*, ৱাশ্বিং মেচিন আৰু হোম অডিঅ'ত ফ্লেট ৩০% ৰেহাই*, লেপটপত ফ্লেট ২০% ৰেহাই* আৰু ইয়েৰফোন আৰু হেডফোনত ফ্লেট ৪৫% ৰেহাই*। 


লক্ষ্যণীয় যে, এই সীমিত সময়ৰ অফাৰসমূহে মূল্য আৰু সুবিধাৰ এক সুমধুৰ মিলন ঘটাইছে। সহজ ই এম আই পৰিকল্পনা আৰু বিশাল এক্সচেঞ্জ অফাৰৰ জৰিয়তে গ্ৰাহকসকলে তেওঁলোকৰ পছন্দৰ ইলেকট্ৰনিক্স সহজে আপগ্ৰেড কৰিব পাৰিব। এই অভিযানৰ মূল লক্ষ্য হৈছে সুলভ মূল্যত গ্ৰাহকসকলক প্ৰযুক্তিৰ জগতৰ সপোন পূৰণৰ সুযোগ দিয়া।


ক্ৰ’মাৰ এগৰাকী মুখপাত্ৰই কয়, “দুৰ্গা পূজা হৈছে আনন্দ, একতা আৰু নতুন আৰম্ভণিৰ সময়। ক্ৰ’মাত আমি এই উৎসৱক অধিক বিশেষ কৰি তুলিব বিচাৰিছোঁ, যাতে প্ৰতিটো পৰিয়ালে সৰ্বোত্তম মূল্যত আধুনিক প্ৰযুক্তিৰ সুবিধা লাভ কৰিব পাৰে। সমগ্ৰ পশ্চিম বংগ, ওড়িশা, উত্তৰ-পূব আৰু ঝাৰখণ্ডৰ ৩৬ খন ষ্ট’ৰ আৰু নিৰৱচ্ছিন্ন অনলাইন সেৱাৰ জৰিয়তে আমি এই বজাৰ অভিজ্ঞতাক এক আনন্দৰ সময় কৰি তুলিবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছো।”


এটা নতুন স্মাৰ্ট টিভিৰ সৈতে আপোনাৰ মনোৰঞ্জন ছেটআপ আপগ্ৰেড কৰাই হওক বা আপোনজনক এটা স্মাৰ্টফোন উপহাৰ প্ৰদান কৰাই হওক, অথবা আধুনিক উচ্চ-কাৰ্যক্ষম সঁজুলিৰে আপোনাৰ পাকঘৰ উন্নীত কৰাই হওক- ক্ৰ’মাৰ এই উৎসৱমুখৰ অফাৰত প্ৰতিগৰাকী গ্ৰাহকৰ বাবে আছে কিবা নহয় কিবা এক বিশেষ সুযোগ। 


তেন্তে অপেক্ষা কিহৰ? আজিয়েই আপোনাৰ ওচৰৰ ক্ৰ’মা ষ্ট’ৰলৈ আহক অথবা ভিজিট কৰক www.croma.com। সামগ্ৰীৰ বিশাল পৰিসৰ, অফাৰ, এক্সচেঞ্জ অফাৰ, ইএমআই ডীল আৰু অন্যান্য বহুতো সুবিধা গ্ৰহণ কৰি আজিয়েই ক্ৰ’মাৰ সৈতে উদযাপন কৰক শাৰদীয় দুৰ্গোৎসৱ।

 

*অফাৰ কেৱল নিৰ্বাচিত এছ কে ইউত প্ৰযোজ্য।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here