W7s news গুৱাহাটী: উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱৰ প্ৰতীক বি. বৰুৱা কলেজৰ শনিবাৰে ৮৩তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ১৯৪৩ চনৰপৰা বৰ্তমানৰ স্থানলৈ স্থানান্তৰিত হোৱা এই শিক্ষাপীঠে আজিও শিক্ষা, গৱেষণা, সংস্কৃতি আৰু সমাজসেৱাৰ ক্ষেত্ৰত নিজৰ অনন্য প্ৰতিষ্ঠা গঢ়ি তুলিছে। বি. বৰুৱা কলেজৰ অধ্যক্ষ ডঃ সত্যেন্দ্ৰ নাথ বৰ্মনৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত তেখেতে বি বৰুৱা কলেজৰ ঐতিহ্য আৰু উত্তৰণৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্হিত থাকে বিশিষ্ট ভূগোলবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতী। অনুষ্ঠানত বৰ্ষটোত শৈক্ষিক ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰা শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সাহিত্য, সংস্কৃতি, ক্ৰীড়া,এন এছ এছ, এন চি চি ত ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰাসকলকো সম্বৰ্ধনা জনোৱা হয়।উল্লেখ্য যে, অসমীয়া জাতীয় জীৱনৰ ধ্বজ্জাবাহক তথা দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰাক্তন পৰিচালন সঞ্চালক পদ্মশ্ৰীপ্ৰাপক প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱক গোপীনাথ বৰদলৈ বঁটা-২০২৫ প্ৰদান কৰা হব। মুকলি সভাৰ অন্তত অনুষ্ঠিত হোৱা বর্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীত বিভিন্ন অনুষ্ঠানৰ লগতে বি. বৰুৱা কলেজৰ শিক্ষক কৰ্মচাৰীৰদ্বাৰা শকুনিৰ প্ৰতিশোধ নাট পৰিবেশন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ আহ্বায়ক ডঃ সত্যব্ৰত বৰুৱাই বি. বৰুৱা কলেজৰ ৮৩তম প্ৰতিস্হা দিৱসৰ পবিত্ৰ অনুষ্ঠানত যিসকল বৰেণ্য ব্যক্তিৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত আজি উত্তৰ পূৱ ভাৰতৰ ভিতৰত অনন্য মান্যতা লাভ কৰিবলৈ সক্ষম হৈছে আটাইলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে অনুস্হানত উপস্হিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।
No comments:
Post a Comment