W7s news,,গুৱাহাটী, ৮ আগষ্ট, ২০২৫: ফ্ৰান্সৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান ৰেন’ গ্ৰুপৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী প্ৰতিষ্ঠান ৰেন’ ইণ্ডিয়াই আজি মুকলি কৰে ভাৰতৰ আটাইতকৈ উদ্ভাৱনীমূলক ৭ খন আসনযুক্ত গাড়ী অল-নিউ ৰেন’ ট্ৰাইবাৰ। ৰিথিংক স্পেচ দৰ্শনক অনুসৰণ কৰি ইয়াৰ মডিউলাৰিটিৰ অনন্য ডি এন এক ধৰি ৰাখি নতুন ট্ৰাইবাৰত অধিক আৰাম প্ৰদান কৰা বৈশিষ্ট্যৰ সৈতে নতুন আৰু আধুনিক ডিজাইন আগবঢ়োৱা হৈছে।
নতুন প্ৰজন্মৰ আটাইতকৈ উদ্ভাৱনীমূলক পৰিয়ালৰ গাড়ীখনে সম্পূৰ্ণৰূপে নতুনকৈ নিৰ্মাণ কৰা ফ্ৰন্ট ফেচিয়াৰ সৈতে আত্মপ্ৰকাশ কৰিছে, য’ত আছে এটা ব’ল্ড নতুন গ্ৰীল, নতুন হুড, সতেজ বাম্পাৰ, সংহত এল ই ডি ডি আৰ এলৰ সৈতে নতুন চিকচিকিয়া এল ই ডি প্ৰজেক্টৰ হেডলেম্প আৰু নতুন এল ই ডি ফগ লেম্প।
ভিতৰভাগত গাড়ীখনৰ কেবিনটোক ষ্টাইলিছ ডুৱেল টোন ডেচব’ৰ্ডৰ সৈতে নতুন ৰূপ দিয়া হৈছে, য’ত সংযুক্ত আছে ৮ ইঞ্চিৰ ফ্লটিং টাচ্চস্ক্ৰীণ ডিছপ্লে, যিয়ে ৱায়াৰলেছ এণ্ড্ৰয়ড অটো আৰু এপল কাৰপ্লে সমৰ্থন কৰে। নবীকৃত অভ্যন্তৰত নতুন ছীট আপহলষ্টৰী, আধুনিক এল ই ডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, এল ই ডি কেবিন লাইটিং, আৰু প্ৰিমিয়াম টাচ্চৰ বাবে ব্লেকড-আউট ড’ৰ হেণ্ডেলও আছে।
পিছফালে নতুন ট্ৰাইবাৰে পুনৰ ডিজাইন কৰা বাম্পাৰ, আপডেট কৰা এল ই ডি টেইল লেম্প, নতুন স্কিড প্লেট, আৰু ষ্টাইলিছ টেইলএম্প কানেক্টিং এম্বেলিছাৰ প্ৰদৰ্শন কৰিছে, যিয়ে ইয়াৰ সমসাময়িক মেকঅভাৰ সম্পূৰ্ণ কৰিছে।
৩৫টা নতুন বৈশিষ্ট্যৰে সজ্জিত এই গাড়ীখন ৰেন’. ৰিথিংক. ব্ৰেণ্ড ট্ৰেন্সফৰ্মেচন ষ্ট্ৰেটেজিৰ অধীনত প্ৰথমটো প্ৰডাক্ট। ৰিথিংক স্পেচ দৰ্শনৰ সৈতে সংগতি ৰাখি, ই ৫, ৬, বা ৭ খন আসন হিচাপে কনফিগাৰ কৰিব পৰা ৩য় শাৰীৰ ইজি-ফিক্স আসনৰ সৈতে শ্ৰেণীৰ শ্ৰেষ্ঠ মডিউলাৰ আসন প্ৰদান কৰে, যাৰ পৰিপূৰক হৈছে ৬২৫ লিটাৰ পৰ্যন্ত এটা ছেগমেণ্ট-লিডিং বুট স্থান, যিয়ে গ্ৰাহকক তেওঁলোকৰ জীৱনশৈলীৰ বিভিন্ন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ অনন্য আৰু উদ্ভাৱনীমূলক উপায়েৰে গাড়ীখন ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰে।
ৰেন’. ৰিথিংক. ব্ৰেণ্ড ট্ৰেন্সফৰ্মেচৰ অংশ হিচাপে আজিৰ মুকলিৰ পিচতে অচিৰেই মুকলি কৰা হ’ব অল নিউ ৰেন’ কাইগাৰ আৰু অল নিউ ৰেন’ ডাষ্টাৰ।
এক্স শ্ব’ৰুমৰ মূল্য (গুৱাহাটী): ৬২৯,৯৯৫ টকাৰ পৰা আৰম্ভ ।
No comments:
Post a Comment