মহানগৰীত এমজিএম হেল্থকেয়াৰৰ হৃদযন্ত্ৰ আৰু হাঁওফাঁও সংৰোপন বিষয়ত অত্যাধুনিক চিকিৎসা সম্পৰ্কীয় আলোচনা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 17 August 2025

মহানগৰীত এমজিএম হেল্থকেয়াৰৰ হৃদযন্ত্ৰ আৰু হাঁওফাঁও সংৰোপন বিষয়ত অত্যাধুনিক চিকিৎসা সম্পৰ্কীয় আলোচনা

 



W7s news গুৱাহাটী ::  চেন্নাইস্থিত দেশৰ  আগশাৰীৰ কোৱাটাৰ্নেৰী কেয়াৰ হাস্পতাল এম জি এম হেল্থকেয়াৰে মহানগৰীৰ চিকিৎসক আৰু স্বাস্থ্যসেৱা বিশেষজ্ঞ সকলক লৈ আজি  চিকিৎসা সম্পৰ্কীয় কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ক লৈ এক বিস্তৃত আলোচনা চক্ৰৰ আয়োজন কৰে। এই আলোচনা চক্ৰত হৃদযন্ত্ৰ আৰু হাঁওফাঁও


সংৰোপন, মেকানিকেল চাৰ্কুলেটৰী ছাপৰ্ট আৰু ইচিএমঅ’ৰ সফলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত এমজিএম হেল্থকেয়াৰৰ ভাৰতৰ আগশাৰীৰ হাৰ্ট এণ্ড লাং ট্ৰান্সপ্লাণ্ট আৰু ক্রিটিকেল কেয়াৰ দলটোৰ লগতে ডাঃ কে আৰ বালাকৃষ্ণন, অধ্যক্ষ – কাৰ্ডিয়াক ছায়েন্স, সঞ্চালক, ইনষ্টিটিউট অৱ হাৰ্ট এণ্ড লাং ট্ৰান্সপ্লাণ্ট এণ্ড মেকানিকেল চাৰ্কুলেটৰী ছাপৰ্ট, ডাঃ সুৰেশ ৰাওকেজি, সহ-সঞ্চালক হাৰ্ট এণ্ড লাং ট্ৰান্সপ্লাণ্ট এণ্ড মেকানিকেল চাৰ্কুলেটৰী ছাপৰ্ট আৰু ডাঃ সৌমিত্ৰ সিনহা ৰায়, জ্যেষ্ঠ পৰামৰ্শদাতা, হাওঁফাওঁ সংৰোপন, পালমোন’লজী/ শ্বাস-প্ৰশ্বাসজনিত চিকিৎসা, এমজিএম হেল্থকেয়াৰ, চেন্নাই উপস্থিত থাকে।

চিকিৎসা বিশেষজ্ঞসকলে হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সংৰোপনৰ ক্ষেত্ৰত যুগান্তকাৰী কৌশল আৰু উল্লেখযোগ্য অগ্ৰগতিৰ লগতে ইচিএমঅ’ আৰু অন্যান্য জীৱন ৰক্ষাকাৰী পদ্ধতিৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ বিষয়ে মূল্যৱান দৃষ্টি আৰোপ কৰে । উল্লেখ্য যে হৃদযন্ত্ৰ আৰু হাওঁফাওঁ সংৰোপন হৈছে এক জটিল অস্ত্ৰোপচাৰ,  য’ত ৰুগীজনৰ ৰোগীয়া অংগসমূহক সুস্থ তথা ৰোগবিহীন দাতাৰ পৰা স্থানান্তৰিত কৰা হয় আৰু ক্ৰমাৎ মৃতপ্ৰায় অৱস্থালৈ গতি কৰা হৃদযন্ত্ৰ আৰু হাওঁফাওঁ আক্ৰান্ত ব্যক্তিসকলৰ মনত আশাৰ সঞ্চাৰ কৰে। এই অৱস্থাসমূহৰ ভিতৰত ডিলাইটেড কাৰ্ডিঅ’মাইঅ’পেথী, ইস্কেমিক কাৰ্ডিঅ’মাইঅ’পেথী, জন্মগত হৃদৰোগ, অন্যান্য কাৰ্ডিঅ’মাইঅ’পেথী, কাৰ্ডিঅ’জেনিক শ্বক, চিষ্টিক ফাইব্ৰ’ছিছ, ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ, ইডিয়পেথিক পালমোনাৰী ফাইব্ৰ’ছিছ, আৰু পালমোনাৰী হাইপাৰটেনচন আদি উল্লেখযোগ্য। নে ৰোগীৰ বাবে হৃদযন্ত্ৰ আৰু হাওঁফাওঁ প্ৰতিস্থাপন, বাওঁ নিলয় সহায়ক যন্ত্ৰ আৰু এক্সট্ৰাকৰ্প’ৰিয়েল মেমব্ৰেন অক্সিজেনেচনৰ দৰে হস্তক্ষেপে ক্লিনিকেল ফলাফল বৃদ্ধিৰ সুযোগ প্ৰদান কৰে—জীৱনৰ মান উন্নত, শাৰীৰিক কাৰ্য্যক্ষমতা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া জীয়াই থকাৰ। ইচিএমঅ’ হৈছে এক উন্নত জীৱন-সহায়ক কৌশল যিয়ে সাময়িকভাৱে হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ ভূমিকা পালন কৰে আৰু এই গুৰুত্বপূৰ্ণ অংগসমূহ বিকল হ’লে অক্সিজেন আৰু ৰক্তসঞ্চালন প্ৰদান কৰে। হাওঁফাওঁ সংৰোঁপন কাৰ্য্যত ইচিএমঅ’ হৈছে এক সংযোগ সেতু যিয়ে ৰোগীক জটিল পৰ্যায়ৰ মাজেৰে জীয়াই ৰাখে। লাগিলে সেই অৱস্থা দাতাৰ অংগৰ বাবে অপেক্ষা কৰি থকা সময়খিনি হওক বা সংৰোপনৰ পিছত সুস্থ হবলৈ প্ৰয়োজনীয় সময়খিনি হওক। গুৰুতৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ইচিএমঅ’ হৈছে এক জটিল চিকিৎসাগত কৌশল বুলিব পাৰি। ইয়াৰ বাবে বিশেষ পৰিৱেশৰ লগত ইয়াক সাৱধানে পৰিচালনা কৰাৰ প্ৰয়োজন আৰু আমি এমজিএম হেল্থকেয়াৰত ইচিএমঅ’ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰি আহিছো। হাওঁফাওঁ প্ৰতিস্থাপন প্ৰক্ৰিয়াত ইচিএমঅ’ৰ একত্ৰীকৰণে ৰোগীৰ চিকিৎসা সম্পৰ্কীয় ফলাফলত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। অংগৰ সংৰোপণ কাৰ্য্যত অপেক্ষাৰ বাবে ব্যয় কৰা সময় কম কৰি আৰু ৰোগীক সুস্থিৰ অৱস্থাত ঘূৰাই আনিবলৈ সহাঁৰি প্ৰদান কৰি  ইচিএমঅ’ই ইতিবাচক দীৰ্ঘম্যাদী ফলাফলৰ সন্ধানত এক জটিল আহিলা হিচাপে কাম কৰে।“

অন্যহাতে এই প্ৰসঙ্গত মন্তব্য প্ৰদান কৰিএম জি এম হেল্থকেয়াৰৰ অধ্যক্ষ, কাৰ্ডিয়াক চাইন্সেছ, সঞ্চালক , ইনষ্টিটিউট অৱ হাৰ্ট এণ্ড লাং ট্ৰান্সপ্লাণ্ট এণ্ড মেকানিকেল চাৰ্কুলেটৰী চাপৰ্ট, এম জি এম হেল্থকেয়াৰ ডাঃ কে আৰ বালকৃষ্ণনে কয়, “ যেতিয়া কোনো ৰোগীৰ হৃদযন্ত্ৰ বা হাওঁফাওঁৰ ৰোগ শেষ পৰ্যায়ত উপনীত হয়, তেতিয়া হৃদযন্ত্ৰ বা হাওঁফাওঁৰ ট্ৰান্সপ্লাণ্ট বা সংৰোপণ  কৰাটো বাঞ্ছনীয় হৈ পৰে।"এণ্ড-ষ্টেজ হৃদযন্ত্ৰ বা হাওঁফাওঁৰ ৰোগ" শব্দটোৱে এনে এটা অৱস্থাক বুজায় আৰু ই শেহতীয়াভাৱে ইমানেই বাঢ়িছে যে হৃদযন্ত্ৰ বা হাওঁফাওঁৰ কাৰ্য্যক্ষমতাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। বেছিভাগ ৰোগীৰ হৃদযন্ত্ৰ বা হাওঁফাওঁৰ ৰোগে জীৱনটোক শেষ পৰ্য্যায়লৈ নিয়াৰ আগতেই ৰোগ নিৰূপন হয়। তেনে সময়ত এই ৰোগাক্ৰান্ত সমস্যাৰে জীৱনৰ শেষ পৰ্যায়ত উপনীত হোৱা ৰোগাক্ৰান্ত যিকোনো ব্যক্তিৰ বাবে হৃদযন্ত্ৰ বা হাওঁফাওঁ সংৰোপন জীৱনটোৰ বাবে এক সম্ভাৱনা হব পাৰে।” এম জি এম হেল্থকেয়াৰৰ ইনষ্টিটিউট অৱ হাৰ্ট এণ্ড লাং ট্ৰান্সপ্লাণ্ট এণ্ড মেকানিকেল চাৰ্কুলেটৰী ছাপৰ্টে ভাৰতত এতিয়ালৈ ৭৫০ তকৈ অধিক হাৰ্ট আৰু হাওঁফাওঁ সংৰোপন কৰিছে। চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ এই দলটোৱে ভাৰতৰ সৰ্ববৃহৎ প্ৰাপ্তবয়স্ক আৰু শিশুৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁ প্ৰতিস্থাপন কাৰ্যসূচী পৰিচালনাৰ দায়িত্ব লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here