লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে ২,০০,০০০ টকাৰ মুঠ পুৰস্কাৰ ঘোষণা
W7s news,,গুৱাহাটী, ২১ আগষ্ট, ২০২৫: অসমৰ সৃষ্টিশীল যুৱক-যুৱতীসকলৰ বাবে এক বিশেষ প্ৰতিযোগিতা ঘোষণা কৰিছে কেয়াৰ লুইতে। যুৱক-যুৱতীসকলৰ কণ্ঠক বিশ্ব মঞ্চত তুলি ধৰাৰ লক্ষ্যৰে সংস্থাটোৱে গ্ৰহণ কৰিছে দুটা বিশেষ উদ্যোগ- “ভয়চ অৱ দ্য ইয়ং” চুটিগল্প প্ৰতিযোগিতা আৰু “ভয়চ থ্ৰ দ্য লেন্সেছ” চুটি ছবি প্ৰতিযোগিতা। এই প্ৰতিযোগিতা দুখনে যুৱ লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে নিজৰ প্ৰতিভা, কল্পনা আৰু ভিন্ন দৃষ্টিভংগী প্ৰদৰ্শনৰ এক সৃষ্টিশীল মঞ্চ প্ৰদান কৰিব।
উল্লেখ্য যে, 'ভয়চ অৱ দ্য ইয়ং’ প্ৰতিযোগিতাত ১১ৰ পৰা ১৮ বছৰ বয়সৰ অংশগ্ৰহণকাৰীসকলে নিজৰ পছন্দৰ যিকোনো বিষয়ৰ ওপৰত অসমীয়া বা ইংৰাজী ভাষাত লিখা চুটি গল্প উপস্থাপন কৰিব পাৰিব। প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলে ২০ হাজাৰ টকা পৰ্যন্ত নগদ পুৰস্কাৰ, প্ৰমাণ পত্ৰ আৰু উপহাৰ লাভ কৰিব। একে সময়তে এই প্ৰতিযোগিতাত সন্মানিত কৰা হ’ব বিশেষভাৱে নিৰ্বাচিত কাহিনীকো। সংস্থাটোৱে কয় যে যুৱ গল্পকাৰসকলৰ বাবে এয়া হ’ব এক অনন্য সুযোগ, য’ত তেওঁলোকৰ কণ্ঠ বিশাল পাঠকৰ মাজত প্ৰতিধ্বনিত হোৱাৰ সুযোগ লাভ কৰিব আৰু তেওঁলোকৰ সৃষ্টিশীলতাক প্ৰাপ্য স্বীকৃতি প্ৰদান কৰা হ’ব।
ইফালে, 'ভয়চ থ্ৰ দ্য লেন্সেছ’ শীৰ্ষক চুটি ছবি প্ৰতিযোগিতাৰ জৰিয়তে ১৮ বছৰ উৰ্দ্ধৰ সৃষ্টিশীল চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ কাহিনী উপস্থাপনৰ সুযোগ প্ৰদান কৰিছে কেয়াৰ লুইতে। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে মোবাইলত ৰেকৰ্ড কৰা সৰ্বাধিক পাঁচ মিনিট দৈৰ্ঘ্যৰ এখন চুটি ছবি জমা দিব লাগিব। ছবিখনৰ বিষয়বস্তু হ’ব পাৰে ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য্য, ইয়াৰ সংস্কৃতি আৰু নদীৰ পাৰত বসবাস কৰা মানুহৰ জীৱন। ছবিখনৰ মূল বিষয়বস্তু হ’ব পাৰে নদীৰ জীৱিকা, বিশ্বাস, প্ৰকৃতি সংৰক্ষণ, যুঁজৰ মানসিকতা আৰু নদীকেন্দ্ৰিক ডায়েৰী। প্ৰতিযোগিতাত নিৰ্বাচিত শ্ৰেষ্ঠ ছবিক ৭৫ হাজাৰ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। ইয়াৰোপৰি দৰ্শকে নিৰ্বাচিত কৰা প্ৰিয় ছবিখনক 'ভিউৱাৰ্ছ চয়ছ এৱাৰ্ড’ হিচাপে প্ৰদান কৰা হ’ব ৫০ হাজাৰ টকাৰ পুৰস্কাৰ।
উল্লেখ্য যে, এই প্ৰতিযোগিতা দুখনৰ বাবে পঞ্জীয়ন কৰাৰ শেষ তাৰিখ হৈছে ৩০ ছেপ্টেম্বৰ, ২০২৫। অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ চুটি গল্প আৰু চুটি ছবিসমূহ contest.careluit@gmail.com লৈ প্ৰেৰণ কৰিব পাৰিব।
অংশগ্ৰহণক অধিক জীপাল কৰি তুলিবলৈ প্ৰতিযোগীসকলক #VoicesThroughTheLenses হেচটেগ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত নিজৰ ভিডিঅ’ শ্বেয়াৰ কৰিবলৈ উৎসাহিত কৰা হৈছে, যাতে আৰু বহুতেই অনুপ্ৰাণিত হয়।
অন্যহাতে, এই প্ৰতিযোগিতাত বিজয়ী সকলক ২০২৫ চনৰ ২২ আৰু ২৩ নৱেম্বৰত প্ৰয়াত নিবেদিতা হাজৰিকা মাধৱৰ সোৱৰণত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অসম লিটআৰ্ট মহোৎসৱত সম্বৰ্ধনা জনোৱা হ’ব। এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে সৃষ্টিশীলতাক জাগ্ৰত কৰা, প্ৰতিভাক সন্মান জনোৱা আৰু অসমৰ নতুন প্ৰজন্মৰ লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতাক অনুপ্ৰাণিত কৰা।
অধিক তথ্যৰ বাবে ভিজিট কৰক কেয়াৰ লুইতৰ ৱেবছাইট https://www.careluit.org
No comments:
Post a Comment