W7s news,,গুৱাহাটী, ২১ আগষ্টঃ কথক নৃত্যাংগনা, অভিনেত্ৰী বি পাল্কীয়ে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই ঘোষণা কৰা অডিচনৰ ফলাফল অনুসৰি কথক নৃত্যত দ্বিতীয় স্থান লাভ কৰি দূৰদৰ্শনৰ বি গ্ৰেড শিল্পীৰূপে স্বীকৃতি লাভ কৰিছে ৷ উল্লেখযোগ্য যে 'সুৰ সংগম'ত গুৰু মৰমী মেধি আৰু গুৰু মেঘৰঞ্জনী মেধিৰ তত্ত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰা পাল্কীয়ে ইতিমধ্যে কথক নৃত্যত ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰপৰা ডিষ্টিংচনসহ নিপুণত উত্তীৰ্ণ হৈছে ৷ চি চি আৰ টিৰ বৃত্তিধাৰী পাল্কীয়ে চি চি আৰ টি (ৰিন্যুৱেল)ত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল ৷ চি চি আৰ টি উত্তৰ-পূব কেন্দ্ৰত অনুষ্ঠিত 'টিচাৰ্ছ অ'ৰিয়েণ্টেচন প্ৰগ্ৰেম'ত এগৰাকী ডেমনষ্ট্ৰেটৰ হিচাপেও তেওঁ সমাদৃত হৈছে ৷
'অভিনয়া'ত অভিনয়ৰ আদিপাঠ গ্ৰহণ কৰা বি পাল্কীয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিশু শিল্পীৰূপে অনাতাঁৰ নাটত অভিনয় কৰিছে ৷ অভিনয়াৰ উপৰি ছিগাল থিয়েটাৰৰ বেনাৰতো 'শ্লীপি', 'কালাৰ ভিজন' , 'দ্য লেছন' 'অনুজ্ঞাপত্ৰ' আদি কেইবাখনো নাটত মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ ভূয়সী সমাদৰ লাভ কৰিছে ৷ শেহতীয়াকৈ যোৱা ১৭ আগষ্টত পাল্কীয়ে নিজৰ প্ৰযোজনা সংস্থা 'আৰ্য্যা'ৰ বেনাৰত মঞ্চস্থ কৰা 'পকৱান’ নাটৰ জৰিয়তে নাট পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে ৷ নাটখনৰ অৱধাৰণা (concept) আৰু স্ক্ৰিপ্ট পাল্কীৰ নিজৰ ৷ পূৰ্ণ প্ৰেক্ষাগৃহৰে মঞ্চস্থ কৰা নাটখনৰ একমাত্ৰ চৰিত্ৰটোতো পাল্কীয়েই অভিনয় কৰি বিশিষ্ট নাট পৰিচালক, অভিনেত্ৰী পাকিজা বেগম, বিশিষ্ট অভিনেতা কমললোচন, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অমৰদীপ গগৈ আদিৰদ্বাৰা প্ৰশংসিত হৈছে ৷
No comments:
Post a Comment