W7s news,,গুৱাহাটী, ৫ আগষ্ট: ভাৰতৰ সৰ্ববৃহৎ নিউজ এজেন্সী প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া (পি টি আই)ত কৰ্মৰত গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক ত্ৰিদীপ লহকৰক ডেনমাৰ্ক চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ডানিদা ফেল’শ্বিপ চেণ্টাৰ (ডিএফচি)ৰ বৃত্তি কাৰ্যসূচী “#2025 Reporting From The Frontline Of The Global Climate Crisis In An Era Of Fake News”ৰ বাবে বাচনি কৰা হৈছে। ছমহীয়া এই শিক্ষণ কাৰ্যসূচীটোৰ বাবে ডি এফ চিৰ কেন্দ্ৰীয় বৃত্তি পুঁজিৰ দ্বাৰা সম্পূৰ্ণ বিত্তীয় সাহায্য প্ৰদান কৰা হয়।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ মাত্ৰ ২৫ গৰাকী সাংবাদিককহে এই সন্মানীয় ফেল’শ্বিপৰ বাবে নিৰ্বাচিত কৰা হৈছে। ইয়াতে ভাৰতৰ পৰা ৯ গৰাকী সাংবাদিকে জলবায়ু প্ৰতিবেদন আৰু ভুৱা বাতৰিৰ সৈতে জড়িত বিস্তৃত বিষয়ৰ ওপৰত বিশেষ প্ৰশিক্ষণ ল’বলৈ এই কাৰ্যসূচীত যোগদান কৰিব। শেহতীয়া বছৰবোৰত ফেক নিউজে জনমত, ৰাজনীতি আৰু সামগ্ৰিকভাৱে সমাজত গভীৰ প্ৰভাৱ পেলোৱাৰ বাবে যথেষ্ট চৰ্চা লাভ কৰিছে। ডানিডা ফেল’শ্বিপ কাৰ্যসূচী সাংবাদিকসকলক প্ৰমাণভিত্তিক জলবায়ুৰ প্ৰতিবেদন প্ৰস্তুত কৰা আৰু ভুৱা বাতৰি প্ৰতিহত কৰাৰ বিভিন্ন কৌশল সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ বাবে তৈয়াৰ কৰা হৈছে।
সমগ্ৰ শিক্ষণ কাৰ্যসূচীটো হাইব্ৰিড মোডৰ জৰিয়তে অনুষ্ঠিত হ’ব, য’ত অনলাইন আৰু অফলাইন প্ৰশিক্ষণ দুয়োটাকে অন্তৰ্ভুক্ত কৰা হ’ব। আগষ্টৰ ১৩ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া এই পাঠ্যক্ৰম ২০২৬ চনৰ জানুৱাৰী মাহত সমাপ্ত হ’ব। ছেপ্টেম্বৰ মাহত ডেনমাৰ্কৰ কোপেনহেগেনত অন্যান্য নিৰ্বাচিত সাংবাদিকসকলৰ সৈতে লহকৰে ব্যক্তিগতভাৱে প্ৰশিক্ষণ ল’ব। এই পাঠ্যক্ৰমৰ অংশ হিচাপে তেওঁ ব্ৰাজিলৰ বেলেমলৈও যাব আৰু তাত চলিত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ইউএনএফচিচি চিঅ’পি ৩০ (UNFCC COP 30) (পক্ষসমূহৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ৩০ সংখ্যক বাৰ্ষিক কাঠামো সন্মিলন)ত অংশগ্ৰহণ কৰি বাতৰি পৰিৱেশন কৰিব।
বৰ্তমান পিটিআইৰ অসম শাখাৰ জ্যেষ্ঠ মুখ্য সংবাদদাতা হিচাপে কৰ্মৰত লহকৰে জলবায়ুকে আদি কৰি বিভিন্ন বিষয়ৰ ওপৰত লিখি আহিছে। তেওঁ এই বিষয়ে কেইবাটাও অধ্যয়ন আৰু সমীক্ষাৰ প্ৰতিবেদন দিছে যিয়ে সমস্যাটোৰ মূখ্য কাৰণসমূহত আলোকপাত কৰিছিল।
ফেল’শ্বিপৰ বিষয়ে মন্তব্য কৰি লহকৰে কয় যে, “জলবায়ু প্ৰতিবেদনৰ এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ মই আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, কিয়নো ই মোৰ পেছাদাৰী লক্ষ্য আৰু জলবায়ুৰ বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ ব্যক্তিগত প্ৰতিশ্ৰুতি - দুয়োটাৰে সৈতে মিল খায়। এই ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ পৰা শিকিবলৈ, সহযোগী সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰিবলৈ, আৰু শেষত বাতৰিৰ এই জটিল ক্ষেত্ৰখনত অৰিহণা যোগোৱাৰ বাবে ক্ষমতা বৃদ্ধি কৰাৰ সুযোগ পাই মই যথেষ্ট উৎসাহী।“
২০০৭ চনত নতুন দিল্লীত পিটিআইৰ ইকনমিক ব্যুৰোৰ সৈতে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল লহকৰে। তেওঁ বিভিন্ন বিষয়ৰ প্ৰতিবেদনৰ বাবে সমগ্ৰ ভাৰত আৰু বিদেশ ভ্ৰমণ কৰিছে। কৰ্মসূত্ৰে ২০১৩ চনত অসম শাখালৈ বদলি হোৱাৰ পৰাই তেওঁ ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতিৰ পৰা আৰম্ভ কৰি অপৰাধ-ৰাজনীতিলৈকে বিভিন্ন বিষয়ত লিখি আহিছে।
No comments:
Post a Comment