গুৱাহাটীত অ’নিডা কানেক্টিং কনক্লেভ ২০২৫ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 31 August 2025

গুৱাহাটীত অ’নিডা কানেক্টিং কনক্লেভ ২০২৫

 





W7s news গুৱাহাটী: জি-হেক্স ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সহযোগত অ’নিডাই দেওবাৰে  গুৱাহাটীত আয়োজন কৰে অ’নিডা কানেক্টিং কনক্লেভ ২০২৫ । অ’নিডাই বজাৰৰ লগতে গ্ৰাহকৰ সৈতেও পুনৰ সংযোগ স্থাপন কৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ লগতে সেৱা আৰু নতুন সামগ্ৰীৰ শাখাত মনোনিৱেশ কৰিছে । জি-হেক্স ইণ্ডিয়া প্ৰাইভেট লিমিটেড হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ অ’নিডা ব্ৰেণ্ডৰ সহযোগী প্ৰতিষ্ঠান ।

এই কনক্লেভত অ’নিডাই এল ই ডি টিভি/আৰ ই এফ শাখাত বহুতো নতুন সামগ্ৰী মুকলি কৰাৰ লগতে বাণিজ্যিক অংশীদাৰসকলৰ বাবেও ভ্ৰমণ আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰে । এম আই আৰ চিৰ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড নাম অ’নিডাই বিগত ৪৪ বছৰ ভাৰতৰ বজাৰত সেৱা আগবঢ়াই আছে । টিভি/এল ই ডি, ৱাশ্বিং মেচিন, এ চি, নতুন ৰেঞ্জৰ ৰেফ্ৰিজাৰেটৰৰ লগতে ৰুম কুলাৰ শিতানৰ অন্যতম প্ৰধান ব্ৰেণ্ড হৈছে অ’নিডা । 

কানেক্টিং কনক্লেভ ২০২৫ অনুষ্ঠানটোত উপস্থিত থাকে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ আৰু চি অ’ অ’ বিবেক ছাৰন আৰু পূৱৰ আৰ এম তথা প্ৰতিষ্ঠানটোৰ বাণিজ্যিক সহযোগী ৰাজেশ ৰয় । 

জি-হেক্সৰ পৰিচালন সঞ্চালক প্ৰদীপ মজুমদাৰে কয় যে ইতিমধ্যে অ’নিডাৰ দ্বাৰা সকলো বৃহৎ বজাৰ সামৰি লোৱা হৈছে ব্ৰেণ্ডৰ প্ৰসাৰ তথা প্ৰচাৰ আৰু গুণগত মানৰ সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উদ্ভাৱনীমূলক সামগ্ৰী আৰু প্ৰতিযোগিতামূলক মূল্যত বহুতো নতুন সামগ্ৰীৰ শিতান আৰম্ভ কৰিছে অ’নিডাই ।

অহা বছৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম মূল্যৱান ব্ৰেণ্ড  হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অ’নিডাই । ভৱিষ্যতলৈ আগবাঢ়ি যোৱাৰ লগে লগে অ’নিডাই প্ৰযুক্তিগত উৎকৃষ্টতাৰ ক্ষেত্ৰতো আগবাঢ়ি থকাত গুৰুত্ব আৰোপ কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here