W7s news গুৱাহাটী ঃ দ্বাদশ সংখ্যক দিছপুৰ প্ৰেছ ক্লাবৰ বৰ্ষপূৰ্তি আজি উলহ-মালহেৰে উদ্যাপন কৰা হয়৷ দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আজিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত সাংবাদিক, সাহিত্যিক, বিশিষ্ট সমাজকৰ্মী, কণ্ঠশিল্পীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক বঁটা প্ৰদান কৰে৷ এই বঁটা প্ৰদান অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকেজেষষ্ঠ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামী, সাংবাদিক ডঃ নৰেন হাজৰিকা, লংচিং তেৰণ, জনসংযোগৰ যুটীয়া সঞ্চালক ৰাজীৱ শইকীয়া, দৈনিক গণ অধিকাৰ কাকতৰ কাৰ্যবাহী সম্পাদক চন্দ্ৰ কুমাৰ শইকীয়া, সাংবাদিক অভিজিত চৌধুৰী, চিত্ৰ পৰিচালক মুন্না আহমেদ, সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন, সমাজ কৰ্মী শংকৰ দাস৷ এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতাক সম্পাদক বঁটাৰে সন্মানিত কৰাৰ বিপৰীতে কুমাৰজিৎ শৰ্মা, মনোৰঞ্জন বড়ি, জিতুমণি শৰ্মা, প্ৰশান্ত প্ৰতীম দত্ত, অপূৰ্ব কাৰ্জিক সাংবাদিকতা বঁটা, ২০২৫ ৰে সন্মানিত কৰা হয়৷ আনহাতে, দীপক দাসক ফটো সাংবাদিক বঁটা, উৎপল দিহিদাৰক ভিডিঅ’ সাংবাদিকতা বঁটা, ৰিতুমণি চেতিয়াক নিউজ এংকৰ বঁটা, ডাঃ সুৰজিত গিৰিক জীৱন সঞ্জীৱনী বঁটা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক কৰ্মযোগী বঁটা, ৰমেন দাসক সাহিত্যিক বঁটা, অনুৰাগ শৰ্মাক জনহিতৈষ¸ী আৰক্ষী বঁটা, কমলিকা কাশ্যপক উদীয়মান মহিলা কণ্ঠশিল্পী বঁটা, দেৱাগিৎচক পুৰুষ কণ্ঠশিল্পী বঁটা, চিৰাজ আহমেদ আনচাৰীক উদ্যোগী বঁটা, হৰেশ্বৰ বৰ্মনক সমাজ সৌৰভ বঁটা, সুৰজ দিহিঙিয়াক যুৱ ৰাজনীতি বঁটা, ডাঃ সুব্ৰত দে’ক মানৱ সেৱা বঁটা, নৱ কুমাৰ বৈশ্যক জনসেৱা বঁটাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আজি বঁটা প্ৰদান কৰি সন্মানিত কৰা হয়৷ অনুষ্ঠানটোত সকলোৰে শলাগ লয় দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে।
No comments:
Post a Comment