W7s news,,গুৱাহাটী, অসম, ২৩ আগষ্ট ২০২৫: গুৱাহাটীত মুকলি হ’ল দেশৰ জনপ্ৰিয় জুৱেলাৰী ব্ৰেণ্ড কিছনা ডাইমণ্ড এণ্ড গ’ল্ড জুৱেলাৰীৰ দ্বিতীয়টো শ্ব’ৰুম। মন কৰিবলগীয়া যে, ইয়াৰ লগে লগে সমগ্ৰ দেশতে ৮৬টালৈ বৃদ্ধি পায় কিছনাৰ শ্ব’ৰুমৰ সংখ্যা। একে সময়তে এইটো হৈছে জুৱেলাৰী ব্ৰেণ্ডটোৰ উত্তৰ-পূবৰ তৃতীয়টো শাখা।
নতুন শ্ব’ৰুমৰ এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ শোভাবৰ্ধন কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা আৰু হৰি কৃষ্ণ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক শ্ৰী ঘনশ্যাম ঢোলকিয়াই। তদুপৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে।
অনুষ্ঠানত নিজৰ অভিমত ব্যক্ত কৰি হৰি কৃষ্ণ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক শ্ৰী ঘনশ্যাম ঢোলকিয়াই কয়, “প্ৰতিটো নতুন শ্ব’ৰুমে ভাৰতৰ প্ৰতিটো পৰিয়ালতে হীৰাৰ গহনা সুলভ কৰি তোলাৰ বাবে থকা লক্ষ্যত কিছনাক আকৌ এখোজ আগুৱাই লৈ যায়। গুৱাহাটী হৈছে এখন সজীৱ চহৰ, চহকী সাংস্কৃতিক ঐতিহ্যৰে পৰিপূৰ্ণ এই চহৰত আমাৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰি আমি নথৈ আনন্দিত হৈছো। এই চহৰত এই উদ্বোধনী অনুষ্ঠানে উত্তৰ-পূবৰ গ্ৰাহকসকলৰ মাজলৈ এনে ডিজাইন আনিবলৈ আমাৰ
প্ৰতিশ্ৰুতিক শক্তিশালী কৰে যিয়ে বিশ্বাস, সৌন্দৰ্য্য আৰু ব্যয়সাধ্যতাৰ নিখুঁত সংমিশ্ৰণ প্ৰদৰ্শন কৰে।”
ইফালে, ফ্ৰেঞ্চাইজি পাৰ্টনাৰ নিখিল সাহাই নিজৰ উচ্ছ্বাস ব্যক্ত কৰি কয়, “কিছনাৰ দৰে প্ৰখ্যাত ব্ৰেণ্ডৰ সৈতে জড়িত হোৱাটো আমাৰ বাবে এক গৌৰৱৰ বিষয়। এই নতুন শ্ব’ৰুমৰ জৰিয়তে আমি গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ জনসাধাৰণলৈ বিশ্বমানৰ বজাৰ অভিজ্ঞতা আনিবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো পৰ্ব আৰু অনুষ্ঠানৰ বাবে তেওঁলোকক বিভিন্ন ধৰণৰ গহনা যোগান ধৰিবলৈ চেষ্টা কৰিম।”
উল্লেখ্য যে, সমগ্ৰ ভাৰতত ক্ৰমাৎ বৃদ্ধি পোৱা উপস্থিতিৰ সৈতে কিছনাই দৈনন্দিন পৰিধান আৰু বৈবাহিক প্ৰয়োজনীয়তা দুয়োটাকে পূৰণ কৰি আঙঠি, কাণফুলি, লকেট, নেকেলেচ, খাৰু আৰু ব্ৰেচলেটকে ধৰি বিভিন্ন ধৰণৰ গহনা উপস্থাপন কৰে। ব্ৰেণ্ডটোৱে নিজৰ খুচুৰা নেটৱৰ্ক সম্প্ৰসাৰণত অহৰহ মনোনিৱেশ কৰি আহিছে আৰু “হৰ ঘৰ কিছনা” দৰ্শন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰি তুলিবলৈ নিজৰ প্ৰতিশ্ৰুতি সুদৃঢ় কৰি আহিছে।
No comments:
Post a Comment