শঙ্কৰদেৱ কলাক্ষেত্ৰত ইষ্ট মণ্ডল আঞ্চলিক এবিলিম্পিক ২০২৫ৰ শুভ উদ্ধোধন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 22 August 2025

শঙ্কৰদেৱ কলাক্ষেত্ৰত ইষ্ট মণ্ডল আঞ্চলিক এবিলিম্পিক ২০২৫ৰ শুভ উদ্ধোধন

 


অনুষ্ঠানত বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে দক্ষতা আৰু অন্তৰ্ভুক্তিৰ ওপৰত চৰ্চা কৰা হয়




W7s গুৱাহাটী::  চেন্নাই, মুম্বাই আৰু লক্ষ্ণৌত সফলতাৰে সমাপন কৰাৰ পিছত আজি ইয়াৰ শঙ্কৰদেৱ কলাক্ষেত্ৰত দুদিনিয়কৈ অনুষ্ঠিত হোৱা ইষ্ট জ’ন ৰিজিঅ’নেল এবিলিম্পিক ২০২৫ উদ্ধোধন কৰা হয়। এই  বছৰৰে নৱেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পূৰ্বে সমাজৰ বিশেষ ভাৱে সক্ষম লোক সকলৰ বাবে আয়োজন কৰা এবিলিম্পিক শীৰ্ষক দক্ষতা প্ৰতিযোগিতাৰ ই দ্বিতীয় পৰ্যায়ৰ চূড়ান্ত আঞ্চলিক প্ৰতিযোগিতা অথবা অনুষ্ঠান। 

অনুষ্ঠানটো উদ্বোধন কৰে চৰকাৰৰ অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সচিব মুকেশ চান্দ সাহুৱে। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অতিৰিক্ত সহ সঞ্চালক  ভাস্কৰ জ্যোতি মান্ত, গুৱাহাটীস্থিত উত্তৰ-পূব  আয়কৰ বিভাগৰ (সদৰ) উপ আয়ুক্ত মৃত্যুঞ্জয় বংশাল , এন এ আইৰ সাধাৰণ সম্পাদক ড° জিতেন্দৰ আগৰৱালা আৰু সাৰ্থক এডুকেশ্যনেল ট্ৰাষ্ট আৰু সাৰ্থক শৈক্ষিক ন্যাসৰ প্ৰতিষ্ঠাপক তথা উপদেষ্টা মণ্ডলীৰ সদস্য এছ গুপ্তা আৰু সাৰ্থক এডুকেচনেল ট্ৰাষ্টৰ পৰামৰ্শদাতা মণ্ডলীৰ সদস্য সিদ্ধাৰ্থ ৰাস্তোগী।

ভাৰতীয় নেচনেল এবিলিম্পিক এছ'চিয়েচন (NAAI) ৰ উদ্যোগত সাৰ্থক এডুকেচনেল ট্ৰাষ্টৰ সহযোগত আৰু প্ৰতিবন্ধী ব্যক্তি সৱলীকৰণ বিভাগ (ডিইপিডব্লিউডি), টিপিচিডিট আৰু ইণ্ডুছইণ্ড বেংকৰ সহযোগত অনুষ্ঠিত এই ইষ্ট জ'ন এবিলিম্পিক প্ৰতিযোগিতাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম, ছিকিম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, আৰু ওড়িশাৰ প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰীসকলে ফটোগ্ৰাফী, পেইন্টিং এণ্ড ডেকোৰেচন, ক্ৰ'চেট, ইঞ্জিনিয়াৰিং ডিজাইন, হেয়াৰড্ৰেছিং, মালিচ আৰু এনেধৰণৰ আন ভালেমান বৃত্তিমূলক দক্ষতাৰ মাজেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

মুকেশ চান্দ সাহুৱে অনুষ্ঠানত বক্তব্য প্ৰদান কৰি কয় যে  “অক্ষমতা বা বিশেষ ভাৱে সক্ষম এটা বিষয় হিচাপে বছৰ বছৰ ধৰি বিকশিত হৈ আহিছে আৰু ইয়াৰ বিকাশ ঘটি থাকিব। আমাৰ প্ৰত্যেকৰে সামৰ্থ্য আছে, আমাৰ কোনোৱেই সম্পূৰ্ণ নহয়।আমি অক্ষম সকলৰ বাবে সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব দিব লাগিব।আঞ্চলিক আৰু স্থানীয় অঞ্চলৰ পৰা প্ৰতিভা চিনাক্তকৰণ আৰু লালন-পালন কৰাটো এক বৃহৎ কাম আৰু এবিলিম্পিকে ইয়াক সুন্দৰভাৱে পালন কৰি আছে। ই তৃণমূল পৰ্যায়ৰ সমাজখনক উপকৃত কৰে আৰু লুকাই থকা প্ৰতিভাৰ ওপৰত পোহৰ পেলায়।”

ভাস্কৰ জ্যোতি মান্তৰ নিজ ভাষণত কয়, “অসমত আমি পি ডব্লিউ ডিৰ বাবে এনে পদক্ষেপ আৰম্ভ কৰাৰ বাবে শক্তিশালী প্ৰচেষ্টা চলাইছো যিয়ে দীৰ্ঘম্যাদীভাৱে তেওঁলোকক উপকৃত কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা পেৰালিম্পিক ক্ৰীড়ালৈকে অসমৰ পৰা অহা PwD সকলে ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী মঞ্চত পাৰদৰ্শিতা দেখুৱাইছে। গুৱাহাটীৰ ওচৰৰ আগন্তুক নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিচেবিলিটি ষ্টাডিজ — উত্তৰ-পূবৰ এই ধৰণৰ প্ৰথমখন — ৰাজ্য চৰকাৰৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাক আৰু অধিক প্ৰতিফলিত কৰিব আৰু ভৱিষ্যতৰ বাবে দক্ষ প্ৰাৰ্থী প্ৰস্তুত কৰি উলিয়াব।”

প্ৰতিযোগিতাসমূহৰ সমান্তৰালভাৱে আজিৰ প্ৰথম দিনটোত (২২ আগষ্ট) বিশেষভাৱে সক্ষম সকলৰ অন্তৰ্ভুক্তি আৰু দক্ষতাৰ ওপৰত আঞ্চলিক সন্মিলন অনুষ্ঠিত হয়, য’ত সমাজৰ বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰিবলগীয়া বিষয়সমূহত বিভিন্ন ধৰণৰ আলোচনা চক্ৰ অনুষ্ঠিত হয় আৰু বক্তা সকলে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব পূৰ্ণ বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত কাৰ্যকৰী সহায়ক  উদ্ভাৱন, নীতি আৰু সামাজিক নিগম দায়বধ্বতাৰ অংশীদাৰিত্ব, অন্তৰ্ভুক্ত কৰ্মক্ষেত্ৰ আৰু পিডব্লিউডি চেঞ্জমেকাৰ কাহিনীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে দক্ষতাৰ সৈতে জৰিত ক্ষেত্ৰ সমূহো শক্তিশালী কৰাৰ ক্ষেত্ৰত এবিলিম্পিক আৰু লাভবিহীন সংস্থা সমূহৰ মাজৰ সহযোগিতাৰ ওপৰতো আলোকপাত কৰা হয়। নিমন্ত্ৰিত অতিথি সকলে চৰকাৰ, নিগম, বেচৰকাৰী সংস্থা আৰু অক্ষমতা খণ্ডৰ বিভিন্ন ক্ষেত্ৰৰ নিৰ্দিষ্ট বক্তাসকলে অধিক অন্তৰ্ভুক্ত ভৱিষ্যতৰ বাবে সমাধান সহযোগী সৃষ্টি কৰিবলৈ ২ দিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন মন্তব্য আগবঢ়াই।

এনএএআইৰ সচিব প্ৰধান তথা সাৰ্থক এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ড০ জিতেন্দৰ আগৰৱালে প্ৰসঙ্গত কয় যে, “ইষ্ট জনৰ এই অনুষ্ঠান অথবা কাৰ্যসূচীয়েই হৈছে এই পৰ্যায়ত দিব্যাংগ সকলৰ বাবে চূড়ান্ত পৰ্য্যায়ৰ সুযোগ আৰু সুবিধা যাতে তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি ফিনলেণ্ড ২০২৭ৰ বিশ্ব পৰ্যায়ত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতা মূলক মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ গ্ৰহণ কৰিব পাৰে । 

তেওঁ স্থানীয় প্ৰভাৱৰ ওপৰত আৰু আলোকপাত কৰি কয়, "২০২২ চনত আৰম্ভ হোৱা আমাৰ গুৱাহাটী কেন্দ্ৰটোৱে ইতিমধ্যে ৯০০ৰো অধিক পিডব্লিউডিক প্ৰশিক্ষণ দিছে, প্ৰায় ৭০% কৰ্পৰেটত স্থাপন কৰা হৈছে।আন ৩০০ জনক ডিজিটেল সাক্ষৰতাত উন্নীত কৰা হৈছে।বাকছা, বৰপেটা, মৰিগাঁৱৰ দৰে জিলাৰ পৰা আমি এতিয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰসাৰণ কৰিছো যাতে কোনো প্ৰতিভা পিছ পৰি নাথাকে।"

গুৱাহাটীৰ শ্ৰৱণ ক্ষমতাহীন অংশগ্ৰহণকাৰী স্নিগ্ধা ৰাজবংশীয়ে মন্তব্য প্ৰদান কৰি কয় , “মই কেতিয়াও কল্পনা কৰা নাছিলো যে মই এনেকুৱা এখন মঞ্চ পাম। এবিলিম্পিকে মোক দেখুৱাই দিলে যে মোৰ ক্ৰ’চেট দক্ষতাই গুৰুত্বপূৰ্ণ আৰু এতিয়া মই ৰাষ্ট্ৰীয় পৰ্য্যায়ত উপনীত হোৱাৰ সপোন দেখিছো আৰু এদিন ফিনলেণ্ড ২০২৭ত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিম।”  তেওঁৰ বাহিৰেও আন কেইবাজনো অংশগ্ৰহণকাৰী কেৱল জয়ী হ’বলৈ নহয়, বিভিন্ন কৰ্ম দক্ষতাত নিস্তব্ধ স্থিতিস্থাপকতা আৰু অসাধাৰণ সৃষ্টিশীলতাৰে জীৱনক প্ৰতিনিধিত্ব কৰিবলৈও অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

গুৱাহাটীৰ পৰা বিজয়ীসকলে গুৰুগ্ৰামত অহা নবেম্বৰ মাহত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় এবিলিম্পিক প্ৰতিযোগীতাৰ বাবে যোগ্যতা অৰ্জন কৰিব, য’ত ফিনলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় এবিলিম্পিক (২০২৭) প্ৰতিবন্ধী ব্যক্তিৰ বাবে বিশ্বব্যাপী “কাৰ্য্য দক্ষতা অলিম্পিক” শীৰ্ষক প্ৰতিযোগিতাত  অংশগ্ৰহণৰ বাবে টিম ইণ্ডিয়া নিৰ্বাচিত কৰা হব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here