অধিক স্বাভাৱিক আৰু দীৰ্ঘস্থায়ী গাঁঠি প্ৰতিস্থাপনত বিপ্লৱৰ সূচনা ৰবটিক প্ৰযুক্তিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 9 July 2025

অধিক স্বাভাৱিক আৰু দীৰ্ঘস্থায়ী গাঁঠি প্ৰতিস্থাপনত বিপ্লৱৰ সূচনা ৰবটিক প্ৰযুক্তিৰ


 

W7s news,,গুৱাহাটী, ৯ জুলাই, ২০২৫: গাঁঠিৰ বিষক এটা সময়ত গণ্য কৰা হৈছিল সক্ৰিয় জীৱন যাপনত এক অপ্ৰতিৰোধ্য বাধা হিচাপে। কিন্তু সময়ৰ লগে লগে এতিয়া সলনি হৈছে দৃশ্যপট। আধুনিক অস্থিৰোগ চিকিৎসাৰ অগ্ৰগতি, বিশেষকৈ ‘এক্টিভ ৰবটিক জয়েন্ট ৰিপ্লেচমেণ্ট’ প্ৰযুক্তিয়ে এতিয়া আঁঠু আৰু নিতম্বৰ অস্ত্ৰোপচাৰক অধিক নিখুঁত, দ্ৰুতভাৱে নিৰাময় হোৱা, কম বিষজনক আৰু অধিক স্বাভাৱিক অনুভৱ কৰা পদ্ধতিলৈ ৰূপান্তৰিত কৰিছে। যাৰ ফলত ৰোগীয়ে এতিয়া পূৰ্বতকৈ বহু বেছি দ্ৰুতগতিত সুস্থ হৈ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ সক্ষম হৈছে।


এক্টিভ ৰবটিক ব্যৱস্থাই থ্ৰীডি ইমেজিঙৰ সৈতে ৰবটিক নিখুঁততাক সংযুক্ত কৰি জয়েণ্ট ৰিপ্লেচমেণ্টক নতুন উচ্চতালৈ লৈ গৈছে। এই চিকিৎসা ব্যৱস্থাত অস্ত্ৰোপচাৰৰ পূৰ্বে উন্নত ইমেজিং প্ৰযুক্তিৰ সহায়ত প্ৰতিটো পদক্ষেপৰ বিশদ পৰিকল্পনা কৰা হয় আৰু অস্ত্ৰোপচাৰৰ সময়ত প্ৰতিডাল হাড় কাটি ইমপ্লাণ্ট স্থাপন ৰবটিকৰ সহায়ত কৰা হয়। এই মসৃণ সামঞ্জস্যই গাঁঠিৰ স্থিৰতা আৰু দীৰ্ঘায়ু বৃদ্ধি কৰাই নহয়, পাতল কলাৰ ক্ষতিও বহু পৰিমাণে হ্ৰাস কৰে। যাৰ ফলত ৰোগীৰ আৰোগ্য দ্ৰুত, অধিক আৰামদায়ক আৰু জটিলতামুক্ত হৈ পৰে।


সাকেটৰ মেক্স ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ অধ্যক্ষ তথা ৰবটিক জয়েণ্ট ৰিপ্লেচমেণ্টৰ মুৰব্বী ডাঃ সুজয় ভট্টাচাৰ্যই কয়, ‘এই প্ৰযুক্তিৰ আটাইতকৈ উল্লেখযোগ্য সুবিধাটো হ’ল ৰোগীৰ দ্ৰুত আৰোগ্য লাভ। যদিও গতানুগতিক অস্ত্ৰোপচাৰৰ দ্বাৰা সুস্থ হৈ উঠিবলৈ বহু সময় লাগে, কিন্তু বহু ৰোগীয়ে সক্ৰিয় ৰবটিক জয়েন্ট ৰিপ্লেচমেণ্টৰ পিছত কেইঘণ্টামানৰ ভিতৰতে থিয় হৈ খোজ কাঢ়িব পাৰে। এই পদ্ধতিত পেশী আৰু লিগামেণ্টৰ বৃহৎ ক্ষতিৰ পৰা বিৰত থকাৰ ফলত শৰীৰৰ ক্ষতি কম হয়, যাৰ বাবে বিষ হ্ৰাস পায় আৰু আৰোগ্য লাভৰ সময়ো কমি যায়। তদুপৰি প্ৰাৰম্ভিক গতিবিধিয়ে তেজৰ জমা হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে আৰু পেশীৰ শক্তি দ্ৰুত বৃদ্ধিত সহায় কৰে। ৰবটিক প্ৰণালীয়ে অধিক নিখুঁত অস্ত্ৰোপচাৰৰ লগতে ইমপ্লাণ্টৰ দীৰ্ঘস্থায়িত্বও নিশ্চিত কৰে।”


এই উন্নত প্ৰযুক্তিয়ে একাধিক উচ্চ-নিখুঁত পদ্ধতিৰ অনুমতি প্ৰদান কৰে। উদাহৰণস্বৰূপে, ক্ৰুচিয়েট ৰিটেইনিং ৰবটিক টোটেল নি ৰিপ্লেচমেণ্ট, য’ত আঁঠুৰ গুৰুত্বপূৰ্ণ লিগামেণ্টসমূহ সংৰক্ষণ কৰি ৰখা হয় যাতে স্থিৰতা আৰু গতি অধিক স্বাভাৱিকভাৱে বজাই ৰাখিব পাৰি। ৰবটিক টোটেল হিপ ৰিপ্লেচমেণ্টত প্ৰতিটো অংশ নিখুঁতভাৱে স্থাপন কৰা হয়, যাৰ ফলত দীৰ্ঘম্যাদী ভাল ফলাফল আৰু বিপদ হ্ৰাস পোৱাটো নিশ্চিত হয়। ৰবটিক আৰ্ম-এচিষ্টেড পাৰ্চিয়েল নি ৰিপ্লেচমেণ্টে কেৱল ক্ষতিগ্ৰস্ত অংশটোৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে, যাতে প্ৰাকৃতিক কলা অক্ষত থাকে আৰু ৰোগী সোনকালে সুস্থ হৈ উঠে। ইয়াৰ উপৰিও ৰবটিক আৰ্ম-এচিষ্টেড মিডিয়াল পিভট নি প্ৰযুক্তিও আছে, যিটো চিমেণ্টযুক্ত আৰু চিমেণ্টবিহীন দুয়োটা ফৰ্মেটতে উপলব্ধ।


লক্ষ্যণীয়ভাৱে, একেদিনাই কৰা ৰবটিক অস্ত্ৰোপচাৰে এতিয়া দূৰৱৰ্তী অঞ্চলৰ পৰা চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ বাবে এই প্ৰক্ৰিয়াটো যথেষ্ট সহজ কৰি তুলিছে। প্ৰাৰম্ভিক মূল্যায়নৰ পৰা আৰম্ভ কৰি অস্ত্ৰোপচাৰ আৰু প্ৰাৰম্ভিক পুনৰ্বাসনলৈকে সকলো একেলগে কৰা হয়, যাৰ ফলত দীৰ্ঘদিন ধৰি চিকিৎসালয়ত থকাৰ প্ৰয়োজনীয়তা নাইকিয়া হয়। আনকি নূন্যতম সহায়ক পুনৰ্বাসনৰ দ্বাৰাও ৰোগীয়ে খোজ কঢ়া বা গাড়ী চলোৱাৰ দৰে দৈনন্দিন কাম-কাজলৈ দ্ৰুতভাৱে ঘূৰি আহিব পাৰে।


ডা০ সুজয়ে লগতে কয়, "এক্টিভ ৰবটিক জয়েন্ট ৰিপ্লেচমেণ্টৰ বহু গুৰুত্বপূৰ্ণ সুবিধা আছে যিয়ে ৰোগীৰ ফলাফল বহু পৰিমাণে উন্নত কৰে। এই পদ্ধতিৰ দ্বাৰা গুৰুত্বপূৰ্ণ লিগামেণ্ট আৰু পেশীবোৰ অক্ষত অৱস্থাত থাকে, যাৰ ফলত গাঁঠিটোক অধিক স্বাভাৱিকভাৱে গতি কৰাব পৰা যায় আৰু অস্ত্ৰোপচাৰৰ পিছৰ বিষ কম হয়। ৰোগীয়ে অতি কম সময়ৰ ভিতৰতে খোজ কাঢ়িবলৈ আৰম্ভ কৰিব পাৰে, যিয়ে তেওঁলোকক দ্ৰুতভাৱে সুস্থ হোৱাত সহায় কৰে। ইয়াৰ উপৰিও ৰবটিক প্ৰযুক্তিৰ নিখুঁততাই ৰক্তক্ষৰণ হ্ৰাস কৰে, কটা অংশ সৰু হোৱাৰ বাবে ঘাঁৰ জটিলতা বহু পৰিমাণে কমি যায়। এই উন্নত পদ্ধতিৰ বাবে ব্যাপক পুনৰ্বাসনৰ প্ৰয়োজন নাই, গতিকে ৰোগীয়ে দ্ৰুত আৰু আৰামত নিজৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিব পাৰে।"


এই এক্টিভ ৰবটিক জয়েন্ট ৰিপ্লেচমেণ্ট অস্থিৰোগ বিশেষজ্ঞৰ জগতখনত এক নতুন যুগৰ সূচনা কৰিছে, য’ত আধুনিক প্ৰযুক্তিৰ সৈতে ৰোগীকেন্দ্ৰিক যত্নৰ সংমিশ্ৰণ ঘটিছে। এই উন্নত পদ্ধতিৰ ফলত কম বিষ হয়, ৰোগীৰ আৰোগ্য দ্ৰুত হয় আৰু দীৰ্ঘম্যাদী ফলাফল ভাল হয়। ফলত এই প্ৰযুক্তিভিত্তিক চিকিৎসাই মানুহক নতুন ধৰণেৰে আগবাঢ়ি যাবলৈ সাহস আৰু প্ৰেৰণা যোগাইছে। একে সময়তে এই আধুনিক চিকিৎসা পদ্ধতিৰ দ্বাৰা ৰোগীয়ে এতিয়া আত্মবিশ্বাসেৰে স্বাভাৱিক জীৱনলৈ ঘূৰি আহিবলৈ সক্ষম হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here