লঘু বাণিজ্যিক বাহন শাখাত সৰ্বাধিক মাইলেজ আৰু সৰ্বাধিক লাভৰ নিশ্চয়তাৰে বজাৰত আত্মপ্ৰকাশ মহিন্দ্ৰা ফিউৰিঅ’ ৮ৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 8 July 2025

লঘু বাণিজ্যিক বাহন শাখাত সৰ্বাধিক মাইলেজ আৰু সৰ্বাধিক লাভৰ নিশ্চয়তাৰে বজাৰত আত্মপ্ৰকাশ মহিন্দ্ৰা ফিউৰিঅ’ ৮ৰ


 


W7s news,,গুৱাহাটী; ৮ জুলাই, ২০২৫: দেশৰ বাণিজ্যিক বাহনৰ জগতখনত এক নতুন অধ্যায়ৰ সূচনা কৰি মহিন্দ্ৰা গ্ৰুপৰ সহযোগী প্ৰতিষ্ঠান মহিন্দ্ৰা ট্ৰাক এণ্ড বাছে (এম টি বি) আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে মহিন্দ্ৰা ফিউৰিঅ’ ৮। উল্লেখ্য যে, আধুনিক প্ৰযুক্তিৰে নিৰ্মিত এই নতুন এল চি ভি ট্ৰাক ছিৰিজে গ্ৰাহকক প্ৰদান কৰে এক অভূতপূৰ্ব প্ৰতিশ্ৰুতিঃ “যদি আপুনি সৰ্বাধিক মাইলেজ নাপায়, তেন্তে ট্ৰাক ঘূৰাই দিয়ক।”


মহাৰাষ্ট্ৰৰ চাকনত থকা মহিন্দ্ৰাৰ অত্যাধুনিক কাৰখানাত নিৰ্মিত ফিউৰিঅ’ ৮ ট্ৰাকখন ৪-টায়াৰ কাৰ্গো আৰু ৬-টায়াৰ কাৰ্গো- এই দুটা মডেলত উপলব্ধ হ’ব। দুয়োটা ভেৰিয়েন্ট বিশেষভাৱে বিভিন্ন ব্যৱসায়িক প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা হৈছে। সৰ্বোচ্চ লাভজনকতা, উন্নত মাইলেজ, অধিক কাৰ্গো ক্ষমতা, আৰু চালকৰ বাবে এটা আৰামদায়ক আৰু নিৰাপদ কেবিন- মুঠতে এই গাড়ীখন কেৱল এখন বাহন নহয়, লাভজনকতাৰ এক নতুন সংজ্ঞা হিচাপে পৰিগণিত হ’ব। এনে পৰিপ্ৰেক্ষিততে মহিন্দ্ৰাই তেওঁলোকৰ গ্ৰাহকক এক স্পষ্ট বাৰ্তা প্ৰদান কৰিছে যে, "ট্ৰাক সলনি কৰক, ভাগ্য সলনি হ’ব (ট্ৰাক বদলো, টকডীৰ বদলেগী)।"


এই নতুন ট্ৰাক ছিৰিজৰ মুকলি অনুষ্ঠানত মহিন্দ্ৰা গ্ৰুপৰ ট্ৰাক, বাছ, নিৰ্মাণ সঁজুলি, এৰোস্পেচ এণ্ড ডিফেন্সৰ অধ্যক্ষ তথা গ্ৰুপ এক্সিকিউটিভ ব’ৰ্ডৰ সদস্য বিনোদ সাহায়ে কয়, “মহিন্দ্ৰা ফিউৰিঅ’ ৮ৰ নতুন এল চি ভি ট্ৰাক শৃংখলাৰ মুকলিৰ জৰিয়তে আৰু আমাৰ ‘সৰ্বাধিক মাইলেজ লাভ কৰক, নহ’লে ট্ৰাক ঘূৰাই দিয়ক’ নিশ্চয়তাই গ্ৰাহকসকলক এই খণ্ডত সৰ্বাধিক ব্যৱসায়িক লাভ অৰ্জনৰ সুযোগ প্ৰদান কৰিব। এই নতুন ট্ৰাক ছিৰিজে উৎকৰ্ষতা আৰু গ্ৰাহককেন্দ্ৰিকতাৰ নতুন মানদণ্ড স্থাপন কৰিছে, যিয়ে আমাৰ এই খণ্ডৰ প্ৰতি গুৰুত্ব আৰু সামগ্ৰীৰ প্ৰতি অটল আত্মবিশ্বাস প্ৰতিফলিত কৰে।”


অন্যহাতে, মহিন্দ্ৰা এম টি বি আৰু নিৰ্মাণ সঁজুলি বিভাগৰ ব্যৱসায়িক মুৰব্বী ড০ ভেংকট শ্ৰীনিবাসে কয়, “মহিন্দ্ৰা ফিউৰিঅ’ ৮ সুৰক্ষা, আৰাম আৰু সুবিধাৰ সৈতে কোনোধৰণৰ আপোচ নকৰাকৈ গ্ৰাহকৰ ৰাজহ বৃদ্ধি, মালিকীস্বত্বৰ মুঠ খৰচ (টি চি অ’) হ্ৰাস কৰাৰ বাবে ডিজাইন কৰা হৈছে। এই ট্ৰাকখনৰ ৰক্ষণাবেক্ষণ খৰচো তেনেই ন্যূনতম।’’ 


ইফালে, ফিউৰিঅ’ ৮ৰ সৈতে দুটা সেৱাৰ নিশ্চয়তা প্ৰদান কৰা হৈছেঃ যদি কোনো ট্ৰাক ৱৰ্কশ্বপলৈ লৈ যোৱা হয় আৰু ৩৬ ঘণ্টাৰ ভিতৰত সেৱা সম্পূৰ্ণ নহয়, তেন্তে প্ৰতিদিনে ৩,০০০ টকাৰ অতিৰিক্ত ক্ষতিপূৰণ প্ৰদান কৰা হ’ব; আৰু ট্ৰাকখন পুনৰ পথলৈ ঘূৰি আহিবলৈ যদি ৪৮ ঘণ্টাৰো অধিক সময় লাগে, তেন্তে প্ৰতিদিনে ১০০০ টকা ক্ষতিপূৰণ আদায় দিয়া হ’ব। ইয়াৰ উপৰিও ফিউৰিঅ’ ৮ত মহিন্দ্ৰাৰ অত্যাধুনিক টেলিমেটিক্স প্ৰযুক্তি আই এম এ এক্স এক্স (iMAXX) আছে, যিটো দেশৰ অন্যতম উন্নত প্ৰযুক্তি। ইয়াৰ জৰিয়তে গ্ৰাহকে ৰিয়েল-টাইম ল’কেচন ট্ৰেকিং, জিঅ’ফেন্সিং, বাহনৰ অৱস্থা নিৰীক্ষণ, চালকৰ কৰ্মক্ষমতা বিশ্লেষণ, ফ্লীট ডেচব’ৰ্ডৰ লগতে আন বহুতো গুৰুত্বপূৰ্ণ সুবিধা লাভ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here