ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 13 July 2025

ৰূপনগৰ সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি

 


 W7s news গুৱাহাটী : গুৱাহাটী পৌৰনিগমৰ

মেয়ৰ মৃগেন শৰণীয়াই দেওবাৰে গুৱাহাটীৰ ২৯ নং ৱাৰ্ডৰ “অসম দর্শন” আঁচনিৰ দ্বাৰা নিৰ্মিত ৰূপনগৰস্থিত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ দ্বাৰ মুকলি কৰে।এই উপলক্ষে নামঘৰ প্ৰাংগণত সেৱা মন্দিৰ ৰাজহুৱা নামঘৰৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ উপদেষ্টা কুমুদ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত মেয়ৰ মৃগেন শৰণীয়াই কয়- এই নামঘৰটোৰ সামগ্ৰিক উন্নয়নৰ লগতে চাৰিওফালে দেৱাল দিয়ৰো কাম আৰম্ভ হ'ব। লগতে নামঘৰৰ চৌদহত গছপুলি ৰোপন কৰা হ'ব।নামঘৰটোত বাপ-আইসকলে যাতে নাম-প্ৰসংগ সুচাৰুভাৱে কৰি যাব পাৰে তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহন  কৰা হ'ব। তেওঁ লগতে অঞ্চলটোৰ বাট-পথকে ধৰি অন্যান্য সমস্যা শীঘ্ৰে সমাধানৰ কৰা হ'ব বুলি কয়। সভাত বিশিষ্ট অতিথি হিচাপে জয়ন্ত কলিতা,সত্যজিত দাস,সঞ্জয় সিং,ৰাহুল মেধি,গোলক ৰাজবংশীৰ লগতে নামঘৰৰ উপদেষ্টা দময়ন্তী ডেকা, সভাপতি মহিমা দাস,সম্পাদক দিপ্তী দাস, ধন ভৰালী উৰ্বশী দাস,সদস্য


পূৰ্ণিমা দাস, মঞ্জুবালা দাস, বেবী সোণোৱাল, ৰিজু কোৱঁৰ, ৰুণুবালা দাস, ৰুণজুন শৰ্মা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here