নাবাৰ্ড অসমৰ আঞ্চলিক কাৰ্যালয়ৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, গ্ৰাম্য উন্নয়নৰ পথিকৃৎসকললৈ স্বীকৃতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 13 July 2025

নাবাৰ্ড অসমৰ আঞ্চলিক কাৰ্যালয়ৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন, গ্ৰাম্য উন্নয়নৰ পথিকৃৎসকললৈ স্বীকৃতি


 

পদ্মশ্রী সৰ্বেশ্বৰ বসুমতাৰী, অসমৰ বিখ্যাত বীজ সংৰক্ষক মোহন চন্দ্ৰ বৰা আৰু অসম গৌৰৱ বটা প্ৰাপ্ত ক’লা ধানৰ অগ্ৰণী উপেন্দ্ৰ ৰাভাক অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন


W7s news,,গুৱাহাটী, ১২ জুলাই ২০২৫: গ্ৰাম্য উন্নয়নৰ উৎসাহ আৰু সৰ্বাংগীণ সমৃদ্ধিৰ চেতনা উদযাপনৰ এক বিশেষ কাৰ্যসূচীৰে আজি অনুষ্ঠিত কৰা হ’ল নাবাৰ্ডৰ অসম আঞ্চলিক কাৰ্যালয়ৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। নাবাৰ্ডৰ কাৰ্যালয় পৰিসৰত আয়োজিত এই বিশেষ অনুষ্ঠানত পদ্মশ্রী সৰ্বেশ্বৰ বসুমতাৰী, অসমৰ বিখ্যাত বীজ সংৰক্ষক মোহন চন্দ্ৰ বৰা আৰু অসম গৌৰৱ বটা প্ৰাপ্ত ক’লা ধানৰ অগ্ৰণী উপেন্দ্ৰ ৰাভাক গ্ৰাম্য সমাজৰ কল্যাণৰ বাবে তেওঁলোকৰ অমূল্য অৱদানৰ স্বীকৃতিস্বৰূপে সন্মানিত কৰা হয়।

উল্লেখ্য যে, গ্ৰাম্য প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰাৰ অটল সংকল্পৰে দক্ষতা বিকাশ, অৱকাঠামো নিৰ্মাণ আৰু সময়োপযোগী ঋণৰ সাহায্যৰ জৰিয়তে উন্নয়নৰ ব্যৱধান দূৰ কৰাত এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে নাবাৰ্ড অসমৰ আঞ্চলিক কাৰ্যালয়ে। এই প্ৰচেষ্টাই অসমৰ গ্ৰাম্য অৰ্থনীতিত স্থায়ী প্ৰগতিৰ পথ মুকলি কৰিছে, যিয়ে গ্ৰাম্য সমাজৰ জীৱনমান উন্নত কৰি এক স্বাৱলম্বী ভৱিষ্যতৰ ভেটি স্থাপন কৰিছে।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা। তদুপৰি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ চৰকাৰী বিষয়া, বেংকৰ প্ৰতিনিধি আৰু উন্নয়ন খণ্ডৰ গণ্যমান্য ব্যক্তি তথা সংশ্লিষ্ট পক্ষৰ প্ৰতিনিধিসকল।

এই উপলক্ষ্যে মত প্ৰকাশ কৰি নাবাৰ্ড অসমৰ মুখ্য মহাপ্ৰৱন্ধক কমৰ জাভেদে কয়, “অসমৰ গ্ৰাম্য অঞ্চলৰ উন্নতিৰ বাবে নাবাৰ্ড সদা দায়বদ্ধ। আমাৰ কৃষিভিত্তিক অৰ্থনীতিৰ মূল শক্তি হিচাপে থকা প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰি, সহযোগিতাৰ জৰিয়তে আমি দৃঢ় আৰু স্বাৱলম্বী গ্ৰাম্য সমাজ গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলাই আহিছো।”

অনুষ্ঠানৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাধিক উৎকৃষ্ট কৃষক উৎপাদক সংস্থা (এফ পি অ’) আৰু প্ৰাথমিক কৃষি ঋণ সমিতি (পি এ চি এছ)-ক গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ বাবে সন্মানিত কৰা হয়। ইয়াৰ উপৰিও, ৰাজ্যৰ ১৪টা পি এ চি এছৰ সফলতাৰ কাহিনী তুলি ধৰা ‘সহকাৰ-চে-সমৃদ্ধি – প্ৰ’চপাৰিং টুগেদাৰঃ টেলছ অৱ আছাম’ শীৰ্ষক এখন বুকলেট আৰু ইণ্টাৰনেশ্যনেল ইয়েৰ অৱ কোঅপাৰেটিভ (আই ৱাই চি)-২০২৫ উদযাপনৰ অংশ হিচাপে নাবাৰ্ডৰ দ্বাৰা আয়োজিত ‘এক পেড় মা কে নাম’ বৃক্ষৰোপণ অভিযানৰ ওপৰত এখন ডিজিটেল ফ্লিপবুক এই অনুষ্ঠানত মুকলি কৰা হয়।

উল্লেখ্য যে, নাবাৰ্ডৰ এই প্ৰতিষ্ঠা দিৱসে তেওঁলোকৰ চিৰন্তন অভিযান- 'টেকিং ৰুৰেল ইণ্ডিয়া ফৰৱাৰ্ড’ক প্ৰতিফলিত কৰিছে। এই অনুষ্ঠানে সৰ্বাংগীণ আৰু স্থায়ী উন্নয়নৰ জৰিয়তে লাখ লাখ জীৱনৰ পৰিৱৰ্তনৰ প্ৰতি তেওঁলোকৰ অদম্য নিষ্ঠা পুনৰ এবাৰ তুলি ধৰা পৰিলক্ষিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here