ভাৰতবৰ্ষৰ আগশাৰীৰ স্নায়ুৰোগ বিশেষজ্ঞৰ উপস্থিতিৰে জিএনআৰচিত নিউৰ' ইমিউন'ল'জী বিষয়ত চিএমই সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 26 July 2025

ভাৰতবৰ্ষৰ আগশাৰীৰ স্নায়ুৰোগ বিশেষজ্ঞৰ উপস্থিতিৰে জিএনআৰচিত নিউৰ' ইমিউন'ল'জী বিষয়ত চিএমই সম্পন্ন

 


W7s news গুৱাহাটী :: উত্তৰ-পূৰ্বাঞ্চলৰ স্নায়ুৰোগৰ চিকিৎসা আৰু গৱেষণাৰ ক্ষেত্ৰত অগ্রণী চিকিৎসা প্রতিষ্ঠান জিএনআৰচি হাস্পতালত শনিবাৰে এখন অবিৰত চিকিৎসা শিক্ষা অনুষ্ঠানৰ (চিএমই) আয়োজন কৰা হয়। হাস্পতালখনৰ দিছপুৰ চৌহদত 'আপডেট অন নিউব' ইমিউন 'লজী' বিষয়ত এই চিএমইখনৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও স্নায়ুৰোগ বিশেষজ্ঞ, গবেষক আৰু বুজন সংখ্যক চিকিৎসকে অংশগ্রহণ কৰি স্নায়ুৰ প্ৰতিৰোধ ক্ষমতাৰ বিকাৰৰ অত্যাধুনিক অগ্রগতিৰ বিষয়ে আলোচনা কৰে। এই চিএমইখনৰ আয়োজনেৰে জিএনআৰচি হাস্পতালে অঞ্চলটিত চিকিৎসা সেৱা আৰু গৱেষণাৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতাক পুনৰবাৰ প্ৰতিপন্ন কৰিলে।

অসম আৰু মুম্বাইৰ কেইবাগৰাকীও প্রখ্যাত স্নায়ুৰোগ বিশেষজ্ঞ, মলেকুলাৰ পেথ'ল'জিষ্ট, চিকিৎসক আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীয়ে আজিৰ এই অনুষ্ঠানত অংশগ্রহণ কৰে। এই বুজনসংখ্যক লোকৰ অংশগ্রহণে নিউৰ' ইমিউন 'লজীৰ প্ৰতি ক্রমাৎ বৃদ্ধি পোৱা আগ্রহক প্রতিফলিত কৰে।


গবেষণা অনুসৰি শেহতীয়াকৈ মাল্টিপল স্কেলেৰ 'ছিছ, এনএমঅ' স্পেকট্রাম ডিছঅৰ্ডাৰ আৰু নিউৰ'জেনেটিক ৰোগবোৰ বাঢ়িব ধৰিছে। সেয়েহে আজিৰ এই অনুষ্ঠানত বহু বিষয়ক সহযোগিতা আৰু প্ৰমাণভিত্তিক নিদান আৰু চিকিৎসা পদ্ধতিৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।


মূল আলোচনা আৰু বিশিষ্ট বক্তাসকল এই কাৰ্যসূচীত ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু স্নায়ুতন্ত্ৰৰ মাজৰ জটিল আন্তঃক্ৰিয়াৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হৈছিল, য'ত নিম্নোক্ত বিষয়সমূহৰ ওপৰত দৃষ্টিপাত কৰা হয়-।শেহতীয়া চিকিৎসা আৰু ৰোগ নির্ণয় প্রযুক্তি

ব্যক্তি বা ৰোগী অনুসাৰে সজাই লোৱা চিকিৎসা প্রট'কল


- বিৰল স্নায়ুজনিত ৰোগৰ ক্ষেত্ৰত ভাৰতীয় চিকিৎসকৰ দৃষ্টিভংগী


বিশিষ্ট বক্তাসকলৰ ভিতৰত আছিল-


- ডাঃ সতীশ বসন্ত খাদিলকাৰ, স্নায়ুৰোগ বিভাগৰ মুৰব্বী, বম্বে হাস্পতাল এণ্ড মেডিকেল বিচাৰ্ছ চেন্টাৰ


বিষয়: লিম্ব গির্ভল মাছকুলাৰ ডিস্ট্রফি- ভাৰতীয় দৃষ্টিভংগী


- ডাঃ নীলাঞ্জু শৰ্মা, ৰিচাৰ্ছ আৰু ডেভেলপমেণ্টৰ মুৰব্বী, মেট্ৰ'পলিছ হেল্থ, মুম্বাই বিষয়: স্নায়ুজনিত বিকাৰত আণবিক জিন'মিকছ- আমি কি জনা উচিত


ডাঃ ৰূপজ্যোতি দাস, জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ, জিএনআৰচি হাস্পতাল, দিছপুৰ


বিষয়: এনএমঅ' স্পেকট্রাম ডিছঅৰ্ডাৰ- এক সুকীয়া সত্তা।


ডাঃ কিনজাং বাংডা, স্নায়ুৰোগ বিশেষজ্ঞ, জিএনআৰচি হাস্পতাল, ছয়মাইল


বিষয়: মাল্টিপল স্কেলেৰ'ছিছ ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত শেহতীয়া তথ্য


ডাঃ নৱজ্যোতি বৰকটকী, জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞ, জিএনআৰচি হাস্পতাল, দিছপুৰ


স্নায়ুৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত সুদৃঢ় পদক্ষেপ


অনুষ্ঠানটিত উপস্থিত থকা সংবাদ মাধ্যমৰ প্রতিনিধিবৃন্দক সম্বোধি ডাঃ ৰূপজ্যোতি দাসে কয়, "এই চিএমইখনৰ জৰিয়তে জিএনআৰচিয়ে নিউৰ' ইমিউন 'লজীৰ চৰ্চাৰ ক্ষেত্ৰত আগভাগ লৈছে। আধুনিক চিকিৎসা বিজ্ঞানত এতিয়া নতুন পৰীক্ষা আৰু চিকিৎসা পদ্ধতিসমূহ উপলব্ধ হোৱাৰ লগে লগে উত্তৰ-পূব ভাৰতৰ চিকিৎসকসকলৰ এই বিষয়ে অবগত আৰু সমৃদ্ধ হৈ থকাত সহায় কৰিবলৈ এনেধৰণৰ কাৰ্যসূচী অতি গুৰুত্বপূর্ণ। আমাৰ মূল লক্ষ্য হৈছে আমাৰ অঞ্চলৰ লোকসকলৰ বাবে চিকিৎসা জ্ঞানক প্রকৃত স্বাস্থ্য উপকাৰিতালৈ ৰূপান্তৰ কৰা।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here