W7s news,,গুৱাহাটী, অসম– ২৫ জুলাই, ২০২৫: উত্তৰ-পূব ভাৰতত স্বচ্ছ আৰু স্মাৰ্ট গতিশীলতা সৃষ্টিৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে দেশৰ অন্যতম আগশাৰীৰ বৈদ্যুতিক দুচকীয়া বাহন নিৰ্মাতা কোম্পানী এথাৰ এনাৰ্জীৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছে এ প্লাছ চাৰ্জে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতত বৈদ্যুতিক বাহন (ইভি) চাৰ্জিং নেটৱৰ্ক সম্প্ৰসাৰণ কৰি অঞ্চলটোত ইভিৰ গ্ৰহণযোগ্যতা আৰু অধিক বৃদ্ধি কৰা।
এই অংশীদাৰিত্বৰ অধীনত এথাৰ এনাৰ্জীয়ে উত্তৰ-পূবৰ একাধিক কৌশলগত স্থানত ইভি চাৰ্জাৰ স্থাপন কৰিব। প্ৰতিটো চাইটত উচ্চমানৰ ফাষ্ট চাৰ্জাৰ থাকিব, য’ত এথাৰৰ অত্যাধুনিক চাৰ্জিং প্ৰযুক্তিৰ সৈতে এ প্লাছ চাৰ্জৰ উচ্চ ক্ষমতাসম্পন্ন আন্তঃগাঁথনিৰ সংমিশ্ৰণ ঘটিব। এ প্লাছ চাৰ্জে চাৰ্জিং পইণ্টসমূহক শক্তি প্ৰদান কৰিব, যাৰ ফলত ব্যৱহাৰকাৰীসকলৰ বাবে নিৰৱচ্ছিন্ন সেৱা আৰু এটা চাপমুক্ত অভিজ্ঞতা নিশ্চিত হ’ব।
উল্লেখ্য যে, এই যৌথ উদ্যোগৰ মূল উদ্দেশ্য হৈছে উত্তৰ-পূব ভাৰতৰ ইভি চাৰ্জিং আন্তঃগাঁথনি শক্তিশালী, অধিক ব্যাপক আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তোলা।
ইফালে, নতুনকৈ স্থাপন কৰা চাৰ্জিং পইণ্টসমূহ এল ই চি চি এছ (লাইট ইলেক্ট্ৰিক কম্বাইণ্ড চাৰ্জিং চিষ্টেম)ৰ দ্বাৰা সমৰ্থিত সকলো এল ই ভি (লাইট ইলেক্ট্ৰিক বাহন)ৰ বাবে উপযোগী হ’ব। এই চাৰ্জাৰসমূহ বিভিন্ন চহৰৰ উপৰিও গুৰুত্বপূৰ্ণ পৰিবহণ কৰিড’ৰ আৰু জনবসতিপূৰ্ণ অঞ্চলত স্থাপন কৰা হ’ব। এয়া হ’ব দ্ৰুতগতিত বৃদ্ধি পোৱা ইভি ব্যৱহাৰকাৰীক এক নিৰৱচ্ছিন্ন আৰু সুবিধাজনক চাৰ্জিং অভিজ্ঞতা প্ৰদানৰ বাবে এক সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ।
এই গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব সন্দৰ্ভত মত ব্যক্ত কৰি এ প্লাছ চাৰ্জৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক সম্যক জৈনে কয়, "এথাৰ এনাৰ্জীৰ সৈতে এই অংশীদাৰিত্বক লৈ আমি অতিশয় উৎসাহিত। তেওঁলোকেও আমাৰ দৰেই বহনক্ষম আৰু স্মাৰ্ট পৰিবহণ ব্যৱস্থাৰ ভৱিষ্যত গঢ়ি তোলাৰ লক্ষ্যৰে আগবাঢ়িছে। এই সহযোগিতাই উত্তৰ-পূব ভাৰতত ইভি গ্ৰহণৰ ক্ষেত্ৰত আৰু অধিক ত্বৰান্বিত কৰাৰ লগতে অঞ্চলটোত এ প্লাছ চাৰ্জক পূৰ্ণাংগ আৰু নিৰ্ভৰযোগ্য চাৰ্জ পইণ্ট অপাৰেটৰ (চি পি অ’) হিচাপে অধিক প্ৰতিষ্ঠা কৰিব।’’
লক্ষ্যণীয় যে, এই পদক্ষেপৰ প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, শিলিগুৰিৰ দৰে গুৰুত্বপূৰ্ণ চহৰক অগ্ৰাধিকাৰ দিয়া হৈছে। পৰৱৰ্তী পৰ্যায়ত যোৰহাট, ডিমাপুৰ, আগৰতলা, আৰু উত্তৰ-পূব ভাৰতৰ অন্যান্য গুৰুত্বপূৰ্ণ চহৰসমূহলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে।
প্ৰথম পৰ্যায়ত উল্লেখ কৰা চহৰসমূহৰ পৰা আৰম্ভ কৰি অতি সোনকালে স্থাপনৰ কাম আৰম্ভ হ’ব। এই অংশীদাৰিত্ব দেশৰ অন্যতম আশাব্যঞ্জক অথচ তুলনামূলকভাৱে অনুন্নত অঞ্চলত এক বহনক্ষম, সংহত আৰু ভৱিষ্যতমুখী ইভি পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
No comments:
Post a Comment