কেওট সম্প্রদায়ক অনুসূচিত জাতিৰ অন্তর্ভুক্তিৰ বিৰোধিতা কৰি কেওট জাতিক সুবিধাবাদী আখ্যা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ
চৰকাৰক জুইৰ লগত খেলা নকৰিবলৈ সকিয়নীঃ আন্দোলন ঘোষণা
W7s news গুৱাহাটী : বিগত কিছুদিন ধৰি সদৌ অসম কেওট জাতীয় পৰিষদ নামৰ সংগঠনটোৰ লগতে সম্প্রদায়টোৰ দুই-এটা সংগঠনে কেওট সম্প্রদায়ক অনুসূচিত জাতিৰ মৰ্য্যদা দিবৰ বাবে কৰি থকা দাবীৰ বিৰোধিতা কৰি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে তীব্র প্রতিবাদ জনোৱাৰ উপৰিও অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সচিবক স্মাৰক পত্র আদি প্রদান কৰিছে। এই সম্পর্কত সংগঠনটোৱে গুৱাহাটী আৰ্টিষ্ট গীল্ডত আয়োজন কৰা এখন সংবাদ মেলত পৰিষদৰ কেন্দ্রীয় সভাপতি ৰুবুল দাসে কয় - "আচলতে কেওঁট সকল বৰ নির্লজ্জ। কিয়নো দেশৰ স্বাধীনতাৰ সময়ৰ পৰা আজি পৰ্য্যন্ত তেওঁলোকে কেতিয়াবা নিজকে উচ্চ জাতি, কেতিয়াবা কলিতা বুলি পৰিচয় দি আহিছে। ১৯৫১ চনত প্ৰথম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্রস্তুতৰ সময়ত কেওঁটসকলে নিজকে অনুসূচিত জাতি বুলি পৰিচয় দিয়া নাছিল। সেই সময়ত দেশব্যাপী অনুসূচিত জাতিৰ লোকসকলৰ ওপৰত চলি থকা অস্পৃশ্যতা আৰু বৈষম্যৰ পৰা নিৰাপদ দূৰত্বত কেওঁট সকলে উচ্চ জাতিৰ বুলি অৱস্থান গ্রহণ কৰিছিল। তাৰোপৰি, সমগ্র দেশজুৰি ১৯৬১ আৰু ১৯৮০ চনত ৰূপায়ণ কৰা জনসংখ্যা পিয়লৰ তথ্যতো কেওঁট সকলে নিজকে সাধাৰণ শ্ৰেণী বুলিহে চিনাকি দিছিল। পৰৱৰ্তী সময়ত দেশত ৰূপায়ণ কৰা জাতিগত পিয়লৰ তথসমূহতো কেওঁটসকলে অনুসূচিত জাতি বুলি পৰিচয় দিয়া নাছিল। অৱশ্যে মৎস্য বৃত্তিৰ লগত জৰিত 'জাল কেওঁট' সকলক সংবিধানৰ অনুচ্ছেদ ৩৪১ত স্বীকৃতিপ্রাপ্ত অনুসূচিত জাতিত অন্তর্ভূক্ত কৰা হৈছে। ইতিহাসৰ পাট লুটিয়ালে দেখা পোৱা যায় কৃষি বৃত্তিত জৰিত হালৈ কেওঁট সকলে বিভিন্ন স্তৰৰ মাজেদি সমাজৰ উচ্চ-নীচৰ মানদণ্ডৰ বিচাৰত নিজকে উত্তৰণ ঘটাই উচ্চ শ্রেণী বুলিহে চিনাকি দি অহাৰ তথ্য বিদ্যমান। এতিয়া ন্যস্ত স্বার্থ পূৰণৰ আশাত কেওটসকলে নিজকে দলিত বুলি চিনাকি দি অনুসূচিত জাতিৰ মৰ্য্যদাৰ বাবে উঠি-পৰি লাগিছে। এই কার্য্য লজ্জাজনক, হাস্যকৰ আৰু অতিকৈ গৰিহণাৰ যোগ্য।"ৰুবুল দাসে স্পষ্ট ভাষাত কেওঁট সকলক অনুসূচিত জাতিৰ অন্তৰ্ভূক্তৰ আশা পৰিত্যাগ কৰিবলৈ আহ্বান জনাই কয় যে, "কেওঁট সকল স্বভাৱতে সুবিধাবাদী। এতিয়া নির্লজ্জৰ দৰে অনুসচিত জাতিৰ মৰ্য্যাদা বিচাৰিছে। স্বাধীনতাৰ আঠসত্তৰ বছৰ ক'ত সোমাই আছিল কেওঁট সকল। লাজ নালাগেনে কেওঁটৰ নামত সংগঠন কৰা নেতাসকলৰ। এতিয়া চপনীয়া হ'ব বিচাৰিছে। চিঃ, লোকৰ অংশ খাবলৈ আহিছে। চৰকাৰেও ভোটৰ আশাত কেওঁট সকলক অনুসূচিত জাতি ভুক্তৰ প্রলোভন দিছে। গতিকে, কেওঁটৰ নেতাসকলক এই দাবী পৰিত্যাগ কৰিবলৈ আহ্বান জনালো। অন্যথা কেওট জাতীয় পৰিষদকে ধৰি অন্যান্য সংগঠনৰ নেতা কর্মী সকলক অনুসূচিত জাতিৰ অঞ্চল সমূহত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব। আমাৰ অনুসূচিত জাতিৰ লোকসকল দয়ালু, অতিথিপৰায়ণ আৰু স্বভাৱতে সৰল প্ৰকৃতিৰ। গতিকে, অনুসূচিত জাতিৰ মানুহৰ সৰলতাক দুৰ্বল বুলি কেওঁট সকলে ভবাটো মুর্খামি হ'ব। ড° আম্বেদকাৰৰ আদৰ্শৰে পৰিচালিত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে কেওঁটসকলক কেতিয়াও ক্ষমাৰ চকুৰে নাচায়। কিয়নো ভূতৰ ওপৰত দানৱ পৰা দি আমাৰ অংশ খাবলৈ অহা কেওঁট সকলক খেদি পঠিয়াবলৈ অলপো কুণ্ঠাবোধ নকৰো।"
বর্তমান সময়ত অসমত ৭.৫০ শতাংশ সংৰক্ষণ ব্যৱস্থাৰে অনুসূচিত জাতিৰ লোকসকলৰেই কল্যাণ আৰু উন্নয়ন সম্ভৱ হোৱা নাই। গতিকে, কেওঁটক অনুসূচিত জাতিৰ ভূক্তকৰণ কেতিয়াও মানি লোৱা নহ'ব বুলি ৰুবুল দাসে সদৰী কৰি কয় যে, "বিগত ১৩-০৯-১৯৯৩ তাৰিখে ভাৰত চৰকাৰে প্ৰকাশ কৰা 'দ্য গেজেট অৱ ইণ্ডিয়া'ত সন্নিবিষ্ট তথ্য অনুযায়ী নং ১২০১১/৬৮/৯৩- বি.চি.চি(চি) উল্লেখ মর্মে ভাৰত চৰকাৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দান নং ৯৩০/১৯৯০, তাং ১৫-১১-১৯৯২ ৰ পৰিপ্ৰেক্ষিতত প্ৰদান কৰা নিৰ্দেশ, ভাৰত চৰকাৰে ০৮-০৯-১৯৯৩ প্রকাশ কৰা সংৰক্ষণ সম্পৰ্কীয় নির্দেশৰ ও.এম. নং ৩৬০১২/২২/৯৩, জাষ্টিচ আৰ.এন. প্রসাদ নেতৃত্বাধীন 'ক্রিমি লেয়াৰ এক্সপার্ট কমিটি'ৰ অ'বিচি সম্পৰ্কীয় সৰ্বভাৰতীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ তালিকা, ভাৰত চৰকাৰৰ অ'.বি.চিৰ চূড়ান্ত তালিকাত অনুমোদনৰ তথ্য আৰু ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰ সংশ্লিষ্ট ১৯৯৩ চনৰ আইনৰ ওপৰত ভিত্তি কৰি অসমৰ কেওঁট সকলক সামাজিক আৰু অর্থ্যনৈতিক ভাবে পিছপৰা শ্ৰেণীৰূপে স্বীকৃতি দি 'দ্য গেজেট অৱ ইণ্ডিয়া'ৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰঅ'.বি.চি তালিকাৰ ক্ৰমিক নং ৪১, ৰাজ্যিক পৰ্য্যায়ৰ তালিকাৰ ক্ৰমিক নং ২৪ (৪১) আৰু মণ্ডল পৰ্য্যায়ৰ তালিকাৰ ক্রমিক নং ৬১ ত অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াৰোপৰি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন সময়ৰ অফিচ মেমোৰেণ্ডামত কেওঁট সকলক অ.বি.চি.ৰ মৰ্য্যদা দি বিভিন্ন সা-সুবিধা প্রদান কৰি থকা হৈছে। গতিকে, এতিয়া কেওঁট সকলে নিজকে অনুসূচিত জাতিৰ অন্তর্ভুক্ত কৰিব যোৱাটো একেবাৰে অশোভনীয় বুলি ৰুবুল দাসে মন্তব্য কৰে।
No comments:
Post a Comment