সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰ অসম ৰাজ্যিক বাৰ্ষিক অধিৱেশন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 22 July 2025

সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰ অসম ৰাজ্যিক বাৰ্ষিক অধিৱেশন

 




W7s news গুৱাহাটী::  সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰ

অসম ৰাজ্যিক বাৰ্ষিক অধিৱেশনখন গুৱাহাটীৰ

কাঁহিকুছিৰ এছ.আই.পি.আৰ.ডি. কেম্পাচত  ২৬ আৰু ২৭ জুলাইত অনুষ্ঠিত হ'ব। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰ অসম ৰাজ্যিক সভাপতি ড০ বিনীতা ভাগৱতীয়ে। তেওঁ লগতে কয়- বিগত বছৰবোৰৰ দৰে এইবছৰো সীমান্ত চেতনা মঞ্চ পূর্বোত্তৰ অসম প্ৰদেশৰ জিলা, মহানগৰ, চেক্টৰ, নগৰ আৰু সীমান্ত সহায়ক নগৰত কৰ্মৰত কাৰ্যকৰ্তাৰ প্ৰতিনিধিত্বৰে এখন বার্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিবেশনৰ উদ্বোধনী সমাৰোহত অসমৰ  ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য  মুখ্য অতিথি ৰূপে উপস্থিত থাকি মার্গ দৰ্শন কৰিব। সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয়


সংযোজক ৰাম কুমাৰ অধিবেশনত উপস্থিত থাকি কার্যকর্তা সকলক উৎসাহিত কৰিব। এই অনুষ্ঠানত সীমান্ত চেতনা মঞ্চৰ স্মৃতিগ্রন্থ "সীমান্ত ২৫" উন্মোচন কৰা হ'ব। সীমা সুৰক্ষা আৰু ৰাষ্ট্ৰ সুৰক্ষা এই মহান কার্যত ব্রতী সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ, এই সংগঠনে দেশৰ নাগৰিকসকল তথা সীমান্তবাসী জনসাধাৰণৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্রুতিৰে কৰ্মৰত হৈ আছে। সেয়েহে এই সংগঠনৰ সকলো কাৰ্যক্ৰম আৰু সেৱামূলক কার্যই দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয়তাবোধৰ ভাৱনাৰে এক সুস্থ পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে। বিগত বছৰবোৰৰ দৰে ভৱিষ্যতৰ দিনবোৰতো সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সমূহ কাৰ্যকৰ্তাই আস্থা আৰু নিষ্ঠাৰে এই সেৱাত আগবাঢ়ি যাব। এই আশা ৰাখিলোঁ।' সংবাদ মেলত বাৰ্ষিক অধিবেশনৰ অভ্যৰ্থনা কমিটীৰ সভাপতি বলীন চন্দ্ৰ নাথ, প্ৰচাৰ সম্পাদক জ্যোতিস্মিতা শৰ্মা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here