বিকাশৰ বৰ্ণিল যাত্ৰা* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 15 June 2025

বিকাশৰ বৰ্ণিল যাত্ৰা*


 *


W7s news-গুৱাহাটী;,,এজন underrated আৰু versatile অভিনেতা। শেহতীয়াকৈ 'ভাইমন দা' চলচ্চিত্ৰখনত শ্ৰদ্ধাৰ কৃষ্ণ ৰয়ৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ইতিমধ্যে চৰ্চিত হৈছে। খুব কম screen time, অথচ যি সাৱলীলতাৰে তেখেতে দৰ্শকৰ মৰম বুটলিলে, সেয়া লক্ষণীয়। তেওঁ হ'ল বিকাশ দাস। তেখেতে ইতিমধ্যেই অমূল্য কুমাৰ, মকবুল হক, প্ৰকাশ মেধি, ৰবীন হালদাৰ, গোবিন্দ মহন্ত, সুভাষ মোদক, প্ৰভাত গোস্বামী, উজ্জ্বলা বৰ্মন, ধীৰাজ ডেকা, প্ৰাঞ্জল শইকীয়া, মৃণাল বৰা, ৰিমঝিম ডেকা, গুণাকৰ দেৱ গোস্বামী, মানৱেন্দ্ৰ ৰংহাং চৌধুৰী, ভাস্কৰ বৰুৱা, ভাগীৰথী বাই কাদম, নিৰ্মালি শৰ্মাকে ধৰি কেইবাগৰাকীও পৰিচালকৰ পৰিচালনাত হিন্দী, অসমীয়া আৰু বঙালী নাটকত ভিন ভিন চৰিত্ৰত অভিনয় কৰি দৰ্শকক মোহাচ্ছন্ন কৰাৰ নজিৰ আছে। মানৱেন্দ্ৰ ৰংহাং চৌধুৰীৰ 'তৃতীয়'ত তেখেতে ৰূপায়ন কৰা তৃতীয় লিংগৰ চৰিত্ৰটোৱে আজিও দৰ্শকক ৰোমাঞ্চিত কৰে। এতিয়ালৈ তেখেতে ৫০ ৰো অধিক নাটকত অভিনয় কৰিছে। তেওঁ একাধাৰে এজন পৰিচালক তথা কৰিঅ'গ্ৰাফাৰো। ২০১৭ চনত ধীৰাজ কুমাৰৰ দ্বাৰা পৰিচালিত  'আন্ধাৰ নগৰৰ বুৰ্বক ৰজা' আৰু প্ৰাঞ্জল শইকীয়াই পৰিচালনা কৰা নাটক 'ষ্টেটাচ কম্প্লিকেটেড'ত কৰিঅ'গ্ৰাফাৰ হিচাপে তেখেত যথেষ্ট সমাদৃত হৈছিল। ১৯৯৮ চনত প্ৰকাশ মেধিয়ে ৰচনা কৰা 'মজবুৰ' শীৰ্ষক হিন্দী নাটকখন পৰিচালনা কৰি জ্যোতিৰূপা নাট সমাৰোহত শ্ৰেষ্ঠ পৰিচালক ৰূপে তেওঁ বিবেচিত হৈছিল। 'অগলে জনম ভী মোহে বিটিয়া কিজো' তেওঁৰ এখন বহুল চৰ্চিত আৰু জনপ্ৰিয় হিন্দী নাটক। দেশৰ ভিন্ন প্ৰান্তত আয়োজিত বিভিন্ন সন্মানীয় নাট মহোৎসৱ, যেনে, ভাৰত ৰংগ মহোৎসৱ, থিয়েটাৰ অলিম্পিক, পূৰ্বোত্তৰ থিয়েটাৰ মহোৎসৱ আদিত অংশগ্ৰহণ কৰি অনন্য অভিজ্ঞতাৰে পুষ্ট তেওঁ। ৰাজ্যৰ বিভিন্ন ছিৰিয়েল, চিনেমা তথা মঞ্চৰ চিনাকি মুখ বিকাশ দাসে ইতিমধ্যে হিন্দী, ভোজপুৰী আৰু কানাড়া বোলছবিতো অভিনয় কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। তেওঁৰ এই বৰ্ণিল যাত্ৰা আৰু উদ্ভাসিত হৈ উঠক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here