স্বাস্থ্য সজাগতাৰ বাবে ৰেডিচন ব্লু গুৱাহাটী আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ যৌথ উদ্যোগত চাইকেল ৰেলীৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 15 June 2025

স্বাস্থ্য সজাগতাৰ বাবে ৰেডিচন ব্লু গুৱাহাটী আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ যৌথ উদ্যোগত চাইকেল ৰেলীৰ আয়োজন

 



গুৱাহাটী; ১৫ জুন, ২০২৫: স্বাস্থ্য আৰু ফিটনেছৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেওবাৰে ৰেডিচন ব্লু গুৱাহাটী আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (SAI)ৰ উদ্যোগত তথা ৰেডিঅ' মিৰ্চিৰ সহযোগত আয়োজন কৰা- পেডেল অ'জ'নৰ দ্বিতীয় সংস্কৰণত দেওবাৰে গুৱাহাটীৰ ৰাজপথত সমবেত হয় বৃহৎ সংখ্যক চাইকেল আৰোহী। এই পদক্ষেপৰ মূল লক্ষ্য আছিল চাইকেল চলোৱাৰ উপকাৰিতাৰ বিষয়ে মানুহক সজাগ কৰা। চাইকেল চলোৱাটো কেৱল সুস্থ জীৱনশৈলীৰ বাবে এক উৎকৃষ্ট অভ্যাস নহয়, একে সময়তে এয়া হৈছে এক সহজ, পৰিৱেশ অনুকূল যাতায়তৰ উপায় আৰু সমাজক সংযোজিত কৰাৰ ক্ষেত্ৰত এক শক্তিশালী মাধ্যম।

এই অনুষ্ঠানত চাইকেল অনুৰাগী, স্বাস্থ্য সচেতন লোক, স্থানীয় বাসিন্দাসকলে একেলগে অংশগ্ৰহণ কৰি ৰেলীৰ জৰিয়তে সমাজত পৰিৱেশ অনুকূল জীৱনশৈলীৰ বাৰ্তা বিয়পায়।  

মুঠ ১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই চাইকেল ৰেলী প্ৰায় দুঘণ্টা ধৰি চলে। গোটেই অনুষ্ঠানটোত প্ৰতিফলিত হয় সজীৱতা, সতীৰ্থতা, আৰু ইতিবাচক জীৱনশৈলীৰ প্ৰতি গভীৰ আৰু সামূহিক প্ৰতিশ্ৰুতি।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় মানক ব্যুৰ'ৰ মুৰব্বী আৰু সঞ্চালক সৌভিক চন্দা। 

এই আয়োজন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰেডিছন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোত্ৰাই কয়, “ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে সহযোগিতাৰে পেডেল অ’জ’নৰ এই দ্বিতীয় সংস্কৰণৰ আয়োজন কৰি আমি গৌৰৱাম্বিত অনুভৱ কৰিছো। এই ধৰণৰ অনুষ্ঠানে এক সুস্থ, সচেতন আৰু সেউজ ভৱিষ্যতৰ দিশত এখন সমাজৰ ভূমিকাৰ বিষয়ে আমাক সোঁৱৰাই দিয়ে। চাইকেল চলোৱা কেৱল নিজৰ শৰীৰৰ যত্ন লোৱা নহয়, ই এক জীৱনশৈলী। ই আমাৰ নগৰীয়া জীৱনত পৰিৱেশ অনুকূল পৰিবহণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত আমাৰ দায়িত্বশীল ভূমিকাৰ প্ৰতীক হৈ পৰে।” 

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ কাৰ্যবাহী সঞ্চালক ডি কে মিট্টালে কয়, “ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত আমি বিশ্বাস কৰোঁ যে ক্ৰীড়াৰ এক অসাধাৰণ পৰিৱৰ্তনশীল শক্তি আছে, যিয়ে মানুহক একত্ৰিত কৰে আৰু সমাজৰ ইতিবাচক পৰিৱৰ্তনক অনুপ্ৰাণিত কৰে। পেডেল অ’জ’ন তাৰ এক উৎকৃষ্ট উদাহৰণ। এনে ধৰণৰ ক্ৰীড়া পদক্ষেপে কেৱল সজাগতা সৃষ্টি কৰাই নহয়, মানুহক সুস্থ জীৱন যাপন কৰিবলৈ আৰু সামূহিক পৰিৱেশৰ প্ৰতি দায়িত্ববোধ জগাই তুলিবলৈও উৎসাহিত কৰে।”

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ৩ জুনৰ দিনটোক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰা হয়। এই বিশেষ দিনটোত চাইকেলখনক সহজ, নিৰ্ভৰযোগ্য, আৰু পৰিৱেশ অনুকূল যাতায়তৰ মাধ্যম হিচাপে সন্মান জনোৱা হয়। চাইকেল চলোৱাক উৎসাহিত কৰি এই দিনটোৱে মানুহক সুস্থ জীৱনশৈলীৰ দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে, যান-জঁট হ্ৰাস কৰাত সহায় কৰে, আৰু কাৰ্বন নিৰ্গমন উল্লেখযোগ্যভাৱে হ্ৰাসৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে- যাৰ বাবে সময়ৰ লগে লগে বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰত চাইকেল এক গুৰুত্বপূৰ্ণ উপাদানত পৰিণত হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here