জি আৰ এৰ অষ্টম বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 15 June 2025

জি আৰ এৰ অষ্টম বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত


 

W7s news,,গুৱাহাটী, ১৫ জুন। গুৱাহাটী ৰিয়েল্টৰ এছ’চিয়েশ্যনৰ অষ্টম বাৰ্ষিক সাধাৰণ সভা গুৱাহাটীৰ পল্টন বজাৰত অনুষ্ঠিত হয়। এই সাধাৰণ সভাত পঞ্চাশজনতকৈও অধিক সক্ৰিয় সদস্য আৰু সহযোগীয়ে অংশগ্ৰহণ কৰে। সভা উদ্বোধন কৰি সম্পাদক অভিমন্যু মোদীয়ে যোৱা বাৰ্ষিক সাধাৰণ সভাৰ কাৰ্য্যবিৱৰণী সদস্যসকলৰ আগত দাঙি ধৰে। কোষাধ্যক্ষ পবিত্ৰ কুমাৰ ডেকাই ২০২৪-২৫ বৰ্ষৰ বিত্তীয় প্ৰতিবেদন দাখিল কৰে।

ইয়াৰ পিছতে জি আৰ এৰ সভাপতি গৌৰৱ আগৰৱালাই ভাষণত সকলো সদস্যকে আদৰণি জনাই বিগত এবছৰৰ সাফল্যৰ বিষয়ে অৱগত কৰে। লগতে জি আৰ এৰ কাৰ্য্যকলাপসমূহ অডিঅ’-ভিডিঅ’ উপস্থাপনৰ জৰিয়তে প্ৰদৰ্শন কৰা হৈছিল। এই সময়ত তেওঁ সকলো সদস্যক স্মৃতিগ্ৰন্থ প্ৰদান কৰি সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। সভাপতি গৌৰৱ আগৰৱালাই ২০২৫-২৬ বৰ্ষৰ নতুন কাৰ্যনিৰ্বাহক ঘোষণা কৰে, য’ত সংগঠনটোত আনুষ্ঠানিকভাৱে ৯ জন নতুন সদস্য সংযোজন কৰা হয়। সংগঠনটোত নতুনকৈ ৯ জন সদস্যৰ প্ৰৱেশে অসমৰ ৰিয়েল এষ্টেট খণ্ডত জি আৰ এৰ ক্ৰমবৰ্ধমান জড়িততা আৰু উপস্থিতিৰ প্ৰতিফলন ঘটায়। সন্ধিয়াৰ এটা ডাঙৰ আলোকপাত আছিল ৰিয়েল এষ্টেট - কৌশল আৰু উত্তম পদ্ধতিৰ ওপৰত পেনেল আলোচনা। মুখ্য অতিথি হিচাপে এন এ আৰ ইণ্ডিয়াৰ সভাপতি সুমন্ত ৰেড্ডী, বিশিষ্ট  অতিথি হিচাপে এন এ আৰ ইণ্ডিয়াৰ উপ-সভাপতি অনুপ ডালমিয়া আৰু আৰ ই চি এ কলকাতাৰ অধ্যক্ষ আৰু এন এ আৰ ইণ্ডিয়াৰ পূব অঞ্চলৰ সঞ্চালক ৰাজেশ বাইদ লৈ এই পেনেল আলোচনাৰ আয়োজন কৰা হয়। শৈলেশ বাহেতীৰ আঁত ধৰা এই অধিবেশনত ৰেৰা অনুসৰণ, বজাৰৰ ধাৰা আৰু সহযোগিতামূলক বিকাশৰ কৌশল আদিৰ ওপৰত গভীৰ আলোচনা কৰা হয়। সভাত উপস্থিত থকা জি আৰ এৰ সদস্যসকলে অনুষ্ঠানটোৰ শলাগ লৈ অধিবেশনখন অতি উপযোগী বুলি বিবেচনা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here