W7s news,,গুৱাহাটী: RDS#147 কূপৰ গেছ নিগৰ্মন নিয়ন্ত্ৰণ কৰিবলৈ অ'এনজিচিয়ে প্ৰতিষ্ঠানটোৰ অতিকৈ অভিজ্ঞতাসম্পন্ন সংকট ব্যৱস্থাপনা দল (চিএমটি) নিয়োগ কৰিছে। জটিল কূপ নিয়ন্ত্ৰণ অভিযানত এই দলটোৱে ইতিমধ্যে দেশজুৰি যথেষ্ট সফলতা লাভ কৰি থৈছে। অ'এনজিচিৰ শীৰ্ষ মেনেজমেণ্টে এই অভিযান সূক্ষ্ম আৰু ধাৰাবাহিকভাৱে নিৰীক্ষণ কৰি আছে।
তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণত এনেধৰণৰ ভূতাত্বিক প্ৰত্যাহ্বানসমূহ হৈছে এৰাব নোৱৰা অংশ। ভাৰতৰ শক্তিখণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে অ'এনজিচিয়ে সকলোধৰণৰ সুৰক্ষা বিধি কঠোৰভাৱে মানি চলে। অতি সোনকালে গেছ নিৰ্গমন সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে অ’এনজিচিয়ে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে।
এই ঘটনাৰ পিছতে অ'এনজিচিয়ে জিলা প্ৰশাসনৰ সহযোগত তাৎক্ষণিকভাৱে গাঁওবাসীক নিৰাপদ আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰাৰ লগতে পুষ্টিকৰ খাদ্য, বিশুদ্ধ খোৱাপানী আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ যোগান সুনিশ্চিত কৰে।
জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে অ'এনজিচিয়ে ২৪ ঘণ্টাই চিকিৎসক, জৰুৰীকালীন ঔষধ-পাতি উপলব্ধ হোৱাকৈ চিকিৎশা শিবিৰো স্থাপন কৰিছে।
তদুপৰি, স্বচ্ছতা আৰু ক্ষীপ্ৰ পদক্ষেপ নিশ্চিত কৰিবলৈ অ'এনজিচিয়ে জিলা প্ৰশাসন, আৰক্ষী, সংবাদ মাধ্যম, স্থানীয় নেতৃবৰ্গৰ সৈতে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি চলিছে।
অ’এনজিচিয়ে চৰকাৰ, স্থানীয় বাসিন্দা আৰু সংবাদ মাধ্যমৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে সকলো অংশীদাৰৰ পৰা অধিক সহায়-সহযোগিতা বিচাৰিছে।
No comments:
Post a Comment