জনসজাগতা অভিযানেৰে বিশ্ব পৰিবেশ দিৱস পালন নভোটেল গুৱাহাটীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 7 June 2025

জনসজাগতা অভিযানেৰে বিশ্ব পৰিবেশ দিৱস পালন নভোটেল গুৱাহাটীৰ


 

W7s news,,গুৱাহাটী, ৬ জুন ২০২৫: বিশ্ব পৰিবেশ দিৱস উপলক্ষে মহানগৰীৰ ৰাজপথত এক বিশেষ জনসজাগতা অভিযানৰ আয়োজন কৰে নভোটেল গুৱাহাটীয়ে। অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি আয়োজন কৰা এই জনসজাগতা অভিযানত অংশগ্ৰহণ কৰে হোটেলখনৰ কৰ্মচাৰীসকলে। মহানগৰীৰ ৰাজপথেৰে সমদল উলিয়াই “শব্দ প্ৰতিৰোধক ব্যৱহাৰ কৰক”(Use Noise Barriers), “হৰ্ণ বজোৱা হ্ৰাস কৰক” (Reduce or Avoid Honking), “অপ্ৰয়োজনীয় লাইট বন্ধ কৰক” (Switch Off Unnecessary Lights) আৰু “চহৰখনক সেইজ কৰি ৰখাত সহায় কৰক” (Support Urban Green Zones) আদিৰ দৰে শ্ল’গান লিখা বেনাৰ হাতে হাতে লৈ ৰাইজৰ মাজত সজাগতা বাৰ্তা প্ৰেৰণ কৰে হোটেলখনৰ কৰ্মচাৰীসকলে। উল্লেখ্য যে, এই সজাগতা বাৰ্তাৰ জৰিয়তে মহানগৰবাসীক শব্দ আৰু পোহৰ প্ৰদূষণৰ দৰে দুটা গুৰুত্বপূৰ্ণ অথচ অৱহেলিত নগৰীয়া সমস্যাৰ প্ৰতি সচেতন হ’বলৈ উৎসাহিত কৰে নভোটেল গুৱাহাটীয়ে।

ৰাজ্যৰ পৰিৱেশ অনুকূল নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিশ্ব পৰিবেশ দিৱস ২০২৫ৰ বিশ্বব্যাপী বিষয়বস্তুৰ লগত সংগতি ৰাখি স্থানীয় পৰিৱেশৰ বিষয়সমূহৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰে নভোটেল গুৱাহাটীয়ে। অসম চৰকাৰৰ পৰিৱেশ সংৰক্ষণৰ কাম-কাজৰ প্ৰতি তেওঁলোকৰ সক্ৰিয় সমৰ্থন স্পষ্টভাৱে প্ৰকাশ কৰা এই অভিযানৰ জৰিয়তে নভোটেল গুৱাহাটীয়ে নাগৰিকসকলক দায়বদ্ধ হ’বলৈ আহ্বান জনায়।

সময়ৰ লগে লগে নভোটেল গুৱাহাটীয়ে পৰিৱেশ সচেতনতাৰ ক্ষেত্ৰত এক শক্তিশালী স্থান গঢ়ি তুলিছে। প্ৰতীকী আয়োজনৰ সমান্তৰালভাৱে বাস্তৱিক কাম-কাজেৰেও পৰিৱেশ সুৰক্ষাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে হোটেলখনে। একে সময়তে, একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ প্ৰয়োগ পৰ্যায়ক্ৰমে হ্ৰাস কৰি কাঁচৰ বটল আৰু ডিজিটেল কী ব্যৱস্থা গ্ৰহণেৰে পৰিৱেশ সুৰক্ষাৰ পথ প্ৰশস্ত কৰা হৈছে। নভোটেল গুৱাহাটীৰ প্ৰতিটো সিদ্ধান্ত আৰু কাৰ্য্য পৰিৱেশ সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা হয়। হোটেলখনৰ দায়বদ্ধতা আৰু নিষ্ঠাৰ স্বীকৃতি স্বৰূপে বিশ্বমানৰ পৰিৱেশ সুৰক্ষাৰ বাবে কঠোৰ নিয়ম মানি চলাৰ প্ৰতীক সদৃশ আন্তঃৰাষ্ট্ৰীয় গ্ৰীণ কী প্ৰমাণপত্ৰও লাভ কৰিবলৈ সক্ষম হৈছে নভোটেল গুৱাহাটীয়ে।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে ষষ্ঠ এছিয়ানেট আইকন বঁটাত ‘ইক’-ইনোভেচন এণ্ড ছ’চিয়েল ৰেচপন্সিবিলিটি এক্সিলেন্স এৱাৰ্ড’ৰে সন্মানিত কৰা হয় নভোটেল গুৱাহাটীক। হোটেলখনৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অভিনৱ আৰু দায়িত্বশীল দৃষ্টিভংগীৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয় এই সন্মান। তদুপৰি, নভোটেল গুৱাহাটী হৈছে বৈদ্যুতিক বাহন সংযোজন কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমখন পঞ্চ তাৰকাযুক্ত হোটেল। তেওঁলোকৰ এই পদক্ষেপে কাৰ্বন নিৰ্গমন হ্ৰাসত সহায় কৰাৰ উপৰিও অতিথিসকলৰ বাবে অধিক পৰিৱেশ অনুকূল পৰিবহণৰ সুবিধা নিশ্চিত কৰিছে।

এই পদক্ষেপ সন্দৰ্ভত মন্তব্য কৰি নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, ‘পৰিৱেশৰ প্ৰতি দায়িত্ব পালন কেৱল বিশ্ব পৰিবেশ দিৱসৰ দৰে এটা বিশেষ দিনত পালন কৰাতে সীমাবদ্ধ হোৱা উচিত নহয়, এয়া আমাৰ দৈনন্দিন জীৱনৰ মূলমন্ত্ৰ হোৱা উচিত। আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি কেৱল প্লাষ্টিক প্ৰদূষণৰ বিৰুদ্ধে বিশ্বব্যাপী বিষয়বস্তুৰ সৈতে সংহতি প্ৰকাশ কৰাই নহয়, অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰগতিশীল নীতি-নিৰ্দেশনাকো সন্মান জনাইছো। আমি বিশ্বাস কৰোঁ যে আমাৰ এই চহৰখন আৰু আমি বাস কৰা এই পৃথিৱীখনক সুৰক্ষিত কৰি ৰখাটো আমাৰ দায়িত্ব।” 

অঞ্চলটোৰ আতিথ্য খণ্ডৰ দ্ৰুত পৰিৱৰ্তনৰ সময়ত গুণগত আতিথ্য আৰু পৰিৱেশ সচেতন কাৰ্যকলাপৰ এক অনন্য মিশ্ৰণ প্ৰতিষ্ঠা কৰিছে নভোটেল গুৱাহাটীয়ে। উত্তৰ-পূব ভাৰতৰ দায়িত্বশীল পৰ্যটনৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ জু ৰোডত অৱস্থিত এই বিলাসী হোটেলখনে।

novotel.com | all.com | group.accor.com

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here