ৱমেনিয়াজৰ দুদিনীয়া "দ্য বিগ পপআপ" আৰম্ভনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 13 June 2025

ৱমেনিয়াজৰ দুদিনীয়া "দ্য বিগ পপআপ" আৰম্ভনী


 


W7s news,,গুৱাহাটী, ১৩ জুন। ঘৰুৱা কৰ্মৰত মহিলাক স্বাৱলম্বী  কৰি তোলাৰ বাবে দ্ৰুতগতিত কাম কৰা আগশাৰীৰ মহিলা সংগঠন ৱোমানিয়াজে উদ্যোগত আজিৰে পৰা দুদিনীয়া অনুষ্ঠান দ্য বিগ পপআপৰ আয়োজন কৰা হৈছে। ৱোমানিয়াজৰ প্ৰতিষ্ঠাপক দিব্যা ছিওটিয়াই কয় যে এই কাৰ্যসূচী ভংগগড়ৰ ৰুদ্ৰাক্ষ মলত আয়োজন কৰা হৈছে। শুকুৰবাৰে দুদিনীয়া পপ আপৰ উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে পয়াল চাদ্দা, ঋতু বাংকা, অলকনন্দ পম্পী দাস, সিদ্ধাৰ্থ-নেহা গডোদিয়া আৰু সঞ্জয় ছাব্ৰা আদি উপস্থিত থাকে। সকলো অতিথিয়ে সামূহিকভাৱে ভগৱান গণেশৰ সন্মুখত বন্তী জ্বলাই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো মহিলা উদ্যোগীক আন্তৰিক শুভেচ্ছা জনায় লগতে তেওঁলোকক নিজৰ কথাৰে  উৎসাহিত কৰে। প্ৰতিষ্ঠাপক নুপুৰ আগৰৱালাই কয় যে প্ৰথম দিনাই এই পপ আপত বৃহৎ সংখ্যক মহিলা আৰু ছোৱালী উপস্থিত আছিল। ইয়াত স্থানীয় মহিলা উদ্যোগীসকলে নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰে, যিবোৰক ৰাইজে অতিশয় প্ৰশংসা কৰে। চিটিৰ মুৰব্বী ছুইটি আগৰৱালাই কয় যে শনিবাৰে এই দুদিনীয়া পপ-আপৰ সামৰণি পৰিব। ৱোমানিয়াজৰ সকলো সদস্যই এই অনুষ্ঠানটো সফল কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here