আইচিআইচিআই বেংক আৰু টাটা মেম’ৰিয়েল চেণ্টাৰে বিশাখাপট্টনমত আধাৰশিলা স্থাপন কৰিলে উন্নত কেন্সাৰ কেয়াৰ ভৱনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 13 June 2025

আইচিআইচিআই বেংক আৰু টাটা মেম’ৰিয়েল চেণ্টাৰে বিশাখাপট্টনমত আধাৰশিলা স্থাপন কৰিলে উন্নত কেন্সাৰ কেয়াৰ ভৱনৰ

 


W7s news


বিশাখাপট্টনম: আইচিআইচিআই বেংকে আজি টাটা মেমটৰিয়েল চেণ্টাৰৰ (টিএমচি) সহযোগিতাত অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ হোমি ভাবা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ(এইচবিচিএইচআৰচি)ত এটা নতুন ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।


৫৫০ কোটি টকাতকৈও অধিক পুঁজিৰ প্ৰতিশ্ৰুতিৰে আইচিআইচিআই বেংকে অত্যাধুনিক চিকিৎসা প্ৰযুক্তিত সজ্জিত প্ৰায় ৩.৯ লাখ বৰ্গফুট এলেকা বিস্তাৰিত এক অত্যাধুনিক সুবিধা কেন্দ্ৰ নিৰ্মাণৰ বাবে পুঁজি প্ৰদান কৰিছে।


আইচিআইচিআই ফাউণ্ডেচন ব্লক ফৰ চাইল্ড এণ্ড ব্লাড কেন্সাৰৰ অৰ্থসাহায্যত নিৰ্মিত এই আঠ মহলীয়া নতুন ভৱনটো এবাৰ কাৰ্যক্ষম হ’লে বছৰি ৩,০০০ ৰোগীক সেৱা আগবঢ়াব পাৰিব। বৰ্তমান এইচ বিচিএইচআৰচি, বিশাখাপট্টনমত বছৰি ৬,২০০ ৰোগীক চম্ভালিব পৰা ক্ষমতা আছে।


দক্ষিণ ভাৰতৰ অন্যতম বৃহৎ বিশেষ কেন্সাৰ ৰোগৰ সুবিধাকেন্দ্ৰ হিচাপে ডিজাইন কৰা এই নতুন ভৱনটোত ২১৫তকৈও অধিক বিচনা থাকিব। প্ৰয়োজনীয় অনুমোদনৰ ভিত্তিত ২০২৭ চনৰ ভিতৰত ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আইচিআইচিআই বেংকৰ চিএছআৰ শাখা আইচিআইচিআই ফাউণ্ডেচন ফৰ ইনক্লুছিভ গ্ৰ’থে ইয়াৰ ৰূপায়ণৰ তদাৰক কৰিব।


আইচিআইচিআই বেংকৰ অধ্যক্ষ প্ৰদীপ কুমাৰ সিনহা; আইচিআইচিআই বেংকৰ কাৰ্যবাহী সঞ্চালক সন্দীপ বাত্ৰা আৰু মুম্বাইৰ টাটা মেম’ৰিয়েল চেণ্টাৰৰ সঞ্চালক ড০ সুদীপ গুপ্তাৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা হয়।


প্ৰদীপ কুমাৰ সিনহাই আন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এন কে ৰাও প্ৰেক্ষাগৃহটোও উদ্বোধন কৰে। আইচিআইচিআই ফাউণ্ডেচনে নতুন প্ৰেক্ষাগৃহৰ বাবে আন্তঃগাঁথনি আৰু সঁজুলিৰে টিএমচিক সহায় কৰিছে।


আইচিআইচিআই বেংকৰ অধ্যক্ষ প্ৰদীপ কুমাৰ সিনহাই এই বিষয়ে কয় যে, "দেশত গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ আমাৰ দৰ্শনৰ সৈতে সংগতি ৰাখি কৰ্কট ৰোগৰ যত্নৰ দিশত এক অভিযান ৰূপে টিএমচি-ৰ সৈতে অংশীদাৰী হ'বলৈ পাই আমি যথেষ্ট সুখী। এই প্ৰকল্পটোৱে প্ৰয়োজনীয় ব্যক্তিসকলৰ বাবে সুলভ আৰু উচ্চ মানদণ্ডৰ চিকিৎসা সেৱা সক্ষম কৰাৰ বাবে আমাৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। শিশু আৰু তেজৰ কৰ্কট ৰোগৰ বাবে দক্ষিণ ভাৰত কৰিডৰৰ অন্যতম বৃহৎ এই প্ৰকল্পটোৱে অন্ধ্ৰ প্ৰদেশ আৰু সমীপৰ ৰাজ্যসমূহৰ ৰোগীসকলক সেৱা আগবঢ়াব, যিয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব।"


এই উপলক্ষে আইচিআইচিআই বেংকৰ কাৰ্যবাহী সঞ্চালক সন্দীপ বাট্ৰাই কয়, ''আইচিআইচিআই বেংকত স্বাস্থ্যসেৱা আমাৰ চিএছআৰ পদক্ষেপৰ কেন্দ্ৰবিন্দু হৈয়েই আছে। দুবছৰৰ পূৰ্বে আমি ভাৰতত কৰ্কট ৰোগৰ যত্নত গভীৰ প্ৰভাৱ পেলোৱা প্ৰতিষ্ঠান টিএমচিৰ সৈতে আমাৰ অংশীদাৰিত্ব ঘোষণা কৰিছিলো, সেই সময়ছোৱাত বিশাখাপট্টনম, নৱী মুম্বাই, আৰু নিউ চণ্ডীগড়ত টিএমচিৰ কেন্দ্ৰসমূহত তিনিটা নতুন ব্লক স্থাপনৰ বাবে ₹১২০০ কোটি টকা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। টিএমচিৰ শেহতীয়া প্ৰয়োজনীয়তাক স্বীকৃতি প্ৰদান কৰি আমি আমাৰ প্ৰতিশ্ৰুতি ₹১,৮০০ কোটিলৈ বৃদ্ধি কৰি আনন্দিত হৈছোঁ। মুঠ ১০.৭ লাখ বৰ্গফুট এলেকাত বিস্তৃত এই নতুন হাস্পতালখনে অত্যাধুনিক চিকিৎসা সুবিধা আৰু গৱেষণা শাখাৰে সজ্জিত কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। এই ব্লকসমূহত একেলগে ১৯খন এলআইএনএচি* আৰু ৫৫৫খন বিচনা সংযোগ কৰা হ’ব। সম্পূৰ্ণ কাৰ্যক্ষম হ’লে আঞ্চলিক হাব হিচাপে কাম কৰিব।”


বিশাখাপট্টনমৰ হোমি ভাবা কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ উমেশ মহনচেট্টীয়ে কয় যে, “আমি আইচিআইচিআই ফাউণ্ডেচনক নিজৰ মুক্তহস্তে আগবঢ়োৱা অনুদানৰ বাবে কৃতজ্ঞ, যিয়ে এই অঞ্চলত শিশু আৰু হেমাট’লিম্ফ’ইড কেন্সাৰৰ চিকিৎসা আৰু গৱেষণাৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব। আইচিআইচিআই ফাউণ্ডেচনৰ সৈতে অংশীদাৰিত্ব সমগ্ৰ দেশৰ ৰোগীসকলৰ বাবে আগশাৰীৰ যত্ন প্ৰদান আৰু কৰ্কট ৰোগীক আৰোগ্য কৰাৰ ক্ষেত্ৰত আমাৰ প্ৰতিষ্ঠানসমূহৰ সামূহিক প্ৰচেষ্টাৰ প্ৰমাণ।"


মুম্বাইৰ টাটা মেম'ৰিয়েল হাস্পতালৰ পেডিয়াট্ৰিক অংক'লজি বিভাগৰ অধ্যাপক তথা মুৰব্বী ডাঃ গিৰীশ চিন্নাস্বামীয়ে কয় যে, "পেডিয়াট্ৰিক আৰু হেমাট'লিম্ফইড কৰ্কট ৰোগৰ চিনাক্তকৰণ, মূল্যায়ন, চিকিৎসা, ৰক্ত কেন্দ্ৰ, পুষ্টি, পুনৰ্বাসনকে ধৰি সমৰ্থন সেৱা আদিৰ ক্ষেত্ৰত বিশেষ যত্ন আৰু দক্ষতাৰ প্ৰয়োজন। এইচবি. চিএইচআৰচি বিশাখাপট্টনমত বৰ্তমানে আমি যোৱা ৩ বছৰ ধৰি প্ৰতি বছৰে প্ৰায় ২০০টা নতুন শিশুৰ কৰ্কট ৰোগ আৰু ৩৫০-৪০০টা হেমাট'লিম্ফইড কৰ্কট ৰোগী পঞ্জীয়ন হৈছে। নতুন ব্লকটো সংযোগ হোৱাৰ লগে লগে আমি বন মেৰ'(অস্থি মজ্জা) সংৰোপণ চিকিত্সাৰ সম্প্ৰসাৰণ আৰু ইমিউন'থেৰাপী আৰম্ভ কৰাকে ধৰি উপলব্ধ সেৱাসমূহ অধিক পৰিমাণে বৃদ্ধি কৰিবলৈ সক্ষম হ'ম। ই সমগ্ৰ অঞ্চলটোৰ ৰোগীসকলৰ সৈতে সম্পৰ্কিত গৱেষণা কৰাৰ যথেষ্ট সুযোগ প্ৰদান কৰিব।"


বিশাখাপট্টনম চিকিৎসালয়ৰ বাবে আইচিআইচিআই বেংকৰ ৫৫০ কোটি টকাৰ প্ৰতিশ্ৰুতি ১৮০০ কোটি টকীয়া পুঁজিৰ সম্প্ৰসাৰিত অৱদানৰ অংশ।


বিশাখাপট্টনমৰ আইচিআইচিআই ফাউণ্ডেচন চাইল্ড এণ্ড ব্লাড কেন্সাৰ ব্লকে বিস্তৃত চিকিৎসাৰ বিকল্প আগবঢ়াব, য’ত আছে:

• ইণ্টেনচিভ কেম'থেৰাপি, বন মেৰ' সংৰোপন আৰু উন্নত ৰেডিয়েচন থেৰাপী

• চিএআৰ-টি চেল থেৰাপীৰ দৰে অত্যাধুনিক ইমিউন’থেৰাপী

• হাই-এণ্ড মেডিকেল ইমেজিং আৰু ডায়েগনষ্টিকছ, তিনিটা এলআইএনএচি*, এমআৰআই আৰু চিভিটি-পিইটি স্কেন

• ১৪টা বিএমটি (বন মেৰ’ ট্ৰান্সপ্লাণ্ট) কোঠা, ১৪টা আইচিইউ, ৫টা অস্ত্ৰোপচাৰ কক্ষ

• চিকিৎসা পৰিকল্পনা আৰু প্ৰশিক্ষণৰ বাবে গৱেষণাগাৰ আৰু যৌথ আলোচনাৰ সুবিধা  


*লিনিয়েৰ এক্সেলেৰেটৰ(এলআইএনএচি)-এ কৰ্কট কোষৰ ওপৰত বিকিৰণক সঠিকভাৱে লক্ষ্য কৰি প্ৰমাণিত কৰি আহিছে, যাৰ ফলত শৰীৰৰ কাষৰীয়া সুস্থ কলাবোৰ ৰক্ষা পৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here