আগন্তুক উৎসৱৰ পূৰ্বে ক্ষুদ্ৰ বস্ত্ৰ ব্যৱসায়ীসকলৰ মাজত আশাৰ বতৰা
W7s news,,গুৱাহাটী, ৮ জুন: অসম আৰু উত্তৰ পূ্বাঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক উন্নীত কৰাৰ লক্ষ্যৰে এই অঞ্চলৰ অন্যতম আগশাৰীৰ সংগঠন নৰ্থ ইষ্টাৰ্ণ গাৰ্মেণ্টছ ট্ৰেডাৰ্ছ এছ’চিয়েশ্যন (নেগটা)ৰ উদ্যোগত আজিৰ পৰা তিনিদিনীয়া ক্ৰেতা আৰু বিক্ৰেতা সভাৰ আয়োজন কৰা হয়। নেগটাৰ উদ্যোগত দেওবাৰৰ এছ’চিয়েশ্যনৰ সভাপতি শেখৰ আগৰৱালা, সাধাৰণ সম্পাদক বৰুণ ৰুংটা, উপ-সভাপতি অনিল কচাৰ, কাৰ্যবাহী সদস্য চন্দন ছেঠিয়া, দীপক জৈন, সঞ্জিত জৈন আদিয়ে ভগৱান গণেশ সন্মুখত বন্তি জ্বলাই ৪৭ সংখ্যক ক্ৰেতা আৰু বিক্ৰেতা সভাৰ শুভাৰম্ভ কৰে। সভাপতি শেখৰ আগৰৱালা ডাঙৰীয়াই কয় যে আগন্তুক উৎসৱৰ উপৰিও শৰৎকালীন শীতকালীন সংগ্ৰহৰ কথা মনত ৰাখি বস্ত্ৰ মেলাৰ আয়োজন কৰা হৈছে। পল্টন বজাৰৰ হোটেল ডিস্কোত নেগটাৰ হৈ আয়োজন কৰা এই বৈঠকত সহযোগী স্থান হিচাপে হোটেল অতিথি, হোটেল বিশ্বৰত্ন, হোটেল ৰাজমহল, তেৰাপন্ত ধৰ্মস্থল আৰু মহাবীৰ ধ্ৰমস্থল আছে। নেগটাৰ সাধাৰণ সম্পাদক বৰুণ ৰুংটাই কয় যে দেশৰ বিভিন্ন ৰাজ্যৰ ১৫০ জনতকৈ অধিক ব্যৱসায়ীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৬০০ৰো অধিক ব্ৰেণ্ডৰ সৈতে এই বৈঠকত অংশগ্ৰহণ কৰিছে, য’ত মহিলা, পুৰুষ, শিশুৰ পোছাক, ইয়াৰ উপৰিও জোতা আৰু আনুষংগিক সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। তিনিদিনীয়া এই মিটত আগন্তুক শৰৎকালীন আৰু শীতকালীন প্ৰতি লক্ষ্য ৰাখি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যৰ ৭০০ৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ প্ৰয়োজন অনুযায়ী বুকিং কৰি আছে। এই মিটৰ জৰিয়তে ক্ৰেতা আৰু বিক্ৰেতা সভাৰ আয়োজন কৰা হৈছে, যাৰ বাবে গ্ৰাম্য অঞ্চলৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে যথেষ্ট লাভৱান হৈছে। কোষাধ্যক্ষ শৈলেশ গোৱেংকাই কয় যে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়ীসকলৰ চাহিদা অনুসৰি স্থানীয় ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি এই মিটত বস্ত্ৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। নেগটাৰ জনসংযোগ বিষয়া ৰাজীৱ অজিতসৰিয়াই কয় যে ব্যৱসায়ৰ সমান্তৰালকৈ বিভিন্ন সামাজিক কাম-কাজতো সময়ে সময়ে সহযোগিতা আগবঢ়োৱা হয়। নেগটাৰ কাৰ্যবাহী সদস্য
কাৰ্যবাহী সদস্য দীনেশ পাৰিক, চন্দন পাৰিক, অজয় বৰৰিয়া, ৰাজ কুমাৰ চৌধুৰী, ৰবীন্দ্ৰ জৈন, সঞ্জয় আগৰৱালা সকলো সদস্যই এই তিনিদিনীয়া ক্ৰেতা আৰু বিক্ৰেতা সাক্ষাৎক সফল কৰি তোলাত নিয়োজিত। মঙ্গলৱাৰ সামৰণি পৰিব তিনিদিনীয়া ক্ৰেতা আৰু বিক্ৰেতা সভাৰ।
No comments:
Post a Comment