ভঙাগড়ত মুকলি হ’ল মোবাইল এণ্ড এক্সক্লুছিভ ষ্ট’ৰ
W7s news,,গুৱাহাটী, ৮ জুন: গুৱাহাটীৰ অন্যতম পুৰণি আৰু বিশ্বাসযোগ্য মোবাইল ষ্ট’ৰৰ শৃংখল কানেক্টিং পিপলে দেওবাৰে গুৱাহাটীৰ ভঙাগড়ৰ মুন্নী মাৰ্কেটত ৭ম মাল্টি ব্ৰেণ্ডৰ ম’বাইল ষ্ট’ৰ “কানেক্টিং পিপল” মুকলি কৰে। মাল্টি ব্ৰেণ্ডৰ মোবাইল ষ্ট'ৰ "কনেক্টিং পিপল" উদ্বোধন কৰে গুৱাহাটী আৰক্ষী আয়ুক্ত শ্ৰী পাৰ্থ সাৰথি মহন্ত ( আই পি এছ), আৰু ডি.আই.জি (চী ডব্লিউ আৰ) ইন্দ্ৰানী বাৰুৱাহ। উদ্বোধনী অনুষ্ঠানত উপষ্ঠিত থাকে কামৰূপ গ্ৰাম্য জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, সৰস্বতী দেৱী জাজু,
আউটলেটৰ স্বত্বাধিকাৰী জে প্ৰকাশ জাজু আৰু ভাতৃ নাৰায়ণ জাজু,ৰবি জাজু, প্ৰবীণ জাজু আদি উপস্থিত থাকে। এই উপলক্ষে ভাষণ দি মুখ্য অতিথি মিষ্টাৰ মহন্তই কয় যে এই যুগত স্মাৰ্টফোন মানৱ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ। বিশেষকৈ আমাৰ বাহিনীত গেজেটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া সৰু হওক বা ডাঙৰ হওক, সকলো গেজেট প্ৰয়োজন অনুসৰি গুৰুত্বপূৰ্ণ। উদ্বোধনী অনুষ্ঠানৰ সময়ত ষ্ট’ৰৰ মালিক মিষ্টাৰ জাজুৱে কয় যে আমাৰ নতুনকৈ মুকলি কৰা ৪০০ বৰ্গফুটৰ ষ্ট’ৰত,আমাৰ হাতত এপল, চেমচাং, এম আই, ৰিয়েলম, অ’প’, ভিভ’, নথিং আদি ব্ৰেণ্ড আছে। আমাৰ ষ্ট’ৰত গেজেট আৰু লাইফষ্টাইলৰ সামগ্ৰীও আছে, যেনে স্মাৰ্ট ঘড়ী, নেক বেণ্ড, এয়াৰপড, হেডফোন, ব্লুটুথ, স্পীকাৰ আদি। তেওঁ আৰু কয় যে উদ্বোধনী অফাৰ হিচাপে গ্ৰাহকে ১৫ জুনলৈকে আমাৰ ভঙাগড় ষ্ট’ৰৰ পৰা প্ৰতিটো স্মাৰ্টফোন ক্ৰয়তে বিনামূলীয়াকৈ এয়াৰ বাড লাভ কৰিব পাৰিব।আমি আশা কৰিছো যে এই ষ্ট’ৰ মুকলি হোৱাৰ লগে লগে মানুহে উন্নত সামগ্ৰী আৰু সেৱাৰ সুবিধা লাভ কৰিব বুলি জাজু ডাঙৰীয়াই কয়। আমি ইতিমধ্যে লখতোকীয়া, ধীৰেণপাৰা, ফেন্সি বজাৰ, কালাপাহাৰ, চিৰিয়াখানা পথ তিনিআলি আৰু বেলতোলাত ষ্ট’ৰ কৰিছো।
No comments:
Post a Comment