W7s news,,গুৱাহাটী, জুন ২৪, ২০২৫ : কেইৰ্ণ অইল এণ্ড গেছে অসমৰ দুশ বছৰীয়া চাহ উদ্যোগক এক নিৰৱ বিপ্লৱৰ মাজেৰে পৰম্পৰাগত তথা জলবায়ুহিতৈষী উচ্চ প্ৰযুক্তিৰ মাধ্যমেৰে অধিক স্থায়ী আৰু বহন ম ভৱিষ্যতৰ দিশে আগবঢ়াই লৈ গৈছে।
ভাৰতৰ ৫৫% তকৈ অধিক আৰু বিশ্বৰ প্ৰায় এক ষষ্ঠাংশ চাহ উৎপাদন কৰি অসমৰ চাহ খণ্ডই ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ড হিচাপে কাম কৰি আহিছে। বছৰি ৬৫০ নিযুত কিলোগ্ৰামতকৈ অধিক চাহ উৎপাদনৰ জৰিয়তে, এই খণ্ডই সংগ্ৰাহকৰ পৰা পেকেট প্রস্তুতকাৰীলৈকে প্ৰায় ৩০ লাখ লোকৰ জীৱিকাৰ উৎস হিচাপে কাম কৰি ভাৰতৰ জি ডি পিত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগ হিচাপে চাহ কেৱল এটা ঐতিহ্যৰ প্ৰতীক নহয়—ই প্ৰগতিৰ এটা দৃঢ় স্তম্ভ।
চাহ উদ্যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি জনাই কেইর্ণ অইল এণ্ড গেছে ২০২৩ চনৰ পৰা অসম গেছ কোম্পানী লিমিটেড (AGCL)ৰ সৈতে সংযোগ স্থাপন কৰি উজনি অসমৰ চাহ বাগিচাসমূহলৈ বিশুদ্ধ প্ৰাকৃতিক গেছৰ যোগান নিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। আৱিষ্কাৰ ক্ষুদ্ৰ ক্ষেত্ৰ (DSF) নীতিৰ অধীনত নিলাম হোৱা উত্তৰ-পূব ভাৰতৰ প্ৰথম গেছ ব্লক—অসমৰ হাজাৰীগাঁও গেছ ইউনিটৰ পৰা গেছ পাইপলাইন আৰু কেছকেডিং ব্যৱস্থাৰ জৰিয়তে বিতৰণ কৰা হৈছে। কয়লা-ভিত্তিক শক্তিৰ পৰা ধীৰে ধীৰে আঁতৰি অহা এই দিশ-পৰিবৰ্তনে কাৰ্বন নিৰ্গমন উল্লেখযোগ্যভাৱে হ্ৰাস কৰাৰ লগতে উৎপাদন ব্যয় কমাই আনিছে। ফলস্বৰূপে চাহ বাগিচাসমূহে আধুনিক, প্ৰযুক্তিনিৰ্ভৰ আৰু জলবায়ু-স্থিতিস্থাপক ব্যৱস্থালৈ অধিক বিনিয়োগ কৰাৰ সক্ষমতা লাভ কৰিছে—যি অসমৰ চাহ উদ্যোগক এখন অধিক দীৰ্ঘস্থায়ী আৰু ভৱিষ্যতমুখী দিশলৈ আগবঢ়াই লৈ গৈছে।
কেইৰ্ণ অইল এণ্ড গেছৰ মুখপাত্ৰই জনাই যে, “অসমৰ চাহ ভাৰতৰ অন্যতম ৰপ্তানি সামগ্ৰী আৰু আমি এই খণ্ডক অধিক শক্তিশালী কৰিবলৈ বিচাৰো । আমাৰ লক্ষ্য হৈছে সুলভ মূল্যৰ আৰু বিশ্বাসযোগ্য শক্তিৰ জৰিয়তে চাহ উদ্যোগটোৰ পৰিৱর্তনক সমৰ্থন কৰি কেৱল দৈনন্দিন কাৰ্যকলাপতেই নহয়, দীৰ্ঘম্যাদী স্থায়িত্ব আৰু বহনযোগ্যতাৰো জ্বলন্ত ইন্ধন হিচাপে কাম কৰে।” তেওঁ লগতে উল্লেখ কৰে যে ইতিমধ্যে চাহ বাগিচাৰ মালিকসকলে ইয়াৰ ইতিবাচক প্ৰভাৱ প্ৰত্যক্ষ কৰিছে। কেইৰ্ণৰ প্ৰাকৃতিক গেছৰ যোগান আৰম্ভ হোৱাৰ লগে লগে বাগিচাসমূহে ইন্ধন ব্যয়ত ১৫–২০% পৰ্যন্ত ৰাহি কৰিছে লগতে সেউজ গৃহ-গেছ নিৰ্গমনতো পৰিমাণযোগ্য হ্ৰাস ঘটিছে । উন্নত শক্তিৰ কাৰ্যক্ষমতাই উৎপাদকসকলক বিশেষকৈ চাহৰ ক্ষেত্ৰত খৰাং-প্ৰতিৰোধী উদ্ভিদ ব্যৱহাৰ কৰি আৰু পানী সংৰক্ষণক্ষম আধুনিক জলসিঞ্চন ব্যৱস্থা একত্ৰিত কৰি জলবায়ুৰ অনিশ্চয়তাৰ সন্মুখীন খণ্ডখনৰ বাবে এক দূৰদৰ্শিতাপূৰ্ণ পদক্ষেপ লোৱাৰ পথ মুকলি কৰিছে।উদাহৰণস্বৰূপে এখন আগশাৰীৰ বাগিচা হৈছে আৰিন টি প্ৰাইভেট লিমিটেড। প্ৰতিষ্ঠানটোৱে নিজৰ ৩০% একৰ মাটিত ড্ৰিপ জলসিঞ্চন ব্যৱস্থা প্ৰয়োগ কৰি উৎপাদনত আপোচ নকৰাকৈ প্ৰায় ১৫% পানী ৰাহি কৰিবলৈ সক্ষম হৈছে। আৰিন চাহৰ সঞ্চালক ৰাখী শইকীয়াই কয়, “কেইৰ্ণৰ সহায়ত আমি অসমৰ চাহৰ ঐতিহ্য সংৰক্ষণৰ সৈতে সৈতে নতুন উদ্ভাৱনো কৰিবলৈ সক্ষম হৈছে। আমি জলবায়ু সংকটৰ প্ৰতি বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰিছো ।”
বেদান্ত গোটৰ অধ্যক্ষ অনিল আগৰৱালে ফেব্ৰুৱাৰী মাহত 'এডভান্টেজ আসাম ২.০' ত ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰু চাহৰ দৰে পৰম্পৰাগত শক্তিক প্ৰযুক্তিনিৰ্ভৰ তথা স্থায়ী উন্নয়নৰ সৈতে একত্ৰিত কৰাৰ সম্ভাৱনাক উল্লেখ কৰিছিল । কেইৰ্ণৰ স্থানীয়ভাৱে উৎপাদিত গেছেও অসমৰ স্বচ্ছ শক্তিৰ যাত্ৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। চাহ বাগিচাৰ বাহিৰেও এই গেছ এতিয়া গুৱাহাটীৰ চি এন জি বাছৰ শক্তি উৎস হিচাপে ব্যৱহৃত হৈ ভাৰতৰ আত্মনিৰ্ভৰশীলত আৰু পৰিৱেশ সচেতনৰ লক্ষ্যত সহায় কৰিছে।
No comments:
Post a Comment