*'
W7s news,,পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল দীপাংকৰ কাশ্যপৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ 'শীতৰে সেমেকা ৰাতি-দ্যা উইণ্টাৰ ৰেইন'। যোৱা ২২ জুনত মুম্বাইৰ আৰামনগৰ ২ত অৱস্থিত ৱেদা ব্লেক বক্সত অনুষ্ঠিত হোৱা 'কালাৰ্ছ অৱ লাভ' শীৰ্ষক ক্ৱীৱেৰ ফিল্ম ফেষ্টিভেলত চলচ্চিত্ৰ খন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটাৰে বিভূষিত হয়। চলচ্চিত্ৰ খনে কঢ়িয়াই অনা এইটো ২০ সংখ্যক সন্মান। ইয়াৰ পূৰ্বে বিশ্বৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত বিভিন্ন সন্মানীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হৈ চলচ্চিত্ৰ খনে ৫টা শ্ৰেষ্ঠ পৰিচালকৰ বঁটা, ৪টা শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা, ২টা শ্ৰেষ্ঠ অভিনেতাৰ বঁটা, ১টা শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা, ১টা শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফাৰৰ বঁটা, ১টা শ্ৰেষ্ঠ চৰিত্ৰাভিনেতা, ৪টা শ্ৰেষ্ঠ ক্ৱীৱেৰ চলচ্চিত্ৰ আৰু ৩টা শ্ৰেষ্ঠ কাহিনীৰ বঁটাৰে সন্মানিত হৈছিল। যোৱা ৩১ জানুৱাৰীত অসমৰ বিভিন্ন ছবিগৃহত চলচ্চিত্ৰ খনে মুক্তিলাভ কৰিছিল। চলচ্চিত্ৰ খনৰ প্ৰযোজক আছিল দীপাংকৰ কাশ্যপ, ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডঃ অক্ষতা নাৰায়ণ। সুদীৰ্ঘ ৩৪ বছৰৰ পৰিকল্পনাৰ অন্তত ফেশ্বন ডিজাইনাৰ দীপাংকৰ কাশ্যপে এইখন ছবিৰ জৰিয়তে ছবি পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে।
No comments:
Post a Comment