লখিমপুৰ আৰু গুৱাহাটীত এতিয়াৰে পৰা উপলব্ধ মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিতাল, পাটপৰগঞ্জৰ যকৃত প্ৰতিস্থাপন অ'পিডি সেৱা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 21 June 2025

লখিমপুৰ আৰু গুৱাহাটীত এতিয়াৰে পৰা উপলব্ধ মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিতাল, পাটপৰগঞ্জৰ যকৃত প্ৰতিস্থাপন অ'পিডি সেৱা


 

W7s news,,লখিমপুৰ/গুৱাহাটী, ২১ জুন ২০২৫: উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডত আন এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি পাটপৰগঞ্জৰ মেক্স ছুপাৰ স্পেচিয়েলিটি হাস্পতালে উত্তৰ লখিমপুৰৰ চাবতিস্থিত ডাঃ দাস মাল্টি স্পেচিয়েলিটি হাস্পতাল আৰু গুৱাহাটীৰ মালিগাঁৱৰ স্বাগত ছুপাৰ স্পেচিয়েলিটি হাস্পতালত বিশেষ যকৃত প্ৰতিস্থাপন আউটড’ৰ পেচেণ্ট ডিপাৰ্টমেণ্ট (অ’পিডি) সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।


আজি পাটপৰগঞ্জৰ মেক্স ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ যকৃত প্ৰতিস্থাপন আৰু এইচ পি বি চাৰ্জাৰী বিভাগৰ পৰামৰ্শদাতা চিকিৎসক ডাঃ বিকাশ মুণ্ডৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয় এই অ’পিডি সেৱা। এই উদ্বোধনী অনুষ্ঠানত তেওঁৰ সৈতে আন আন বিশিষ্ট অতিথিসকলো উপস্থিত থাকে। উল্লেখ্য যে, প্ৰাথমিক পৰামৰ্শৰ বাবে প্ৰতিমাহে একেৰাহে দুটা দিন লখিমপুৰ আৰু গুৱাহাটীৰ এই দুটা কেন্দ্ৰত উপস্থিত থাকিব ডাঃ বিকাশ মুণ্ড।


নতুনকৈ আৰম্ভ কৰা যকৃত প্ৰতিস্থাপন অ’পিডি সেৱাই স্থানীয় পৰ্যায়ত বিশ্বমানৰ বিশেষজ্ঞৰ পৰামৰ্শ, যকৃতৰ ৰোগৰ ক্লিনিকেল মূল্যায়ন, আৰু দীৰ্ঘম্যাদী প্ৰতিস্থাপনৰ পিছৰ যত্ন সহজে উপলব্ধ কৰি তুলিব।


এই উপলক্ষে ডাঃ বিকাশ মুণ্ডই কয়, “আমি গৌৰৱান্বিত যে আমি আমাৰ বিশেষজ্ঞ সেৱা লখিমপুৰ আৰু গুৱাহাটীলৈ সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছো। এই অ’পিডি সেৱা আৰম্ভ হোৱাৰ লগে লগে স্থানীয় ৰাইজে সময়োপযোগী আৰু উপযুক্ত চিকিৎসা লাভ কৰিবলৈ সক্ষম হ’ব আৰু ডাঙৰ চহৰলৈ চিকিৎসাৰ বাবে যোৱাৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস পাব। উন্নত চিকিৎসা সেৱাৰ সুবিধাসমূহ এতিয়া নিজৰ চহৰতে উপলব্ধ হ’ব। অ’পিডিত আধুনিক নিদান সহায় আৰু চিকিৎসাৰ সুবিধা থাকিব, যিয়ে সম্পূৰ্ণ চিকিৎসা অভিজ্ঞতা নিশ্চিত কৰিব।”


লক্ষ্যণীয়ভাৱে, এই অ’পিডি সেৱাই উন্নত যকৃত প্ৰতিস্থাপন মূল্যায়ন, অস্ত্ৰোপচাৰৰ পিছৰ যত্ন, আৰু জটিল যকৃতৰ সমস্যাৰ দীৰ্ঘম্যাদী ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তা থকা ৰোগীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে কাম কৰিব।


ডাঃ বিকাশে লগতে কয়, "আমাৰ অ'পিডি সেৱাৰ লক্ষ্য হৈছে ৰোগীৰ প্ৰয়োজনীয়তাৰ বাবে প্ৰতিৰোধমূলক যত্নৰ পৰা আৰম্ভ কৰি জটিল অস্ত্ৰোপচাৰলৈকে সকলোবোৰ একে ঠাইত উপলব্ধ কৰা। আমি এই অঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্য আৰু কল্যাণৰ ওপৰত স্থায়ী প্ৰভাৱ সৃষ্টি কৰিব বিচাৰো। আমি আৰম্ভ কৰা এই অ'পিডি সেৱা সাধাৰণ ৰাইজৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ প্ৰতিফলন।"


পাটপৰগঞ্জৰ মেক্স ছুপাৰ স্পেচিয়েলিটি হাস্পতাল দীৰ্ঘদিন ধৰি যকৃত প্ৰতিস্থাপন আৰু হেপাটো-বিলিয়াৰী কেয়াৰৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ স্বাস্থ্যসেৱা সংস্থা হিচাপে পৰিচিত হৈ আহিছে। এই নতুন অ’পিডি মুকলিৰ লগে লগে চিকিৎসালয়খনে অসমত তেওঁলোকৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰি সাধাৰণ মানুহৰ মাজলৈ মানসম্পন্ন স্বাস্থ্যসেৱা কঢ়িয়াই আনিবলৈ নিজৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দৃঢ় কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here