গুৱাহাটীত বুটিকছ অৱ ইণ্ডিয়া ফেষ্টিভ প্রদর্শনী আৰম্ভনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 25 June 2025

গুৱাহাটীত বুটিকছ অৱ ইণ্ডিয়া ফেষ্টিভ প্রদর্শনী আৰম্ভনী


 

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আগন্তুক উৎসৱৰ বাবে বিশেষ সাজ-পাৰ উপলব্ধ


W7s news,গুৱাহাটী ২৫ জুন। দেশৰ অন্যতম জনপ্রিয় প্ৰদৰ্শনী বুটিকছ অৱ ইণ্ডিয়া চমুকৈ বি অ’আইৰ ৪১তম ‘ফেষ্টিভে এডিচন’ প্রদর্শনী আজি পৰে আৰম্ভনী হয়। গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হোৱা এই 

প্ৰদৰ্শনী সমূহীয়াভাৱে উদ্বোধন কৰে মুখ্য অতিথি হিচাপে উপস্থিতিত মুখ্য অতিথি জেচিআই মণ্ডল ২৫ৰ সভাপতি গুঞ্জন হৰলালকা আৰু সন্মানীয় অতিথি আলাকনন্দ দাস, আৰ জে মেণ্ডী, কৰিশ্মা কাকতি, ৱমমানিয়াজ প্ৰতিষ্ঠাপক দিৱিয়া ছিওটিয়া আৰু নুপুৰ আগৰৱালাৰ,

 বি অ’আইৰ প্ৰতিষ্ঠাপক মীৰা দেৱী আগৰৱালা, বি অ’আইৰ চিইঅ সঞ্জয় আগৰৱালা। প্রদর্শনী অনুষ্ঠিত হয় গুৱাহাটীৰ জু ৰোড এম্বিয়েন্স বেংকেটত পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি থকা প্ৰদৰ্শনী সকলোৰে বাবে প্ৰৱেশ বিনামূলীয়া।

আগন্তুক উৎসৱৰ বতৰক মনত ৰাখি বি অ’আইৰ এ একান্তভাৱে গুৱাহাটীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৰক্ষা বন্ধন আৰু সৱনৰ উৎসৱৰ বাবে বিশেষ সংগ্ৰহ আনে হৈছে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি আগৰবালে কয় যে বুটিকছ অৱ ইণ্ডিয়া প্রদর্শনীসমূহে ফেশন, ব্রাইডাল ৱেৰ, হোম ডিক'ব, হস্ততাঁত, গহনা, আনুষঙ্গিক সামগ্ৰী, শিশু আৰু পুৰুষৰ পোছাকৰ লগতে এক্সক্লুচিপ সম্ভাৰ যোগান ধৰি আহিছে। দুদিনীয়াকৈ অনুষ্ঠিত প্রদর্শনীত ৫০ টাতকৈও অধিক স্টল স্থাপন কৰা হৈছে। ফেশ্বন আৰু জীৱনশৈলীৰ পৰিৱৰ্তনশীল প্ৰৱণতা উপকৃত কৰাৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰখ্যাত ডিজাইনাৰৰ পোছাক, জুৱেলাৰী, গৃহ সজ্জাৰ সামগ্ৰী, পোছাক, আনুষঙ্গিক সামগ্ৰী আৰু অন্যান্য উসৱৰ সামগ্ৰী উপলব্ধ কৰা হৈছে। সমগ্ৰ দেশৰ প্রিমিয়াম ব্ৰেণ্ডৰ সৈতে ফেশ্বনৰ স্থানীয় সোৱাদৰ কথা মনত ৰাখি ব্ৰেণ্ডবোৰ বাছনি কৰা হয়। তেওঁ লগতে কয় যে আমি সদায় স্থানীয় ডিজাইনাৰ, অলংকাৰ আৰু ফেশ্বনৰ আনুষঙ্গিক সামগ্ৰীসমূহক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰি উসাহিত কৰি আহিছো। তেওঁ আৰু কয় যে 'প্রাথমিকভাৱে মহিলাসকলৰ বাবে কাম কৰা বহুতো বেচৰকাৰী সংগঠনে আমাৰ জৰিয়তে লাভান্বিত হৈছে। তেওঁ বিশ্বাস কৰে যে বিঅ আই কেৱল বজাৰ কৰাৰ ঠাই নহয় কিন্তু বহুতো ক্ষুদ্র উদীয়মান উদ্যোগীৰ বাবে এটা ব্যৱসায়িক মঞ্চ যিয়ে জীৱনত কিবা ডাঙৰ কৰাৰ সপোন দেখে। দুদিনীয়া অনুষ্ঠানটোত বিনামূলীয়া প্ৰৱেশ থাকিব আৰু সকলোৰে বাবে মুকলি থাকিব দিয়ে ক্রেতাসকলক তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ এটা ভাল সুযোগ প্ৰদান কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here