হৰে কৃষ্ণ মন্দিৰ, উত্তৰ-গুৱাহাটী উদ্যোগত ১২ সংখ্যক বার্ষিক শ্রী শ্রী জগন্নাথ ৰথযাত্রা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 25 June 2025

হৰে কৃষ্ণ মন্দিৰ, উত্তৰ-গুৱাহাটী উদ্যোগত ১২ সংখ্যক বার্ষিক শ্রী শ্রী জগন্নাথ ৰথযাত্রা

 



W7s news গুৱাহাটী:  হৰে কৃষ্ণ মন্দিৰ, উত্তৰ-গুৱাহাটী উদ্যোগত ১২ সংখ‍্যক বার্ষিক শ্রী শ্রী জগন্নাথ ৰথযাত্রাৰ আয়োজন কৰা হৈছে। বুধবাৰে হৰে কৃষ্ণ মন্দিৰ, উত্তৰ-গুৱাহাটী উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে-হৰেকৃষ্ণ মন্দিৰৰ উপ-সভাপতি বিজয় পণ্ডিত দাসে। তেওঁ লগতে কয়- এইবাৰ শ্রী শ্রী জগন্নাথ ৰথযাত্রা উৎ সর ২৭ জুনত সন্ধিয়া ৪ বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু নিশা ৮ বজাত সামৰণি পৰিব।এই পৱিত্র ৰথযাত্ৰা আৰম্ভ হ'ব বংশৰৰ দূর্গ মন্দিৰৰ পৰা আৰু সমাপ্ত হ'ব  বাথানৰ গৰখীয়া সত্রত (শুৱালকুছি আৰক্ষী থানাৰ সম্মুখত, কামৰূপ জিলাত)শ্রী জগন্নাথ ৰথযাত্রা, হৈছে ভগৱান জগন্নাথৰ তেওঁৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী শুভদ্রাৰ সৈতে ৰথত গমন কৰাৰ এক প্রাচীন আৰু পবিত্ৰ পৰম্পৰা। ই বিশ্বজুৰি লক্ষ লক্ষ ভক্তৰ দ্বাৰা পূজিত আৰু মানা হয় - এই উৎসৱ হৈছে প্রেম, ভক্তি আৰু সমাজিক ঐক‍্যৰ প্রতীক।আমি সকলো ধর্ম, জাতি আৰু সম্প্ৰদায়ৰ লোকক, যি কোনো পটভূমিৰ হওঁক-আহ্বান জনাইছো এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ। এই উৎসৱত কীৰ্তন আৰু হৰিনাম সংকীর্তন,পৰম্পৰাগত নৃত্য আৰু সংগীত আৰু সমগ্ৰ যাত্ৰাত  জগন্নাথ প্ৰভূত ৰ মহাপ্ৰসাদক বিতৰণ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ইস্কন বাংগালুৰুৰ স্তোক কৃষ্ণ মহাৰাজ,সন্মানীয় অতিথি হিচাপে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ননী গোপাল মহন্ত, জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ উপস্থিত থাকিব। এইবাৰ ৬-৭ হাজাৰ ভক্তৰ সমাগম হ'ব বুলি আশা কৰা হৈছে।তদুপৰি আমি দহ হাজাৰ ভক্তৰ বাবে প্ৰসাদৰ ব্যৱস্থা কৰিছোঁ। 'সংবাদ মেলত মন্দিৰৰ সভাপতি জনাৰ্দন দাস, মন্দিৰৰ ভক্ত মহাসুন্দৰ দাস উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here