গুৱাহাটীত বলিউদৰ মোহময়ী অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 31 May 2025

গুৱাহাটীত বলিউদৰ মোহময়ী অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰ

 



মা কামাখ্যাৰ আশিষ ললে উৰ্মিলাই



সপৰিয়ালে আকৌ আহিব 'মা কামাখ্যা' ৰ দৰ্শন কৰিবলৈ 


গুৱাহাটীৰ সৌন্দৰ্য দেখি অভিভুত উৰ্মিলা মাটোণ্ডকাৰ


W7s news গুৱাহাটী : গুৱাহাটীত প্ৰথমবাৰৰ বাবে উপস্থিত হ'ল বলিউদৰ মোহময়ী অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰ। গুৱাহাটীৰ সৌন্দৰ্য  আৰু উন্নয়ন দেখি 

প্ৰসংশাৰে উপচাই পেলালে 

উৰ্মিলা মাটোণ্ডকাৰে। গুৱাহাটীলৈ শুকুৰবাৰে আহি তেওঁ প্ৰতিকূল বতৰৰ বাবে গুৱাহাটীতে নিশা কটাবলগীয়া হয়। তেওঁ শণিবাৰে পুৱাৰ ভাগত  মা কামাখ্যা মন্দিৰ দৰ্শন কৰি গুৱাহাটীৰ  উলুবাৰীৰ কছাৰী বস্তিৰ ফ'ফৰ্ট কমপ্লেক্সৰ পঞ্চম মহলাত ছ'ল এষ্টেটিক্স এণ্ড একাডেমীৰ  অত্যাধুনিক এষ্টেটিক্স এণ্ড ৱেলনেছ ক্লিনিক  মুকলি কৰে। এই ক্লিনিকখন  মুকলি কৰি তেওঁ সংবাদ মাধ্যমক কয় যে- মই প্ৰথম বাৰৰ বাবে গুৱাহাটীলৈ আহিছো । বহুদিনৰ পৰা গুৱাহাটীলৈ আহিবলৈ  আগ্ৰহী  হৈ আছিলো । কিন্তু মই এনেকুৱা এটা দিনত গুৱাহাটীলৈ আহিছো যিদিনা ধাৰাষাৰ বৰষুণ আছিল ।  প্ৰতিকুল বতৰৰ বাবে অলপ ভয় খাইছিলো কি হ'ব বুলি । শুনিছিলো যে কামাখ্যাত ভূমিস্খলন হৈ আছে । সকলোবোৰ মাৰ ওপৰত এৰি শনিবাৰে পুৱাই মা কামাখ্যা মন্দিৰ বৰ সুন্দৰকৈ দৰ্শন কৰো । দৰ্শন কৰি প্ৰশান্তি লাভ কৰিলোঁ বৰ ভাল অভিজ্ঞতা লাভ কৰিলোঁ। মন্দিৰৰ আধ্যাত্মিক পৰিৱেশটো খুব ভাল লাগিল।

মা কামাখ্যা ই মাতিলে সপৰিয়ালে মন্দিৰ দৰ্শন কৰিবলৈ পুনৰ আহিম ।এয়া এটা কাৰণ হ'ব যাৰ বাবে মই  আৰু গুৱাহাটীলৈ আহিব বিচাৰিম। তদুপৰি ক্লিনিকখন  উদ্বোধনী কৰিব আহিছো । এদিন গ্ৰাহক হৈ আহিম।  মই গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলৰ পৰা আহি থাকোতে গুৱাহাটীৰ ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য দেখিলো যে আগন্তুক দিনত গুৱাহাটীখন আৰু ধুনীয়া হৈ উঠিব এয়া অপেক্ষা থাকিব মোৰ। তেওঁৰ ফিটনেছ টিপ্ ছ কি বুলি সাংবাদিকে সোধাত প্ৰশ্নৰ উত্তৰত তেওঁ কয় , " ফিটনেছৰ মন্ত্ৰ নাই । ফিটনেছক লাইফ ষ্টাইল বনাব লাগে । ভাল খাদ্য খাওক , ভাল কথা ভাৱক আৰু ভাল কথা কওক । তেতিয়া মানুহ সদায় সুস্থ হৈ থাকিব। এই অনুষ্ঠানত 

উদ্যোগী বিকাশ আগৰৱালা আৰু  বিশেষজ্ঞ ড° নম্ৰতা আগৰৱালাৰ লগতে আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

হিন্দী ছবিৰ উপৰিও  মাটোণ্ডকাৰে তেলেগু, মালয়ালম, মাৰাঠী আৰু তামিল ছবিত অভিনয় কৰিছে। তেওঁ ফিল্মফেয়াৰ আৰু নন্দী বঁটাকে ধৰি বহু বঁটা-বাহন লাভ কৰিছে। পৰ্দাত এক স্বকীয় ব্যক্তিত্ব প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকী তেওঁৰ নৃত্য দক্ষতাৰ বাবেও বিশেষভাৱে পৰিচিত। ৰংগিলা (১৯৯৫), ড্ৰামা ছবি জুদাই (১৯৯৭), অপৰাধমূলক ছবি সত্য (১৯৯৮), ৰোমান্টিক কমেডী খুবছুৰত (১৯৯৯), আৰু থ্ৰিলাৰ জংগল (২০০০) আদিৰ জৰিয়তে নিজকে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা কৰে। তেওঁ এন্থাম (১৯৯২), গায়ম (১৯৯৩),ইণ্ডিয়ান (১৯৯৬) আৰু অনাগানাগা ওকা ৰোজুত (১৯৯৭) অভিনয় কৰি তেলেগু আৰু তামিল চলচ্চিত্ৰতো সফলতা লাভ কৰে। চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও তেওঁ বহুতো মানৱীয় কামৰ সৈতে জড়িত। মহিলা আৰু শিশুৱে সন্মুখীন হোৱা সমস্যাৰ বিষয়েও তেওঁ সৰব।

১৯৭৭ চনৰ ছবি কৰ্মত শিশুশিল্পী ৰূপে অভিষেক ঘটাৰ পিছত মাটোণ্ডকাৰে মাছুম (১৯৮৩) ছবিৰে ব্যাপক স্বীকৃতি লাভ কৰে।

উল্লেখ‍্য, অভিনয়ৰ লগতে ৰাজনীতিতো প্ৰৱেশ কৰিছিল উৰ্মিলা মাটোণ্ডকাৰে। উল্লেখ‍্য , বলিউডৰ মনোমহা অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰক গুৱাহাটী মহানগৰীত প্ৰথম বাৰৰ বাবে দেখি তেওঁৰ অনুৰাগীসকল উৎফুল্ল হৈ পৰে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here