গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত আর্কিটেকচাৰ মেলা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 31 May 2025

গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰত আর্কিটেকচাৰ মেলা

 


W7s news গুৱাহাটী:   বিল্ডিং আর্কিটেকচার, ইন্টেৰিঅ'ৰ আৰু কনষ্ট্রাকশনৰ ক্ষেত্রখনৰ উত্তৰ পূর্ব ভাৰতৰ সর্ববৃহৎ মঞ্চ বি এ আই চিৰ উদ্যোগত এখন কর্মশালা, বৃহৎ প্রদর্শনীমূলক মেলা  ১২-১৪ ছেপ্টেম্বৰলৈ গুৱাহাটী মণিৰাম দেবান ট্রেড চেণ্টাৰত আয়োজন কৰা হৈছে। য'ত আর্কিটেকচাৰ সম্মিলন, আলোচনাচক্র, কর্মশালা অনুষ্ঠিত হ'ব আৰু দেশৰ আগশাৰীৰ আর্কিটেকচাৰ ইন্টেনিয়াৰ ডিজাইনৰ শিক্ষাবিদ, বুদ্ধিজীবী, ইনফ্লুৱেন্সাৰ, ব্লগাৰ আদিয়ে অংশগ্রহণ কৰিব। শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ইভেন্টটোৰ মুখ্য উদ্যোক্তা, পৰিচালক তথা আর্কিটেক মিলি সিনহাই। সংবাদ মেলত-বি এ আই চিৰ প্ৰতিষ্ঠাপক

আর্কিটেক নেহা মালহোট্রাই ইভেন্টটোৰ প্রসংগত কয় যে- আমি উত্তৰ-পূবৰ ৰাইজৰ পৰা ব্যাপক সঁহাৰি পাইছো। এই ইভেন্টৰ দ্বাৰা নতুন প্রজন্মক বিল্ডিং, আর্কিটেকচাৰ, ইন্টেৰিঅ'ৰ আৰু কনস্ট্রাকশন জগতত এখন মঞ্চ দিব বিচাৰিছো। আর্কিটেকচাৰ ইন্ডাস্ট্রিটোত নৱপ্ৰজন্মৰ আর্কিটেকচাৰসকলে প্রতিযোগিতাৰ দৌৰত কেনে ধৰণৰ সমস্যাৰ সম্মুখীন হৈছেবা তেওঁলোকে কি কি নতুন প্রযুক্তি পদ্ধতিৰে গৃহ নির্মাণ, গৃহ নক্সা বা ঘৰৰ ডেকৰেশ্যন কৰিছে তাক প্রতিফলিত কৰিব পাৰিব।

স্থাপত্য প্রযুক্তিৰ মেলাত ন ন প্রযুক্তিৰে নির্মিত বিভিন্ন সৃজনীশীল আহিলা, ভৱনৰ বাহ্যিক আব্ৰু আভ্যন্তৰীণ ডিজাইন, নক্সা, শিল্প-বিজ্ঞান, ইন্টেৰিঅ'ৰ ডেকৰেশ্যন, নান্দনিকতা, সৰঞ্জাম, ফার্ণিচাৰ-আচবাব, লাইট, গৃহসজ্জাৰ সামগ্ৰী আদিৰ শেহতীয়া। ট্রেন্ডসমূহৰ কালেকশ্যন প্রদর্শিত হ'ব।ইভেন্টটোৰ সম্মিলনৰ পেনেল আলোচনাত গৃহ নির্মাণ প্রযুক্তিৰ ন ন উদ্ভাবনীমূলক পদ্ধতি, পৰিৱেশ ভাৰসাম্য ৰক্ষা, উত্তৰ-পূবৰ সভ্যতা-সংস্কৃতিৰ সমল, পৰীক্ষামূলক স্থাপত্যৰ প্ৰণালী, গৃহসজ্জাৰ কৌশল, পেটেন্ট, প্রডাক্ত, প্রয়োজনীয় আর্হি, বিজ্ঞানসন্মত প্রস্তুত কৌশল আদিয়ে স্থান লাভ কৰিব।' সংবাদ মেলত বিল্ডাৰ এছ'চিয়েশান অৱ ইণ্ডিয়াৰ (বি এ আই) আছাম চেণ্টাৰৰ সভাপতি ৰূপেশ খাখলিয়া, জ্যেষ্ঠ স্থপতিবিদ দেৱাশীষ চক্ৰৱৰ্তী,  জনপ্রিয় অভিনেত্রী নিশিতা গোস্বামী 

কেইবাজনো বিশিষ্ট আর্কিটেক, ডিজাইনাৰ, ৰিয়েল ইষ্টেটৰ উন্নয়ন বিষয়া, ব্যবসায়ী উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here