ক’ল্ডপ্লেৰ আহমেদাবাদ কনচাৰ্টে সৃষ্টি কৰিছে ৬৪১ কোটি টকাৰ অৰ্থনৈতিক প্ৰভাৱ: ই ৱাই-পাৰ্থেনন আৰু বুকমাইশ্ব’ লাইভৰ প্ৰতিবেদনত প্ৰকাশ - গুৱাহাটী হ’ব নেকি পৰৱৰ্তী আকৰ্ষণৰ কেন্দ্ৰ? - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday, 5 May 2025

ক’ল্ডপ্লেৰ আহমেদাবাদ কনচাৰ্টে সৃষ্টি কৰিছে ৬৪১ কোটি টকাৰ অৰ্থনৈতিক প্ৰভাৱ: ই ৱাই-পাৰ্থেনন আৰু বুকমাইশ্ব’ লাইভৰ প্ৰতিবেদনত প্ৰকাশ - গুৱাহাটী হ’ব নেকি পৰৱৰ্তী আকৰ্ষণৰ কেন্দ্ৰ?

 


W7s news,,শীৰ্ষ কৌশল পৰামৰ্শদাতা সংস্থা ই ৱাই-পাৰ্থেনন (ই ৱাই- পি) আৰু ভাৰতৰ প্ৰধান বিনোদন কেন্দ্ৰ বুকমাইশ্ব’ৰ লাইভ বিনোদন শাখা বুকমাইশ্ব’ লাইভে প্ৰকাশ কৰিছে ‘ইণ্ডিয়া’জ ৰাইজিং কনচাৰ্ট ইক’নমিঃ ক’ল্ডপ্লে’ছ আহমেদাবাদ ট্যু’ৰ চেটছ দ্য ব্লুপ্ৰিণ্ট ফৰ ইণ্ডিয়া’জ নেক্সট কালচাৰেল বুমটাউনছ’ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদন। উল্লেখ্য যে, এই প্ৰতিবেদনত আহমেদাবাদত অনুষ্ঠিত হৈ যোৱা বুকমাইশ্ব’ লাইভৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত ভাৰতৰ সৰ্ববৃহৎ লাইভ বিনোদন অনুষ্ঠান- ক’ল্ডপ্লেৰ দুটা নিশাৰ ‘মিউজিক অৱ দ্য স্ফিয়াৰ্ছ’ কনচাৰ্টৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱ বিশ্লেষণ কৰা হৈছে। মন কৰিবলগীয়া যে, এই প্ৰতিবেদনত ভাৰতৰ অন্যান্য চহৰ, চৰকাৰ আৰু কৰ্তৃপক্ষই পৰ্যটনক প্ৰসাৰিত, উন্নত আন্তঃগাঁথনি নিৰ্মাণ আৰু অৰ্থনীতি বৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ বাবে এক পৰিমাপযোগ্য মডেল উপস্থাপন কৰা হৈছে।


বুকমাইশ্ব’ৰ বাৰ্ষিক বিনোদন গ্ৰহণ প্ৰতিবেদন থ্ৰ’বেক ২০২৪ অনুসৰি, দেশজুৰি বিনোদনৰ সুযোগৰ সম্প্ৰসাৰণৰ ইংগিত প্ৰদান কৰি গুৱাহাটীকে ধৰি অন্যান্য ২য় স্তৰৰ চহৰত লাইভ অনুষ্ঠানৰ সংখ্যা ৬৮২% বৃদ্ধি পাইছে। এই প্ৰতিবেদনে দেশজুৰি মনোৰঞ্জনৰ ক্ষেত্ৰখনত বৰ্ধিত গতিত হোৱা গণতান্ত্ৰিকীকৰণৰ এক সংকেত বহন কৰিছে। একে সময়তে, গুৱাহাটীৰ সমৃদ্ধ সংগীত সংস্কৃতিয়ে ইয়াক লাইভ বিনোদনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here