আই আই আৰ এফ ২০২৫ত শৈক্ষিক উৎকৰ্ষ শাখাত অসমৰ ভিতৰত প্ৰথম আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ২৭ সংখ্যক স্থান লাভ গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday, 18 May 2025

আই আই আৰ এফ ২০২৫ত শৈক্ষিক উৎকৰ্ষ শাখাত অসমৰ ভিতৰত প্ৰথম আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ২৭ সংখ্যক স্থান লাভ গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ


 

W7s news,গুৱাহাটী, ১৭ মে', ২০২৫: গুৱাহাটীৰ কাহিলীপাৰাস্থিত মডাৰ্ণ ইংলিছ স্কুলে ১০+২ বিদ্যালয় শাখাত শ্ৰেষ্ঠ শৈক্ষিক প্ৰদৰ্শনৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক (আই আই আৰ এফ) ২০২৫ত অসমৰ ভিতৰতে শীৰ্ষস্থান আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ২৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হয়। এই সন্মানীয় স্বীকৃতিয়ে নিৰন্তৰ শৈক্ষিক উৎকৰ্ষতা আৰু ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ প্ৰতি মডাৰ্ণ ইংলিছ স্কুলৰ দায়বদ্ধতাক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।


উল্লেখ্য যে, ভাৰতৰ অন্যতম বিশ্বাসযোগ্য আৰু তথ্য-চালিত মূল্যায়ন মঞ্চ আই আই আৰ এফে শৈক্ষিক ফলাফল, শিক্ষকৰ মানদণ্ড, আন্তঃগাঁথনি, ছাত্ৰ-ছাত্ৰীৰ বিকাশ, আৰু সহ-পাঠ্যক্ৰমৰ কাৰ্য্যকলাপ আদি মূল দিশসমূহৰ ওপৰত শিক্ষানুষ্ঠানসমূহৰ মূল্যায়ন কৰে। সমগ্ৰ দেশৰ হাজাৰ হাজাৰ প্ৰতিষ্ঠানৰ ভিতৰত মডাৰ্ণ ইংলিছ স্কুলে অনুশলীত শৈক্ষিক মান আৰু মূল্যবোধ ভিত্তিক শিক্ষাৰ এক উজ্জ্বল আৰ্হি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।


অধ্যক্ষা জোনালী দাসে কয়, “এই কৃতিত্ব আমাৰ সপোন আৰু দৃষ্টিভংগীৰ প্ৰতিফলন, যাৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীৰ চিন্তাৰ স্বাধীনতা, গভীৰ অনুভূতি আৰু সম্ভাৱনাৰ সৰ্বোচ্চ বিকাশৰ পথ দেখুৱাব বিচৰা শিক্ষানুষ্ঠান গঢ়ি তুলিব বিচাৰিছিলো। ভাৰতত এই সংস্কৃতি গঢ়ি তোলাৰ বাবে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ সামূহিক প্ৰচেষ্টা অসাধাৰণ। আমাৰ লক্ষ্য হৈছে কেৱল শৈক্ষিক উৎকৰ্ষতাৰে নহয় ব্যক্তিগত বিকাশৰ এক স্থায়ী মেৰুকৰণ সৃষ্টি কৰা। আমি প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ অনন্য প্ৰতিভাক উদ্ভাসিত কৰি তেওঁলোকৰ শ্ৰেষ্ঠ সংস্কৰণ কৰিব বিচাৰো। আমি অসমৰ শিক্ষা খণ্ডত আগভাগ লোৱাৰ বাবে আৰু ভাৰতৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন হিচাপে বিবেচিত হোৱাৰ বাবে গৌৰৱাম্বিত, আমাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে একেলগে এনে এক সংস্কৃতিৰ সৃষ্টি কৰিছে, যিয়ে কেৱল নম্বৰৰ বাহিৰেও দায়িত্ব, সৃষ্টিশীলতা আৰু বিশ্বব্যাপী প্ৰস্তুতিক উৎসাহিত কৰে।”


এই সন্মানীয় ৰেংকিঙৰ উপৰিও মডাৰ্ণ ইংলিছ স্কুলে সামগ্ৰিকভাৱে ৫ম স্থান দখল কৰি গুৱাহাটীত নিজৰ নেতৃত্ব বজাই ৰাখিবলৈ সক্ষম হৈছে। যি সময়ত শিক্ষা পাঠ্যপুথিৰ ভিতৰতে আবদ্ধ হৈ নাথাকি বাস্তৱ জীৱনৰ বাবে প্ৰস্তুতি হৈ পৰিছে, সেই সময়ত মডাৰ্ণ ইংলিছ স্কুলে নেতৃত্ব, উদ্ভাৱন, নৈতিকতা, আৰু আৱেগিক বুদ্ধিমত্তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক সংহত শিক্ষা ব্যৱস্থা গঢ়ি তুলিছে।


আই আই আৰ এফ ২০২৫ৰ এই স্বীকৃতিয়ে মডাৰ্ণ ইংলিছ স্কুলক দেশৰ শিক্ষা খণ্ডত এক শক্তিশালী স্থানত অধিষ্ঠিত কৰিছে আৰু সততা আৰু প্ৰভাৱশালীতাৰে নেতৃত্ব দিব বিচৰাসকলৰ বাবে এক মাপকাঠী স্থাপন কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here