জি এছ ৰোডৰ নভোটেল গুৱাহাটীলৈ আতিথ্য আৰু অতিথি অভিজ্ঞতাৰ ক্ষেত্ৰত অনন্য সফলতাৰ স্বীকৃতি স্বৰূপে 'নেচনেল প্ৰাইড এচিভাৰ্ছ এৱাৰ্ড ২০২৫’ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday, 17 May 2025

জি এছ ৰোডৰ নভোটেল গুৱাহাটীলৈ আতিথ্য আৰু অতিথি অভিজ্ঞতাৰ ক্ষেত্ৰত অনন্য সফলতাৰ স্বীকৃতি স্বৰূপে 'নেচনেল প্ৰাইড এচিভাৰ্ছ এৱাৰ্ড ২০২৫’


 


W7s news,,গুৱাহাটী, ১৫ মে’, ২০২৫: অসমৰ আতিথ্য উদ্যোগত এতিয়া দেখা গৈছে উন্নয়নৰ জোৱাৰ। শেহতীয়াকৈ অনুষ্ঠিত হোৱা ‘এডভান্টেজ আছাম ২০২৫’ৰ পিছতে ৰাজ্যৰ আতিথ্য আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে আগ্ৰহী হৈ পৰিছে কেইবাটাও আগশাৰীৰ কোম্পানী। এনে পৰিপ্ৰেক্ষিতত অসমৰ আতিথ্য খণ্ডৰ এক গৌৰৱ আৰু স্মৰণীয় মুহূৰ্ত হিচাপে আতিথ্য আৰু অতিথি অভিজ্ঞতা উৎকৰ্ষতা (২০২৪-২৫)  শাখাত ২০২৫ বৰ্ষৰ ‘নেচনেল প্ৰাইড এচিভাৰ্ছ এৱাৰ্ড’ বঁটাৰে সন্মানিত কৰা হয় গুৱাহাটীৰ জি এছ ৰোডস্থিত নভোটেল গুৱাহাটীক। মহানগৰীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বিভিন্ন ক্ষেত্ৰত অসাধাৰণ কৃতিত্ব আৰু সফলতাক উদযাপনৰ এই বৰ্ণিল অনুষ্ঠানটোত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তাৰকা।

উল্লেখ্য যে, নেচনেল প্ৰাইড এচিভাৰ্ছ এৱাৰ্ডৰ নৱম সংস্কৰণটো সড়ক প্ৰডাকচন আৰু স্পটলাইট গ্ল’বেল প্ৰডাকচনৰ উদ্যোগত অনুষ্ঠিত হয় । দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান ব্যক্তিসকলক এটা সন্ধ্যাৰ বাবে একত্ৰিত কৰি তেওঁলোকৰ উদ্ভাৱনী মানসিকতা, দায়বদ্ধতা আৰু সমাজত অনা ইতিবাচক পৰিৱৰ্তনৰ বাবে এই অনুষ্ঠানৰ জৰিয়তে সন্মান জনোৱা হয়। এই অনুষ্ঠানতে হোটেলখনৰ অতিথি সন্তুষ্টি, আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ আৰু ব্যক্তিগতকৃত সেৱাৰ প্ৰতি অদম্য দায়বদ্ধতাৰ স্বীকৃতি হিচাপে জি এছ ৰোডৰ নভোটেল গুৱাহাটীক প্ৰদান কৰা হয় নেচনেল প্ৰাইড এচিভাৰ্ছ এৱাৰ্ড ২০২৫।

এই সন্দৰ্ভত মত ব্যক্ত কৰি জি এছ ৰোডৰ নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, ‘এই বঁটা আমাৰ ধাৰাবাহিক কঠোৰ পৰিশ্ৰম আৰু মানদণ্ডৰ এক মূল্যবান স্বীকৃতি। এটা দ্ৰুতগতিত পৰিৱৰ্তিত আতিথ্যৰ পৰিৱেশত, য’ত অতিথিৰ আশা অধিক সূক্ষ্ম আৰু অভিজ্ঞতাভিত্তিক হৈ পৰিছে, আমি উত্তৰ-পূব ভাৰতৰ প্ৰেক্ষাপটত আতিথ্যৰ প্ৰকৃত অৰ্থ পুনৰ সংজ্ঞায়িত কৰাত মনোনিৱেশ কৰিছো। সুন্দৰ সেৱা, কৰুণাপূৰ্ণ ব্যৱস্থাপনা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ যিয়ে অতিথিৰ অভিজ্ঞতা বৃদ্ধি কৰে– এই দৃষ্টিভংগীয়েই আমাৰ অগ্ৰগতিৰ চাবিকাঠি। মই এই সন্মান মোৰ সমগ্ৰ দলটোক উৎসৰ্গা কৰিছো, যাৰ অক্লান্ত প্ৰচেষ্টাই আজি নভোটেলক এই উচ্চতাত উপনীত কৰাইছে।”

স্থানীয় সোৱাদৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আৰামৰ সংমিশ্ৰণ ঘটাই আজি গুৱাহাটীৰ অন্যতম আগশাৰীৰ আতিথ্য স্থান হিচাপে আত্মপ্ৰকাশ কৰিছে নভোটেল গুৱাহাটীয়ে। ব্যৱসায়িক আৰু অৱসৰ বিনোদনৰ বাবে হোটেলখনৰ অটল গুণগত মান আৰু নিৰ্ভৰযোগ্যতা আজি চহৰখনৰ এক প্ৰতীক হৈ পৰিছে। এই হোটেলখনৰ অতিথিৰ অভিজ্ঞতাই অৱসৰৰ মুহূৰ্তক জীপাল কৰি তোলাৰ উপৰিও সমগ্ৰ ভ্ৰমণকে স্মৰণীয় কৰি তোলে।

ইফালে, এই বঁটা প্ৰদান সন্ধিয়াটো অধিক আলোকিত কৰি তোলে বলীউড আৰু টলিউডৰ তাৰকা স্নেহা উল্লাল আৰু ৰাহুল ৰয়ৰ উপস্থিতিয়ে। অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত বিশেষ কৃতিত্ব অৰ্জন কৰা সকলক সম্বৰ্ধনা জনোৱা হয়। একে সময়তে স্পটলাইট ফেশ্বন উইক অনুষ্ঠিত কৰা হয়, যাৰ ফলত সমগ্ৰ পৰিৱেশটো অধিক উজ্জ্বল আৰু আকৰ্ষণীয় হৈ পৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ দৃষ্টি আকৰ্ষণ কৰে।

অন্যহাতে, এই সন্মান জি এছ ৰোডৰ নভোটেল গুৱাহাটীৰ বাবে এক গৌৰৱময় মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। ইয়াৰ দ্বাৰা প্ৰিমিয়াম আতিথ্যৰ জগতখনত এই হোটেলখনৰ বিশ্বাসযোগ্যতা প্ৰতিপন্ন হৈছে। প্ৰতিজন অতিথিৰ বাবে বিশেষভাৱে নিৰ্মিত আতিথ্য পেকেজৰ সৈতে নভোটেল গুৱাহাটীয়ে চহৰৰ মাজমজিয়াত অমূল্য আড়ম্বৰতাৰ এক অনন্য সংমিশ্ৰণ আগবঢ়াইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here