গুৱাহাটীত সাঁতোৰৰ প্ৰতিভাৰ সন্ধান কৰিব জৈন গ্ৰুপৰ স্প’ৰ্টছ স্কুলে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 25 April 2025

গুৱাহাটীত সাঁতোৰৰ প্ৰতিভাৰ সন্ধান কৰিব জৈন গ্ৰুপৰ স্প’ৰ্টছ স্কুলে


 

W7s news,,গুৱাহাটী, ২৫ এপ্ৰিল: জৈন গ্ৰুপৰ স্প’ৰ্টছ  স্কুলে গুৱাহাটীত আয়োজন কৰিছে  সন্মানীয় ছুইমিং টেলেণ্ট  হাণ্ট৷ এই প্ৰতিভা  সন্ধানী শিবিৰ অনুষ্ঠিত হ’ব ২৭ এপ্ৰিলত নেহৰু ষ্টেডিয়ামৰ বিমলা  প্ৰসাদ চলিহা ছুইমিং পুলত৷ এই প্ৰতিভা সন্ধানী শিবিৰে পঞ্চম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকললৈ এক সোণালী সুযোগ কঢ়িয়াই  আনিছে৷ লণ্ডন অলিম্পিকত  ভাৰতক  প্ৰতিনিধিত্ব  কৰা সাঁতোৰবিদ আদৱীশ্বাইয়াহ পি গগণ উল্লামথে তেওঁ ব্যক্তিগত অভিজ্ঞতাৰে প্ৰতিভাৰ  সন্ধানত সহায় কৰিব৷ শিবিৰটোত তেওঁ ব্যক্তিগতভাৱে প্ৰতিভাৰ সন্ধান কৰিব৷ এই বয়সত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক চাপৰ কিদৰে সন্মুখীন হয় সেই বিষয়ে তেওঁ লক্ষ্য  ৰাখিব৷ লগতে ষ্টোকছ, ষ্টেমিনা, ধৈৰ্য আদি দিশৰ ওপৰত মনোনিৱেশ কৰিব৷ এই শিবিৰৰ  যোগেদি  উন্নত প্ৰদৰ্শনকাৰী সকলে স্ক’লাৰশ্বিপ লাভৰ সুযোগ পোৱাৰ লগতে স্প’ৰ্টছ  স্কুলত আগশাৰীৰ প্ৰশিক্ষকৰ অধীনত প্ৰশিক্ষণ  গ্ৰহণৰ সুযোগ পাব৷ স্প’ৰ্টছ স্কুলৰ এজন মুখপাত্ৰই  কয়–‘প্ৰতিযোগিতাতকৈও অধিক গুৰুত্ব  আছে  এই শিবিৰৰ৷ তৰুণ সাঁতোৰবিদ সকলে এই শিবিৰৰ  যোগেদি অলিম্পিক স্বপ্ন সন্ধানৰ  সুযোগ পাব৷’ শিবিৰৰ বিষয়ে অধিক জানিবলৈ ৮৮৪০৬৫৪০৬১ নম্বৰত যোগাযোগ কৰিব পাৰে৷


🌐 https://thesportsschool.com/talent

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here