W7s news,,গুৱাহাটী, ২২ এপ্ৰিল: টাটা মটৰ্ছে ২০২৫ ৰ ১ মে’ৰ পৰা যাত্ৰীবাহী বাহনৰ দাম বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰিছে। ধাৰাবাহিকভাৱে উৎপাদন ব্যয় বৃদ্ধি পোৱাৰ বাবে টাটা মটৰ্ছে মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। কেঁচামালৰ দাম বৃদ্ধি, যোগান শৃংখলৰ সমস্যা আৰু অন্যান্য অৰ্থনৈতিক কাৰণত এই পদক্ষেপ গ্ৰহণ কৰা বুলি কোম্পানীটোৱে কয়। ইয়াৰ উপৰিও নতুন সুৰক্ষা মানদণ্ড আৰু প্ৰযুক্তি উন্নীতকৰণেও গাড়ীৰ দামত প্ৰভাৱ পেলাইছে।
সেই অনুসৰি টাটা মটৰ্ছে যাত্ৰীবাহী বাহনৰ দাম ৪ শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে জনোৱা মতে নিত্য বৃদ্ধি পোৱা ইনপুট খৰচ আৰু ব্যয়বহুল কেঁচামালৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।
আজি এই সন্দৰ্ভত বশিষ্ঠস্থিত বিমল কাৰ্ছত এখন সংবাদমেল আয়োজন কৰা হয়। সংবাদমেলত ৰিজিঅ'নেল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা,
চিইঅ' আৰিহন্ত সাৰাউগী আৰু জেনেৰেল মেনেজাৰ দীপাংকৰ দাস উপস্থিত থাকে।
No comments:
Post a Comment