মালিগাঁও, ৩০ এপ্রিল, ২০২৫:
এচি/টিএল/গুৱাহাটীৰ জ্যেষ্ঠ খণ্ড অভিযন্তাৰ মেমো মৰ্মে পাৱাৰ কাৰৰ পৰা এইচএছডি তেল চুৰি হোৱা খবৰ লাভ কৰাৰ পিছত গুৱাহাটী ৰেলৱে ষ্টেচনত ট্ৰেন নং. ১২০৬৭ আপ ট্ৰেইনখনত সংলগ্ন জেনেৰেটৰ ব্ৰেক ভেনৰ পৰা হাই-স্পীড ডিজেল (এইচএছডি) তেল চুৰিৰ সন্দৰ্ভত গুৱাহাটীৰ ৰেলৱে সুৰক্ষা বাহিনী (আৰপিএফ)-য়ে ২৯ এপ্ৰিল, ২০২৫ তাৰিখে চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।
তথ্যৰ ভিত্তিত তৎকালীনভাৱে ব্যবস্থা গ্ৰহণ কৰি আৰপিএফৰ বিষয়া আৰু কৰ্মচাৰীয়ে দ্ৰুত তালাচী অভিযান চলায়। তেওঁলোকৰ এই প্ৰচেষ্টাৰ ফলত চাৰিজন দোষীক সফলতাৰে আটক কৰাৰ লগতে ১০ লিটাৰ চুৰি এইচএছডি তেল উদ্ধাৰ কৰা হয়।
ঘটনা সন্দৰ্ভত ৰেলৱে সম্পত্তি (অবৈধ দখল) আইনৰ ধাৰা ৩(ক) আৰু ৰেলৱে আইনৰ ১৫৪ আৰু ১৬৪ নং. ধাৰাৰ অধীনত গোচৰ নং. ০৭/২৫, তাৰিখ ২৯.০৪.২০২৫ ৰুজু কৰা হৈছে।
আটকাধীন ব্যক্তিকেইজনক গুৱাহাটীৰ মাননীয় বিশেষ ৰেলৱে দণ্ডাধীশ (এছআৰএম)ৰ ওচৰত হাজিৰ কৰা হয় আৰু আৰপিএফ/গুৱাহাটীৰ তদন্তকাৰী বিষয়া (ই.অ’.)ৰ অনুৰোধত তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। চাৰিওজন অভিযুক্তকে গুৱাহাটীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।
সাম্প্ৰতিক ঘটনাৰ উপৰিও, ৰেলৱে সুৰক্ষা বাহিনীয়ে অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে, যাৰ ফলত মাৰ্চ মাহৰ ভিতৰত ১৯টা চোৰক গ্ৰেপ্তাৰ কৰা হৈছে। এপ্ৰিল মাহতো তেওঁলোকে একেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ ফলত বৰ্তমানৰ তাৰিখলৈকে আৰু ২২ জন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰপিএফে ৰেলৱেৰ সম্পত্তিৰ সুৰক্ষা আৰু সমগ্ৰ জ’নটোত ৰেল চলাচলত সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে নিজকে পুনৰ প্ৰতিশ্ৰুতিবদ্ধ কৰিছে
No comments:
Post a Comment