গোৱালপাৰা ইথানল কাৰখানাত এছ ই এ এছ বায়োটেক প্ৰাইভেট লিমিটেডৰ নতুন প্ৰশাসনিক ভৱন উদ্বোধন উপায়ুক্তৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 30 April 2025

গোৱালপাৰা ইথানল কাৰখানাত এছ ই এ এছ বায়োটেক প্ৰাইভেট লিমিটেডৰ নতুন প্ৰশাসনিক ভৱন উদ্বোধন উপায়ুক্তৰ


 

W7s news,,গোৱালপাৰা,৩০ এপ্ৰিলঃ  ইথানল উৎপাদনৰ এক আগশাৰীৰ প্ৰতিষ্ঠান এছ ই এ এছ বায়োটেক প্ৰাইভেট লিমিটেডে মাটিয়াৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰত অৱস্থিত গোৱালপাৰা ইথানল কাৰখানাত এটা নতুন প্ৰশাসনিক ভৱন উদ্বোধন কৰে। উক্ত উদ্বোধনী অনুষ্ঠানত গোৱালপাৰাৰ উপায়ুক্ত খানিন্দ্ৰ চৌধুৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বন বিভাগ, স্থানীয় প্ৰশাসন, উদ্যোগ আৰু শিক্ষানুষ্ঠানৰ বিশিষ্ট ব্যক্তিসকল সন্মানীয় অতিথি হিচাপে  উপস্থিত থাকে।

গোৱালপাৰাৰ উপায়ুক্ত  খানিন্দ্ৰ চৌধুৰীয়ে বৃক্ষ ৰোপন কৰি আনুষ্ঠানিকভাৱে ভৱনটো উদ্বোধন কৰে আৰু স্থিৰতা আৰু কোম্পানীৰ প্ৰতিশ্ৰুতি অনুসৰি অভিযানৰ শুভাৰম্ভ কৰে।মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱা এছ ই এ এছ বায়োটেকৰ মুখ্য প্ৰকল্পটো সফলতাৰে আৰম্ভ কৰাৰ পিছত এতিয়া দৈনিক ১৪০ কিলো লিটাৰ কে এল পি ডি   ইথানলৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে।এই প্ৰকল্পটোত  ২০০ ৰো অধিক প্ৰত্যক্ষ আৰু ১০০জন পৰোক্ষ কৰ্মচাৰী নিয়োজিত হৈ আছে, যাৰ ফলত অসমৰ ঔদ্যোগিক খণ্ড আৰু অধিক শক্তিশালী হৈছে।

এছ ই এছ ই এছ বায়োটেক প্ৰাইভেট লিমিটেডৰ সঞ্চালক সমৰ্থ হৰলালকাই এই সন্দৰ্ভত কয় যে আমাৰ দলৰ মাজত বিশ্বমানৰ কৰ্ম পৰিৱেশ গঢ়ি তোলাৰ এক পদক্ষেপ হিচাপে এই প্ৰশাসনিক ভৱনটো নিৰ্মাণ কৰা হৈছে। শক্তিশালী অন্ত: গাঁথনিয়ে কৰ্মক্ষেত্ৰত উদ্ভাৱন আৰু বিকাশৰ দিশত সকলোকে উৎসাহিত কৰিব।

তেওঁ লগতে অসমত যি এক উদ্যোগিক পৰিবেশৰ সৃষ্টি কৰিছে তাৰ বাবে অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী ড০হিমান্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।কাৰ্বন-ঋণাত্মক কাৰ্যকলাপৰ বাবে সম্পূৰ্ণ পৃথক এছ ই এ এছ বায়োটেকৰ ইথানল। এইটো ভাৰতৰ প্ৰথম যিটো লেম্বিয়ন-থাৰমেক্সৰ পৰা ১০০% বাঁহ-ইন্ধনযুক্ত আৰজি বয়লাৰ স্থাপন কৰা ই হৈছে। আনহাতে এই প্ৰতিষ্ঠানটো স্থানীয় ক্ষুদ্ৰ উৎপাদনকাৰী আৰু স্থানীয় কৃষকক সহযোগিতাৰ জৰিয়তেই গ্ৰাম্য অৰ্থনীতি উন্নত কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে হৰলালকাই।ইয়াৰ চৌদিশে সেউজীয়া পৰিবেশ। এনে পৰিবেশক লৈ আমি আজি গৌৰৱান্বিত।সেউজীয়া গতিশীলতাক পুনৰ সংজ্ঞায়িত কৰা"ৰ এক দৃষ্টিভংগীৰে এছ ই এছ ই এছ বায়োটেক প্ৰাইভেট লিমিটেডে  নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত উদ্ভাৱনৰ পথ প্ৰদৰ্শন অব্যাহত ৰাখিছে, যাৰ ফলত অসম আৰু ইয়াৰ বাহিৰত বহনক্ষম ঔদ্যোগিক বিকাশ হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here