অসমৰ পুথিচিত্ৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 21 March 2025

অসমৰ পুথিচিত্ৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা



W7s news,,২১ মাৰ্চ ২০২৫, নগাঁৱৰ আৰ্ট ভিলেজত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত উত্তৰ পূবৰ ৰাজ্যৰ লগতে উৰিষ্যা, মধ্যপ্ৰদেশ, দিল্লী, ৰাজস্থান, জম্মু, চেন্নাই, ছত্তীছগঢ়, হায়দ্রাবাদ, উত্তৰ প্ৰদেশ, গুৰগাওঁ, হিমাচল প্ৰদেশ, পাঞ্জাৱ, ঝাৰখণ্ড আদি ৰাজ্যৰ প্ৰায় অৰ্দ্ধ শতাধিক বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে অংশগ্রহণ কৰে। নগাঁৱৰ আৰ্ট ভিলেজৰ উদ্যোগত আৰু দিল্লীৰ পাৰ্ল (Pearl) একাডেমী লগতে উত্তৰ পূব হস্তশিল্প আৰু তাত উন্নয়ন নিগমৰ সহযোগত তিনিদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত বিশিষ্ট লোকশিল্পী গোলাপ বৰা, জ্যোতি চিত্রাঙ্কন বিদ্যালয়ৰ সভাপতি দুলাল বৰাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। পিছত আমন্ত্রিত অতিথি সকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। উক্ত অনুষ্ঠানটিৰ আৰম্ভণিতে লোকশিল্পী গোলাপ বৰা দেৱে এটি টোকাৰি গীত পৰিৱেশন কৰে। অসমৰ পুথিচিত্ৰৰ প্ৰশিক্ষক আন্তৰ্জাতিক খ্যাতি সম্পন্ন অসমৰ বিশিষ্ট পুথিচিত্ৰশিল্পী  সুজিত দাসে অসমৰ পুথিচিত্ৰৰ ইতিহাস সম্পর্কে আলোচনা আৰু আলোকচিত্ৰৰ যোগেদি অসমীয়া পুথি চিত্ৰৰ ভিন্ন শৈলী সমূহ, যেনে সত্ৰীয়া, ৰজাঘৰীয়া, লোক শৈলী আৰু তাই শৈলীৰ চিত্র বিষয়ে ছাত্র-ছাত্রী সকলক অৱগত কৰে।   লগতে সাঁচিপাত প্ৰস্তুত কৰণ আৰু হেঙুল- হাইতালেৰে সাঁচিপতীয়া চিত্র প্ৰস্তুত কৰে তাৰ প্ৰশিক্ষণ দিয়ে। উল্লেখযোগ্য যে, প্ৰশিক্ষণ চলি থকা অৱস্থাত উক্ত কৰ্মশালাত মাজতে বিশিষ্ট বাঁহীবাদক পায়েল ঘোষে বাঁহী পৰিৱেশন কৰি এটি মধুময় বাতাৱৰণৰ সৃষ্টি কৰে৷ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ পুথিচিত্ৰক প্ৰচাৰ প্ৰসাৰ কৰাৰ বাবে আৰ্ট ভিলেজ আৰু এন ই এইচ এইচ ডি ছি (NEHHDC)ৰ এই পদক্ষেপ অতি প্ৰশংসনীয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here